ৰে’লত ৰীল নিৰ্মাণ কৰে নেকি? সাৱধান! কঠোৰ হৈছে ৰে’লৱে,হ’ব এনে শাস্তি…
ৰে’লৱে নিৰ্মাণ উলংঘা কৰি চলন্ত ৰে’ল বা ৰে’লপথত বিপজ্জনক ষ্টাণ্ট বা আন পন্থাৰে ৰীল নিৰ্মাণ কৰি নিজৰ লগতে ৰে’লৱে সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা যাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি কৰা ৰীল নিৰ্মাণকাৰী লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হ’ব ভাৰতীয় ৰে’লৱে। এনে লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে ৰে’লৱে বৰ্ডে।
সামাজিক মাধ্যম প্লেটফ’ৰ্মসমূহে ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়ায় বিভিন্ন মনোৰঞ্জনধৰ্মী সুবিধা। তেনে এক বিশেষ সুবিধা হৈছে ৰীল। বৰ্তমান সময়ত একাংশ লোকৰ মাজত এই ৰীলৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। সামাজিক মাধ্যম প্লেটফৰ্মসমূহত এই ৰীল শ্বেয়াৰ কৰি বহু লোকে নিজকে জনপ্ৰিয় বা ভাইৰেল কৰাৰ প্ৰৱণতা দেখিবলৈ পোৱা গৈছে। এই উদ্দেশ্যেই কিছুসংখ্যক লোকে নানা আচৰিত তথা আজৱ কাৰ্যৰে স্থান-কাল ভেদে নিৰ্মাণ কৰা এনে সৰু সৰু ভিডিঅ’ ক্লিপ কিছুমান সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয়।
এনে প্ৰৱণতাৰ একাংশ লোকে চলন্ত ৰে’ল বা ৰে’ল ষ্টেচনতো বিভিন্ন ধৰণে ৰীল নিৰ্মাণ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। কিছুমান বিপজ্জনক ষ্টাণ্ট কৰি বা আন পন্থাৰে নিৰ্মাণ কৰা এনে ৰীলে তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে যাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি কৰে। এনে ৰীল নিৰ্মাণকাৰী লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হ’ব ভাৰতীয় ৰে’লৱে।
তত্য অনুসৰি চলন্ত ৰে’ল, ৰে’ল ষ্টেচন আৰু ৰে’লৰ কাষত থিয় হৈ ৰীল নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ৰে’লৱে ব’ৰ্ডে বিভাগীয় বিষয়াসকলক ৰীল নিৰ্মাণেৰে নিৰাপদ ৰে’ল চলাচলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বা ৰে’লৰ ডবাত থকা যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি কৰা ৰীল নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।
শেহতীয়া সময়ছোৱাত এইদৰে ৰে’লপথত বা চলন্ত ৰে’লত মোবাইল ফোনেৰে ষ্টাণ্টৰ ভিডিঅ’ নিৰ্মাণ কৰি ৰে’লৱে সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা এনে বহু দৃশ্য দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত এনে ভিডিঅ’ বহুল ৰূপত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে। এনে ধৰণৰ কাৰ্যবিধিৰ পৰিপ্ৰেক্ষিতত ৰে’লৱে ব’ৰ্ডে এতিয়া এনে নিৰ্দেশনা প্ৰদান কৰিছে।
এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে একাংশ লোকে ৰীল নিৰ্মাণৰ ক্ষেত্ৰত সকলো সীমা অতিক্ৰম কৰিছে। তেওঁলোকে কেৱল নিজৰ জীৱন বিপন্ন কৰাই নহয়, ৰে’লপথত বা চলন্ত ৰে’লত বিপজ্জনক ষ্টাণ্ট কৰি শ শ ৰে’ল যাত্ৰীৰ সুৰক্ষাও বিপন্ন কৰে। এনে পৰিস্থিতিত ৰে’লৱে ব’ৰ্ডে ৰে’লৱেৰ নিয়ম উলংঘা কৰি ৰীল বনোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে’ল সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে’ল আৰক্ষীক নিৰ্দেশ দিছে।