5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰতে কেতিয়াও নিজৰ সিদ্ধান্তত ভেটো প্ৰয়োগ কৰিবলৈ নিদিয়েঃ এছ জয়শংকৰ

দেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে কেতিয়াও নিজৰ সিদ্ধান্তত আনক ভেটো প্ৰয়োগ কৰিবলৈ নিদিয়ে আৰু দেশৰ স্বাৰ্থ আৰু বিশ্ব মংগলৰ বাবে যি উচিত সেয়াই কৰিব যাব।

ভাৰতে কেতিয়াও নিজৰ সিদ্ধান্তত ভেটো প্ৰয়োগ কৰিবলৈ নিদিয়েঃ এছ জয়শংকৰ
এছ জয়শংকৰ
manas-borah
Manas Borah | Updated On: 22 Dec 2024 17:29 PM

ভেটো ক্ষমতা প্ৰয়োগক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে । ইয়াৰ মাজতে ভেটোক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । দেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে কেতিয়াও নিজৰ সিদ্ধান্তত আনক ভেটো প্ৰয়োগ কৰিবলৈ নিদিয়ে আৰু দেশৰ স্বাৰ্থ আৰু বিশ্ব মংগলৰ বাবে যি উচিত সেয়াই কৰিব যাব। লগতে বৈদেশিক মন্ত্ৰী জয়শংকৰে কয় যে, ভাৰত আজি এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত থিয় দিছে। উন্নয়নৰ নতুন সম্ভাৱনা সৃষ্টি কৰিছে । অৱশ্যে কিছুমান পুৰণি সমস্যা এতিয়াও আছে, যিবোৰ সমাধানৰ প্ৰয়োজন।

মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি এছ জয়শংকৰে কয় যে, যেতিয়া ভাৰতে বিশ্ব চেতনাৰ সৈতে অধিক গভীৰভাৱে একত্ৰিত হয়, তেতিয়া ইয়াৰ পৰিণতি সঁচাকৈয়ে গভীৰ হয়। তেওঁ কয় যে, অস্বাস্থ্যকৰ পৰিৱেশ, মানসিক চাপৰ জীৱনশৈলী বা সঘনাই জলবায়ুৰ পৰিঘটনাৰ সৈতে যুঁজি থকা এই পৃথিৱীত ভাৰতৰ ঐতিহ্যৰ পৰা বহু কথা শিকিব পৰা যায় । কিন্তু দেশবাসীয়ে গৌৰৱ কৰিলেহে এই কথা বিশ্বই গম পাব৷

জয়শংকৰে কয় যে, বিশ্বায়নৰ যুগত প্ৰযুক্তি আৰু পৰম্পৰা দুয়োটা একেলগে আগবাঢ়ি যাব লাগিব । তেওঁ কয় যে, ভাৰতে নিশ্চয় অগ্ৰগতি লাভ কৰিব । কিন্তু ভাৰতীয় মৰ্যদা নেহেৰুৱাকৈ এই কাম কৰিব লাগিব। তেতিয়াহে দেশনে সঁচা অৰ্থত বহুমেৰু পৃথিৱীত আগশাৰীৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিব।

আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ প্ৰাথমিক দায়িত্ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ। ইয়াৰ ক্ষমতাসমূহৰ ভিতৰত আছে শান্তি ৰক্ষা অভিযানত সহযোগিতা কৰা , আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা বলবৎ কৰা আৰু নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ জৰিয়তে সামৰিক ব্যৱস্থা গ্ৰহণ কৰা। বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভেটো ক্ষমতা আছে।

ভেটো ক্ষমতা মানে যিকোনো সিদ্ধান্তত হস্তক্ষেপ কৰিব পৰা ক্ষমতা। যদি ৫ খন দেশৰ ভিতৰত কোনো এখন দেশে যিকোনো সিদ্ধান্তৰ বিৰোধিতাৰে ভেটো ক্ষমতা ব্যৱহাৰ কৰি সেই সিদ্ধান্ত বাতিল কৰিব পাৰে । ভেটো ক্ষমতা থকা দেশ কেইখন হৈছে-চীন, ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া ।

Latest News