শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাথাকিব ডিজেল চালিত ৰে’ল ! ২০৩০ ৰ ভিতৰত ডাঙৰ পৰিকল্পনা ভাৰতীয় ৰে’লৱেৰ…

২০৩০ চনৰ ভিতৰত ৩ গিগাৱাট নবীকৰণযোগ্য শক্তি আৰু ৩ গিগাৱাট তাপ আৰু পাৰমাণৱিক শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে। বিতৰণ কোম্পানীসমূহৰ সৈতে চুক্তিৰ জৰিয়তে ট্ৰেকচনৰ বাবে প্ৰয়োজনীয় বাকী ৪ গিগাৱট শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে।

নাথাকিব ডিজেল চালিত ৰে’ল ! ২০৩০ ৰ ভিতৰত ডাঙৰ পৰিকল্পনা ভাৰতীয় ৰে’লৱেৰ…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 04 Mar 2025 14:51 PM

নেট জিৰ’ ২০৩০ৰ অধীনত নবীকৰণযোগ্য শক্তিৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে ভাৰতীয় ৰে’লৱেই । ইয়াৰ অংশ হিচাপে পাৰমাণৱিক শক্তি, সৌৰশক্তি, জলবিদ্যুৎ, বতাহ আৰু তাপ শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব দিছে ভাৰতীয় ৰে’লৱে । ইফালে, ২০৩০ চনৰ ভিতৰত ৰে’লৰ বাবে প্ৰয়োজনীয় 10 GW(গিগাৱট) ট্ৰেকচন শক্তি উৎপাদন কৰিব পৰা যাব বুলিও আশা কৰা হৈছে।

২০৩০ চনৰ ভিতৰত ৩ গিগাৱাট নবীকৰণযোগ্য শক্তি আৰু ৩ গিগাৱাট তাপ আৰু পাৰমাণৱিক শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে। বিতৰণ কোম্পানীসমূহৰ সৈতে চুক্তিৰ জৰিয়তে ট্ৰেকচনৰ বাবে প্ৰয়োজনীয় বাকী ৪ গিগাৱট শক্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে।

ৰে’লৱেৰ বিষয়াসকলৰ মত, ৰে’লৱেই শক্তি মন্ত্ৰালয়ৰ পৰা ২ গিগাৱাট পাৰমাণৱিক শক্তিৰ বাবে কৰিছে আবেদন। যৌথ উদ্যোগৰ সৈতে শক্তি ক্ৰয় চুক্তিৰ পৰা ২ গিগাৱট তাপ শক্তি ক্ৰয় কৰিব ভাৰতীয় ৰে’লৱে। লগতে জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰয়োজনীয় ১.৫ গিগাৱাট বিদ্যুৎ যোগাৰ কৰা পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে ।

ৰে’ল বিভাগে জনোৱা মতে, এই বিত্তীয় বৰ্ষত ব্ৰড গেজৰ পথৰ ১০০% বিদ্যুৎকৰণ সম্পূৰ্ণ হ’ব। ৰে’লৱেৰ এজন বিষয়াই কয়, ‘২০২৫-২৬ চনৰ পৰা প্ৰায় ৯৫% ৰে’ল বিদ্যুতেৰে চলিব। ৰে’লৱেৰ প্ৰত্যক্ষ কাৰ্বন নিৰ্গমন বছৰি ১৩.৭ লাখ টনলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে ।”

অনুমান কৰা হৈছে যে, ভাৰতত চলি থকা ৯০% ৰে’ল এতিয়া বৈদ্যুতিক। বাকী ১০% ৰে’ল চলিবলৈ প্ৰয়োজন হয় ডিজেলৰ। আনকি তিনি বছৰৰ আগতে ৩৭% ৰে’ল ডিজেল চালিত আছিল। বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধিৰ ফলত ৰে’ল চলোৱাৰ খৰচ কমিবলৈ আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেৰ। ট্ৰেকচনৰ বাবে ডিজেলৰ অধীনত হোৱা ৰাজহ ব্যয় ২০২৫-২৬ চনত ৯,৫২৮.৫৩ কোটি টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।