ভাৰতীয় সেনাত কমেও এক লাখ জোৱানৰ নাটনি
ভাৰতীয় সেনা বাহিনীত কমেও এক লাখ লোকৰ নাটনি হৈছে । বৰ্তমান ভাৰতীয় সেনাৰ মুঠ শক্তি ১২.৪৮ লাখ, আনহাতে অনুমোদিত শক্তি এক লাখতকৈ অধিক । বিশেষকৈ সেনাবাহিনীত ৯২,৪১০ জন কনিষ্ঠ কমিচনড অফিচাৰ (জেচিঅ’) আৰু নন-কমিচনড অফিচাৰ (এনচিঅ’)ৰ অভাৱ, যিয়ে ৭.৭২ শতাংশ অভাৱক প্ৰতিনিধিত্ব কৰে ।

ভাৰতীয় সেনাত কমেও ১ লাখ জোৱানৰ অভাৱ ঘটিছে । শেহতীয়াকৈ সংসদীয় স্থায়ী সমিতিক সৈন্যৰ সাম্প্ৰতিক তথ্য অৱগত কৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সেনাত বৰ্তমান এক লাখৰো অধিক জোৱানৰ নাটনিৰ হৈছে ।
পাকিস্তানৰ সৈতে নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি) আৰু চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) দুয়োটাৰে উদীয়মান ভাবুকিসমূহ সেনাই সক্ৰিয়ভাৱে পৰিচালনা কৰি থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে ।
বৰ্তমান ভাৰতীয় সেনাৰ মুঠ শক্তি ১২.৪৮ লাখ, আনহাতে অনুমোদিত শক্তি এক লাখতকৈ অধিক । বিশেষকৈ সেনাবাহিনীত ৯২,৪১০ জন কনিষ্ঠ কমিচনড অফিচাৰ (জেচিঅ’) আৰু নন-কমিচনড অফিচাৰ (এনচিঅ’)ৰ অভাৱ, যিয়ে ৭.৭২ শতাংশ অভাৱক প্ৰতিনিধিত্ব কৰে । ২০২৪ চনৰ ১ অক্টোবৰলৈকে অনুমোদিত শক্তি ১১,৯৭,৫২০ৰ বিপৰীতে সৈন্যৰ শক্তি ১১,০৫,১১০ আছিল ।
বিষয়া কেডাৰৰ সংখ্যাও হ্ৰাস পাইছে । ২০২৪ চনৰ ১ জুলাইলৈকে সেনাবাহিনীৰ ৪২,০৯৫ জন বিষয়া (মেডিকেল কৰ্পছ, ডেণ্টেল কৰ্পছ আৰু মিলিটাৰী নাৰ্চিং চাৰ্ভিচ বাদ দি) আছে, যি ৫০,৫৩৮ জনৰ অনুমোদিত শক্তিৰ বিপৰীতে ১৬.৭১ শতাংশ নাটনিৰ ইংগিত দিয়ে ।
শেহতীয়াকৈ চীনৰ সৈতে বিচ্ছিন্নতা চুক্তি হোৱাৰ পিছতো পূব লাডাখৰ এল এ চিৰ কাষেৰে ৫০ হাজাৰৰো অধিক সৈন্য নিয়োজিত হৈ আছে, য’ত সেনাই বিগত পাঁচ বছৰ ধৰি নিজৰ উপস্থিতি বজাই ৰাখিছে । ইয়াৰ উপৰিও জম্মুত সন্ত্ৰাসবাদী কাণ্ডৰ উত্থানৰ পিছত সেনাই এই অঞ্চলত আৰু ১৫ হাজাৰ সৈন্য মোতায়েন কৰিছে ।
