MiG-29 Fighter Jet Crashes : আগ্ৰাত বায়ু সেনাৰ MiG-29 যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত…জপিয়াই প্ৰাণ ৰক্ষা কৰিলে পাইলটে
দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় বায়ু সেনাৰ MiG-29 যুদ্ধ বিমান। সূত্ৰ খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে বিমানখনত জুই লাগে। পাইলটকে ধৰি দুজন লোকে জপিয়াই কথমপি প্ৰাণ ৰক্ষা কৰে বুলি জানিব পৰা গৈছে ।
আগ্ৰাত দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় বায়ু সেনাৰ MiG-29 যুদ্ধ বিমান। সূত্ৰ খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে বিমানখনত জুই লাগে। পাইলটকে ধৰি দুজন লোকে জপিয়াই কথমপি প্ৰাণ ৰক্ষা কৰে বুলি জানিব পৰা গৈছে । কগাৰউল-সোনিগা গাঁৱৰ সমীপৰ খালী পথাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে যুদ্ধ বিমানখন। তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত পাইলট আৰু তেওঁৰ সংগীসকলক উদ্ধাৰ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ কি ?
তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত যুদ্ধ বিমানখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে । অৱশ্যে এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই? বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ কাৰিকৰী বিজুতি নে আন কোনো কাৰণ আছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । জানিব পৰা মতে পঞ্জাৱৰ আদমপুৰৰ পৰা অনুশীলনৰ বাবে আগ্ৰালৈ গৈ আছিল বিমানখন । এই যাত্ৰা কালতে দুৰ্ঘটনাটো সংঘটিত হয়।
উল্লেখ্য যে, আগ্ৰাৰ কোনো আবাসী এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নাই । আবাসী এলেকাত দুৰ্ঘটনাত পতিত হোৱা হ’লে বৃহৎ পৰিসৰত ক্ষতি হোৱাৰ সম্ভাৱনা আছিল । এখন মুকলি পথাৰত যুদ্ধ বিমানখন দুৰ্ঘটনাত পতিত হয় । পথাৰত পৰি যোৱাৰ পাছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। MiG-29 যুদ্ধ বিমানে বহু বছৰ ধৰি ভাৰতীয় বায়ু সেনাত সেৱা আগবঢ়াই আহিছে ।
ইয়াৰ পূৰ্বেও MiG-29 যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানৰ বাৰ্মেৰত বায়ু সেনাৰ আন এখন MiG-29 যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাতো পাইলটজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল । কাৰিকৰী বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা যায় । এই দুৰ্ঘটনাটোও এটা জনশূন্য অঞ্চলত সংঘটিত হৈছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ স্থানৰ ওচৰত নাছিল কোনো আবাসী এলেকা।