সঁচাকৈ হাত-ভৰি বান্ধি আমেৰিকাৰ পৰা অনা হৈছে নেকি অবৈধভাৱে বাস কৰা ভাৰতীয়ক? ভাইৰেল ফটোৰ আঁৰৰ সত্যতা জানক

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো, য’ত দাবী কৰা হৈছে যে অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতীয়ক হেণ্ডকাফ আৰু ভৰিত শিকলি বান্ধি অনা হৈছে। ফটোখনৰ সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খে়ড়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইফালে এই ভাইৰেল পোষ্টটোৰ আঁৰৰ সত্যতা প্ৰকাশ কৰিছে চৰকাৰে।

সঁচাকৈ হাত-ভৰি বান্ধি আমেৰিকাৰ পৰা অনা হৈছে নেকি অবৈধভাৱে বাস কৰা ভাৰতীয়ক? ভাইৰেল ফটোৰ আঁৰৰ সত্যতা জানক

সঁচাকৈ হাত-ভৰি বান্ধি বিতাড়িত কৰা হৈছে নেকি ভাৰতীয়ক?

Published: 

06 Feb 2025 13:04 PM

পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে এখন আমেৰিকান সামৰিক বিমানে। য’ত ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা হয়। বিমানখন অৱতৰণ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰে আৰু দাবী কৰা হয় যে যাত্ৰাৰ সময়ত লোকসকলক হেণ্ডকাফ লগাই অপমানিত কৰা হৈছিল। এই সন্দৰ্ভত চৰকাৰে স্পষ্টীকৰণ আগবঢ়াইছে।

পিআইবি তথ্য পৰীক্ষা অনুসৰি, ছ’চিয়েল মিডিয়াত কেইবাটাও একাউণ্টৰ পৰা এটা ভুৱা ছবি শ্বেয়াৰ কৰা হৈছে। য’ত দাবী কৰা হৈছে যে অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক হেণ্ডকাফ লগোৱাৰ উপৰিও তেওঁলোকৰ ভৰি শিকলিৰে বন্ধা হৈছিল। তথ্য পৰীক্ষাত কোৱা হৈছে যে এই পোষ্টবোৰত শ্বেয়াৰ কৰা ফটোখন ভাৰতীয়সকলৰ সৈতে সম্পৰ্কিত নহয়। ইয়াৰ পৰিৱৰ্তে, ই গুয়াতেমালাত নিৰ্বাসিত লোকসকলক দেখুওৱা হৈছে।

ভাইৰেল পোষ্টক লৈ কি ক’লে কংগ্ৰেছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখনক লৈ কংগ্ৰেছ নেতা পৱন খেড়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ লিখিছে, ভাৰতীয়ক হেণ্ডকাফ লগোৱা আৰু অপমান কৰা আৰু আমেৰিকাৰ পৰা বিতাড়িত কৰা ফটোবোৰ দেখি, এজন ভাৰতীয় হিচাপে আমাৰ দুখ লাগে। ২০১৩ চনৰ ডিচেম্বৰ মাহৰ কাণ্ডটো মনত পেলাওক, যেতিয়া ভাৰতীয় কূটনীতিবিদ দেৱানী খোব্ৰাগেড়ক আমেৰিকাত হেণ্ডকাফ বান্ধি ষ্ট্ৰিপ চাৰ্চ কৰা হৈছিল। বৈদেশিক মন্ত্ৰী সুজাতা সিঙে আমেৰিকাৰ ৰাষ্ট্ৰদূত নেন্সি পাৱেলৰ ওচৰত তীব্ৰ বিৰোধীতা কৰিছিল। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইউ পি এ চৰকাৰে। মীৰা কুমাৰ, সুশীল কুমাৰ ছিণ্ডে আৰু ৰাহুল গান্ধীৰ দৰে নেতাই ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ কংগ্ৰেছৰ প্ৰতিনিধি দল (জৰ্জ হোল্ডিং, পিট অলছন, ডেভিড শ্বৱাইকাৰ, ৰব উডল আৰু মেডেলিন বৰ্ডালো)ক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছিল।

তেওঁ আৰু লিখিছে যে ড° মনমোহন সিঙে আমেৰিকাৰ এই কাৰ্যক নিন্দনীয় বুলি অভিহিত কৰিছিল। ভাৰত চৰকাৰে আমেৰিকাৰ দূতাবাসক প্ৰদান কৰা বহু সুবিধা প্ৰত্যাহাৰ কৰিছিল, য’ত দূতাবাসৰ কৰ্মীসকলৰ বাবে খাদ্য সামগ্ৰী আৰু সুৰাৰ ৰেহাইমূলক আমদানিও আছিল। জন কেৰীয়ে দেৱয়ানী খোব্ৰাগাড়েক কৰা ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছিল। আমেৰিকাৰ প্ৰশাসনে বৈদেশিক সচিব সুজাতা সিঙক ফোন কৰি আমেৰিকাৰ ফালৰ দুখ প্ৰকাশ কৰে।

কি দাবী কৰা হৈছিল?

আমেৰিকান বিমানখনে অনা ১০৪ জন বিতাড়িত লোকৰ ভিতৰত থকা জছপাল সিঙে দাবী কৰে যে সমগ্ৰ যাত্ৰাত তেওঁক হেণ্ডকাফ আৰু ভৰিৰ শিকলি বান্ধি ৰখা হৈছিল। অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতহে তেওঁলোকক মুক্ত দিয়া হয়। গুৰদাসপুৰ জিলাৰ হৰদোৰৱাল গাঁৱৰ বাসিন্দা জছপাল সিঙ (৩৬) নামৰ এজন ব্যক্তিয়ে জনোৱা মতে, যোৱা ২৪ জানুৱাৰীত আমেৰিকাৰ সীমান্ত পাৰ হৈ যোৱাৰ পিছত তেওঁক আমেৰিকাৰ সীমান্ত টহলদাৰে ধৰা পেলাইছিল।

তেওঁ দাবী কৰে যে আমি ভাবিছিলো যে আমাক আন কোনো শিবিৰলৈ লৈ যোৱা হৈছে। তেতিয়া এজন আৰক্ষী বিষয়াই আমাক ভাৰতলৈ লৈ যোৱা বুলি ক’লে। আমাক হেণ্ডকাফ আৰু ভৰিত শিকলি বান্ধি দিয়া হৈছিল। অমৃতসৰ বিমানবন্দৰত এইবোৰ মুকলি কৰা হৈছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?