শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Indian Navy: পানীৰ তলত খেল আৰম্ভ, নিমিষতে নিঃশেষ শত্ৰুৰ জাহাজ! সেনাৰ হাতত আহি পৰিছে নতুন অস্ত্ৰ

Indian Navy: ক্ষেপণাস্ত্ৰ বেয়াৰিং লক-অন মোডত নিক্ষেপৰ বাবে উৎক্ষেপণ কৰা হয়। ওচৰত কেইবাটাও টাৰ্গেট আছিল, যাৰ কোনোবা এটা বাছি ল’ব লগা হৈছিল।

Indian Navy: পানীৰ তলত খেল আৰম্ভ, নিমিষতে নিঃশেষ শত্ৰুৰ জাহাজ! সেনাৰ হাতত আহি পৰিছে নতুন অস্ত্ৰ
পানীৰ তলত খেল আৰম্ভ, নিমিষতে নিঃশেষ শত্ৰুৰ জাহাজ!
barasha-misra
Barasha Misra | Published: 28 Feb 2025 15:02 PM

শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই চণ্ডীপুৰৰ ITRৰ পৰা নৌ জাহাজ বিধ্বংসী ক্ষেপণাস্ত্র (NASM-SR)ৰ সফল উৎক্ষেপণ কৰিছে।

ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তেও ডি আৰ ডি অ’ই এই কথা নিশ্চিত কৰিছে। ইয়াৰ উপৰিও কোৱা হৈছে যে, এই মিছাইলটোত ম্যান-ইন-লুপ বৈশিষ্ট্য আছে। এই ক্ষেপণাস্ত্ৰৰ এটা আঘাতে যিকোনো সৰু জাহাজ ধ্বংস কৰিব পাৰিব।

ডি আৰ ডি অ’ই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “ডি আৰ ডি অ’ আৰু ভাৰতীয় নৌসেনাই ২৫ ফেব্ৰুৱাৰীত চণ্ডীপুৰৰ ITRৰ পৰা নৌসেনাৰ Anti Ship Missile ৰ সফলতাৰে উৎক্ষেপণ কৰিছে। এই পৰীক্ষাই মিছাইলটোৰ মেন-ইন-লুপ বৈশিষ্ট্য প্ৰমাণ দিছে। সৰ্বোচ্চ ৰেঞ্জত ছি-স্কিমিং মোডত সৰু জাহাজত চিধাই আঘাত কৰিব।”

এই ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ পিছত কেৱল বেয়াৰিং লক-অন মোডত নিক্ষেপ কৰা হয়। ওচৰতে কেইবাটাও টাৰ্গেট বাছি ল’ব পৰাকৈ আছিল। পৰীক্ষাৰ সময়ত প্ৰথমে এটা নিৰ্দিষ্ট অনুসন্ধান কৰা হয়, তাৰ পিছত এটা ডাঙৰ লক্ষ্য নিশ্চিত কৰা হয়। পিছলৈ টাৰ্মিনেল পৰ্যায়ত পাইলটে চূড়ান্ত লক্ষ্য হিচাপে এটা সৰু লুকাই থকা লক্ষ্য বাছি লয়। ক্ষেপণাস্ত্ৰটোৱে তেতিয়াও সেই সৰু লক্ষ্যত সঠিকভাৱে আঘাত কৰিছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে, নৌসেনাৰ বাবে এই পৰীক্ষা গুৰুত্বপূর্ণ মাইলৰ খুঁটি, কাৰণ এই মিছাইলৰ সক্ষমতাই প্ৰমাণিত কৰিছে যে ই যিকোনো শত্রুৰ শক্তি ধ্বংস কৰিবলৈ সক্ষম। এনএএসএম-এছআৰ মিছাইল ভাৰতীয় নৌসেনাৰ এটা শক্তিশালী অস্ত্ৰ হিচাপে যোগদান কৰিবলৈ সাজু।