অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ সফলতা; বুকু ধৰফৰ কৰিছে পাকিস্তান-বাংলাদেশৰ
প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত দ্ৰুত গতিত আগবাঢ়িছে । অহা ৫ বছৰৰ ভিতৰত দেশৰ প্ৰতিৰক্ষা খণ্ড এ আই, মেচিন লাৰ্নিং আৰু ডিজিটেল প্ৰযুক্তিৰ সহায়ত ৩০০ ৰ পৰা ৩৫০ বিলিয়ন ডলাৰত উপনীত হ'ব । এই দাবী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ।

ফাইল ফটো
দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক আত্মনিৰ্ভশীল হৈছে ভাৰত । কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে জনোৱা মতে, ২০২৩-২৪ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হৈছে ২৩ হাজাৰ কোটিৰো অধিক । অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান ৮৮ শতাংশ আত্মনিৰ্ভশীল হৈছে । সিঙে জনায় যে ২০২৯ বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি ৫০ হাজাৰ কোটিলৈ বৃদ্ধি পাব ।
আই আই টি মাণ্ডিৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে । সেই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব বুলি কয় । এ আই চিপ প্ৰস্তুত আৰু কোৱান্টাম প্ৰযুক্তি, চাইবাৰ ছিকিউৰিটিৰ ব্যৱহাৰ অধিক বৃদ্ধি কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক নতুন প্ৰযুক্তিগত উদ্ভাৱন ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় । তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ সপোন উদ্ভাৱন, বিকাশ, আৰু পৰিৱৰ্তনৰ জৰিয়তে পূৰণ হ’ব । তেওঁ চাইবাৰ সুৰক্ষাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এআই চিপ আৰু এআই চালিত অস্ত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত দ্ৰুত গতিত আগবাঢ়িছে । এই কথাত জোৰ দি প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অহা ৫ বছৰৰ ভিতৰত দেশৰ প্ৰতিৰক্ষা খণ্ড এ আই, মেচিন লাৰ্নিং আৰু ডিজিটেল প্ৰযুক্তিৰ সহায়ত ৩০০ ৰ পৰা ৩৫০ বিলিয়ন ডলাৰত উপনীত হ’ব ।
আই আই টি মাণ্ডিৰ গৱেষকসকলক প্ৰশংসা কৰি ৰাজনাথ সিঙে কয়, “ৰবটিক্স, ড্ৰোণ প্ৰযুক্তি, এআৰ-ভিআৰ প্ৰযুক্তিত প্ৰশংসনীয় কাম কৰিছে গৱেষকসকলে । আগন্তুক দিনত কাটিং এজ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব প্ৰতিৰক্ষা খণ্ডত ।”