এই ব্যৱধান দূৰ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্নিপথ নিযুক্তি আঁচনি ৰূপায়ন কৰিছে । ‘অগ্নিপথ আঁচনি আগবাঢ়ি যোৱাৰ লগে লগে জোৱানৰ নাটনি পূৰণ হ’ব ।’ মন্ত্ৰালয়ে কয় । বিষয়াৰ অভাৱ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে খালী পদ পূৰণৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু বাছনি প্ৰক্ৰিয়াত সংস্কাৰ কৰা হৈছে । সূত্ৰ অনুসৰি সেৱা বাছনি কেন্দ্ৰসমূহে প্ৰাৰ্থীৰ যোগদানৰ হাৰ উন্নত কৰাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিছে । এতিয়া প্ৰাৰ্থীসকলক একাধিক চেনেলৰ জৰিয়তে তেওঁলোকৰ চাৰ্ভিচ চিলেকচন ব’ৰ্ডৰ (এছ এছ বি) সাক্ষাৎকাৰৰ তাৰিখ সোঁৱৰাই দিয়া হৈছে, আৰু সাক্ষাৎকাৰৰ পৰা বাদ পৰাসকলক দ্বিতীয় সুযোগ দিয়া হৈছে ।
অধিক সংস্কাৰৰ ভিতৰত আছে অধিক প্ৰাৰ্থীক গ্ৰহণ কৰিবলৈ এছ এছ বি বেচৰ সংখ্যা দুগুণ কৰা, প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰাৰ অনুমতি দি নথিপত্ৰ সুশৃংখলিত কৰা, আৰু পূৰ্বৰ আঠৰ পৰা দহ দিনৰ চিকিৎসা পৰীক্ষাৰ গতি মাত্ৰ দুদিনৰ পৰা তিনিদিনলৈ হ্ৰাস কৰা ।
দুবছৰ ধৰি কোনো নিযুক্তি আৰু বছৰি ৬০ হাজাৰ জোৱানে অৱসৰ লোৱাৰ লগতে Covid-19 মহামাৰীয়ে সৈন্যৰ নাটনি আৰু অধিক ভয়াৱহ কৰি তুলিছিল । সেই সময়ছোৱাত প্ৰায় ১২ লাখ সৈনিক বাহিনীটোৰ পৰা ওলাই আহিছিল । অগ্নিপথ আঁচনিখনে ২০২২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা বছৰি ৪০ হাজাৰ অগ্নিবীৰক নিযুক্তি দি অহাৰ বিপৰীতে Covid বছৰৰ পৰা ব্যৱধানে সৈন্যৰ শক্তিৰ ওপৰত যথেষ্ট চাপ সৃষ্টি কৰিছে ।
মন্ত্ৰালয়ে লগতে কয় যে বিষয়াৰ খালী পদসমূহ সময় নিৰ্ধাৰিত পদ্ধতিৰে পূৰণ কৰা হৈছে । ইয়াত কোৱা হৈছে যে প্ৰস্থান আৰু অপচয় অনুসৰি প্ৰতি বছৰে খালী পদ মুকলি কৰা হয় । বিষয়া বাচনি শক্তিশালী কৰাৰ বাবে কেইবাটাও নতুন পদক্ষেপ ৰূপায়ণ কৰা হৈছে । চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমী (অ’টিএ)ত সেৱা আগবঢ়োৱা জোৱানক প্ৰশিক্ষণ দিয়াৰ বাবে এটা যুৱ প্ৰশিক্ষণ শাখা মুকলি কৰা হৈছে । ইয়াৰ উপৰিও কাৰিকৰী প্ৰৱেশ আঁচনি (১০+২ টি ই এছ) ৩+১ বছৰৰ আৰ্হিলৈ সংশোধন কৰা হৈছে, যাৰ ফলত প্ৰশিক্ষণৰ সময় এবছৰ হ্ৰাস কৰা হৈছে আৰু বিষয়াৰ পূৰ্বতে উপলব্ধতা নিশ্চিত কৰা হৈছে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, “নিৰ্বাচন পদ্ধতিৰ সংস্কাৰৰ ফলত প্ৰি-কমিছনিং প্ৰশিক্ষণৰ বাবে গ্ৰহণৰ শতাংশ বৃদ্ধি পাইছে ।” কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ উদ্ধৃতিৰে ইণ্ডিয়া টুডেই প্ৰকাশ কৰিছে এই প্ৰতিবেদন ।