Indian Railways : ৰে’ল সংযোগ বৃদ্ধিৰ বাবে কি পৰিকল্পনা ভাৰতীয় ৰে’লৱেৰ ? অহা ৩ বছৰত দেশবাসীয়ে লাভ কৰিব ২০০ খন নতুন বন্দে ভাৰত…

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫-২৬ চনৰ বাজেটত ৰে’লৱেৰ বাবে ২.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে । ইয়াৰ লগতে ১৭,৫০০ জেনেৰেল ডবা, ২০০ খন ভাণ্ডে ভাৰত আৰু ১০০ খন অমৃত ভাৰত ৰে’ল নিৰ্মাণৰ দৰে প্ৰকল্পত অনুমোদন জনোৱা হৈছে।

Indian Railways : ৰেল সংযোগ বৃদ্ধিৰ বাবে কি পৰিকল্পনা ভাৰতীয় ৰেলৱেৰ ? অহা ৩ বছৰত দেশবাসীয়ে লাভ কৰিব ২০০ খন নতুন বন্দে ভাৰত...

ৰে’লৱে

Updated On: 

05 Feb 2025 16:05 PM

সমগ্ৰ দেশত সংযোগ বৃদ্ধিৰ বাবে ১৭,৫০০ নন-এচি জেনেৰেল আৰু স্লিপাৰ কোচ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱেয়ে । ইয়াৰ লগতে এই পদক্ষেপে সুলভ মূল্যৰ ভ্ৰমণৰ চাহিদা পূৰণ কৰাৰ লগতে কম আয়ৰ যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতা উন্নত কৰিব বুলি আশা কৰা হৈছে । এই সন্দৰ্ভত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ২০২৫-২৬ চনৰ বাজেটত ৰে’লৱেৰ বাবে ২.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে । ইয়াৰ লগতে ১৭,৫০০ জেনেৰেল ডবা, ২০০ খন ভাণ্ডে ভাৰত আৰু ১০০ খন অমৃত ভাৰত ৰে’ল নিৰ্মাণৰ দৰে প্ৰকল্পত অনুমোদন জনোৱা হৈছে।

ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে কয় যে, “৪.৬ লাখ কোটি টকাৰ নতুন প্ৰকল্প বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ চাৰি-পাঁচ বছৰত সম্পূৰ্ণ হ’ব।” তেওঁ লগতে কয় যে, অহা দুই-তিনি বছৰত ১০০ খন অমৃত ভাৰত, ৫০ খন নমো ভাৰত আৰু ২০০ খন বন্দে ভাৰত নিৰ্মাণ কৰা হ’ব। সাধাৰণ ডবা সন্দৰ্ভত বৈষ্ণৱে কয় যে আগন্তুক বছৰবোৰত এনে ১৭,৫০০ টা দবা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে।

বৈষ্ণৱে কয়, “ইতিমধ্যে সাধাৰণ ডবা নিৰ্মাণৰ কাম চলি আছে আৰু ৩১ মাৰ্চৰ শেষৰ ফালে ১৪০০ টা এনে দবা নিৰ্মাণ কৰা হ’ব।” লগতে ৩১ মাৰ্চৰ ভিতৰত ১. ৬ বিলিয়ন টন মাল কঢ়িয়াই নিয়াৰ ক্ষমতাৰে ভাৰতীয় ৰে’লৱে বিশ্বৰ দ্বিতীয় বৃহত্তম মাল কঢ়িয়াই নিয়া ৰে’লৱে হ’ব বুলি কয় ৰে’লমন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে, এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে ৰে’লপথত ১০০ শতাংশ বিদ্যুৎ সংযোগ হ’বলৈ গৈ আছে । বৈষ্ণৱে কয় যে, ইয়াৰ বাবে আবণ্টন ১.০৮ লাখ কোটি টকাৰ পৰা ১.১৪ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। অহা বিত্তীয় বৰ্ষত ইয়াক আৰু অধিক বৃদ্ধি কৰি ১.১৬ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব বুলি আশ্বাস দিয়ে ৰে’লমন্ত্ৰী গৰাকীয়ে ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে