অহা ১০ বছৰত পৰ্যটন খণ্ডত আহিব ২০ লাখ কোটি টকা, বিনিয়োগ কৰি আপুনিও হওক মালামাল!
Travel: ভাৰত ভ্ৰমণ আৰু পৰ্যটন বহনক্ষমতা সন্মিলন ২০২৫ত ভিডিঅ’ বাৰ্তাত জুলিয়া চিম্পছনে কয়, পৰ্যটন খণ্ডত ভাৰতীয় অৰ্থনীতি অতি সোনকালে বিশ্বৰ মুঠ বাণিজ্যৰ ১০ শতাংশত উপনীত হ’ব।

বিনিয়োগ কৰি আপুনিও হওক মালামাল!
বৰ্তমান বাণিজ্য খণ্ডৰ ব্যাপক সম্প্ৰসাৰণ ঘটিছে। ব্যৱসায়ৰ নতুন নতুন ক্ষেত্ৰও উন্মোচন হৈছে। ভৱিষ্যতে দেশৰ উন্নয়নৰ বিপুল সুযোগ থকা অন্যতম ক্ষেত্ৰ হ’ল পৰ্যটন। World Travel and Tourism Council ৰ সভানেত্ৰী তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া চিম্পছনে কয় যে, অহা ১০ বছৰত দেশৰ ভ্ৰমণ আৰু পৰ্যটন খণ্ড ৭ শতাংশ বৃদ্ধি পাব পাৰে।
ইণ্ডিয়া ট্ৰেভেল এণ্ড টুৰিজিম ছাষ্টেনেবিলিটি কনক্লেভ ২০২৫ত ভিডিঅ’ বাৰ্তাত জুলিয়া চিম্পছনে কয়, “ভাৰতীয় অৰ্থনীতিয়ে অতি সোনকালে পৰ্যটনৰ মুঠ বিশ্বব্যাপী বাণিজ্যৰ ১০ শতাংশ লাভ কৰিব। ভাৰতৰ অৰ্থনীতিৰ ৭ শতাংশ পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল। বিশ্বত এই সংখ্যা ১০ শতাংশ। ভাৰতত পৰ্যটন উদ্যোগ যি হাৰত বৃদ্ধি পাইছে, ভাৰতে অতি সোনকালে সেই সংখ্যা অতিক্ৰম কৰিব।”
তেওঁ লগতে কয়, “ভাৰতত প্ৰায় ২৩০ বিলিয়ন ডলাৰৰ ব্যৱসায় হ’ব। অহা ১০ বছৰত ভাৰতৰ ভ্ৰমণ-পৰ্যটন আৰু ৭ শতাংশ বৃদ্ধি পাব পাৰে। এয়া এক ডাঙৰ সুযোগ।”
দেশৰ পৰ্যটন খণ্ডত বৃহৎ বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। অৱশ্যে পৰ্যটন খণ্ডত বহনক্ষমতাৰ পদ্ধতি মানি চলাটো প্ৰয়োজন বুলিও তেওঁ মত প্ৰকাশ কৰে। ভাৰতত সেউজ গৃহ গেছ নিৰ্গমনৰ ৪.৮ শতাংশ পৰ্যটন খণ্ডৰ পৰা আহে। ভাৰতত কাৰ্বন নিৰ্গমন দ্ৰুতগতিত হ্ৰাস পাইছে।