5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Maha Kumbh Mela 2025 : মহাকুম্ভ মেলাৰ সময়ত যাত্ৰী সুবিধাৰ্থে ১২২৫খন বিশেষ ৰে’লৰ ব্যৱস্থা ৰে’ল বিভাগৰ…

২০২৫ চনৰ কুম্ভমেলাৰ সময়ত যাত্ৰী সহায় হোৱাকৈ প্ৰায় ১৩০০ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে ভাৰতীয় ৰে’লৱেয়ে । ৰে’লৱে কৰ্তৃপক্ষই জনাইছে যে,বৰ্তমান প্ৰয়াগৰাজত ১৪০ খন ৰে’ল চলি আছে। অৱশ্যে কুম্ভমেলাৰ সময়ত ১২২৫খন বিশেষ ৰে’ল চলাচল কৰাৰ কথা ঘোষণা কৰিছে ৰে’ল বিভাগে।

Maha Kumbh Mela 2025 : মহাকুম্ভ মেলাৰ সময়ত যাত্ৰী সুবিধাৰ্থে ১২২৫খন বিশেষ ৰে’লৰ ব্যৱস্থা ৰে’ল বিভাগৰ…
ভাৰতীয় ৰে’লৱে
manas-borah
Manas Borah | Updated On: 30 Nov 2024 17:13 PM

১৩ জানুৱাৰী পৰা ২৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ২০২৫ চনৰ মহাকুম্ভ মেলা । এই কুম্ভমেলাৰ সময়ত যাত্ৰী সহায় হোৱাকৈ প্ৰায় ১৩০০ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে ভাৰতীয় ৰে’লৱেয়ে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ প্ৰতি বছৰে দেশ-বিদেশৰ লাখ লাখ পৰ্যটকৰ লগতে ভক্তৰ আগমন হয়। যাত্ৰী সকলৰ সহায় হোৱাকৈ ভাৰতীয় ৰে’লৱে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰে’লৱে কৰ্তৃপক্ষই জনাইছে যে,বৰ্তমান প্ৰয়াগৰাজত ১৪০ খন ৰে’ল চলি আছে। অৱশ্যে কুম্ভমেলাৰ সময়ত ১২২৫খন বিশেষ ৰে’ল চলাচল কৰাৰ কথা ঘোষণা কৰিছে ৰে’ল বিভাগে। প্ৰয়াগৰাজত গা ধুই অযোধ্যা আৰু কাশীলৈ যাব বিচৰাসকলৰ সুবিধাৰ্থে প্ৰয়াগৰাজ, প্ৰয়াগ, অযোধ্যা, বাৰাণসী, ৰামবাগ আদি ষ্টেচনত ৰে’ল বিভাগে এই ৰে’লসমূহ ৰখোৱাৰ পৰিকল্পনা কৰিছে।

তথ্য অনুসৰি, এই ১২২৫খন বিশেষ ৰে’লৰ ভিতৰত কম দূৰত্ব অতিক্ৰম কৰা ৰে’ল আছে ৮২৫ খন। ইয়াৰে ৪০০ খন দীৰ্ঘ দূৰত্বৰ বিশেষ ৰে’ল। ইয়াৰ সমান্তৰালভাৱে কুম্ভমেলা যাত্ৰীক সহায়ৰ বাবে ৰে’ল বিভাগে মুকলি কৰিছে টোল ফ্ৰী হেল্পলাইন। সেই নম্বৰটো হৈছে ১৮০০-৪১৯৯-১৩৯ । লগতে যাত্ৰীসকলৰ সুবিধাৰ্থে কুম্ভ ২০২৫ মোবাইল এপৰ ব্যৱস্থা কৰাৰ বাবে ৰে’ল বিভাগে উদ্যোগ লৈছে। ২৪ ঘণ্টাই এই এপত সেৱা উপলব্ধ হ’ব ।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, এই বিশেষ সেৱা প্ৰদানৰ বাবে ব্যয় হ’ব ৯৩৩.৬২ কোটি টকা। যাত্ৰীৰ সুবিধা উন্নয়নৰ বাবে ৪৯৪.৯০ কোটি আৰু পথৰ অভাৰব্ৰিজ আৰু আণ্ডাৰপাছ দলং নিৰ্মাণৰ বাবে ৪৩৮.৭২ কোটি টকা আবণ্টন দিয়া হৈছে। নতুন ষ্টেচন বিল্ডিং, চিচিটিভি ব্যৱস্থাকে ধৰি যাত্ৰীসকলৰ বাবে নতুন সুবিধা প্ৰদানৰ কামো চলি আছে। ইফালে কুম্ভমেলা অনুষ্ঠিত হ’বলগীয়া সকলো ষ্টেচন আৰু এলেকাত মুঠ ৫৪২ টা টিকট কাউণ্টাৰ স্থাপন কৰা হ’ব।

এই কাউণ্টাৰসমূহে প্ৰতিদিনে ৯.৭৬ লাখ টিকট বিতৰণ কৰিবলৈ সক্ষম বুলি বিষয়াসকলে জানিবলৈ দিয়ে। অতিৰিক্ত ৬৫১টা চিচিটিভি কেমেৰা স্থাপন কৰিব ৰে’ল সুৰক্ষা বাহিনী বা আৰ পি এফে। বাতৰিৰ সূত্ৰ অনুসৰি প্ৰায় ১০০টা কেমেৰাত অপৰাধী আৰু অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ এআই ভিত্তিত চিনাক্তকৰণৰ ব্যৱস্থা আছে। উল্লেখ্য যে,প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িন, আৰু নাচিককে ধৰি চাৰিটা স্থানত প্ৰতি ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰা হয়।

Latest News