১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰ ! ভাৰতীয় সেনাই লাভ কৰিব নতুন প্ৰতিৰক্ষা সামগ্ৰী…
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাক শক্তিশালী কৰাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে । ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰিত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

প্ৰযুক্তিগতভাৱে আৰু অধিক শক্তিশালী হ’ব ভাৰতীয় সেনা । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে । ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ চফটৱেৰ ডিফাইনেড ৰেডিঅ’ আৰু ৰাফ টেৰেইন ফৰ্কলিফ্ট ট্ৰাক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰিত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।
এই চুক্তিৰ ফলত উন্নত চফটৱেৰৰ ১৪৯ টা ৰেডিঅ’ লাভ কৰিব ক’ষ্ট গাৰ্ডে । এই ৰেডিঅ’সমূহৰ জৰিয়তে পূৰ্বতকৈ বহু বেছি দ্ৰুততাৰে আৰু নিৰাপদভাৱে তথ্য বিনিময় কৰাটো সম্ভৱ হ’ব। কেৱল এয়াই নহয়, জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে প্ৰতিটো মুহূৰ্ততে আপডেট দিয়াটো সহজ হ’ব। ইয়াৰ বাবে প্ৰতিৰক্ষা বিষয়া আৰ কে সিঙৰ উপস্থিতিত চৰকাৰী প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতা ভাৰত ইলেক্ট্ৰনিকছৰ সৈতে ১২২০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয়।
আশা কৰা হৈছে যে,প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই পদক্ষেপে ক’ষ্ট গাৰ্ডক নিজৰ মূল কৰ্তব্যসমূহ ভালদৰে পালন কৰাত সহায় কৰিব। সামুদ্ৰিক আইন বলবৎ কৰা, অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা, সামুদ্ৰিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে ।
ইফালে, সেনা, বায়ুসেনা আৰু নৌসেনাৰ বাবে ১৮৬৮ খন ফৰ্কলিফ্ট ট্ৰাক ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিৰক্ষা বিভাগে। ইয়াৰ বাবে ACE লিমিটেড আৰু JCB ইণ্ডিয়া লিমিটেডৰ সৈতে ৬৯৭ কোটি টকাৰ চুক্তি স্বাক্ষৰিত। প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াই কয় যে, “এনে ট্ৰাকে যুদ্ধকালীন লজিষ্টিক আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সহজে ডেলিভাৰী কৰাত সহায় কৰিব। ইয়াৰ ফলত অভিযানকাৰী সেনাৰ সফলতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।”