শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰতৰ কিমান শতাংশ লোকে অবৈধ ড্ৰাগছ সেৱন কৰে ? কোনো মূল্যৰ বিনিময়ত ড্ৰাগছ মাফিয়াক ৰেহাই দিয়া নহয় : অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩.৬৩ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল । ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ১০ বছৰত এই পৰিমাণ সাতগুণ বৃদ্ধি পাই ২৪ লাখ কিলোগ্ৰাম হৈছে।

ভাৰতৰ কিমান শতাংশ লোকে অবৈধ ড্ৰাগছ সেৱন কৰে ? কোনো মূল্যৰ বিনিময়ত ড্ৰাগছ মাফিয়াক ৰেহাই দিয়া নহয় : অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহ
manas-borah
Manas Borah | Updated On: 12 Jan 2025 12:54 PM

ভাৰতত ৭ শতাংশ লোকে নিষিদ্ধ ড্ৰাগছ সেৱন কৰে। শনিবাৰে এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে নিচাযুক্ত দ্ৰব্য সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, সমাজত নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আছে যদিও ইয়াৰ বাবে কাম কৰাটো অতি প্ৰয়োজন ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে যে, কেৱল ২০২৪ চনত সৰ্বাধিক ১৬,৯১৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। ইয়াৰ লগতে তেওঁ ‘ড্ৰাগছ ডিচপ’জেল ফর্টনাইট’ও আৰম্ভ কৰে । ইয়াৰ অধীনত আগন্তুক দহ দিনত প্ৰায় ৮,৬০০ কোটি টকাৰ এক লাখ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰা হ’ব। যাৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩.৬৩ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল । ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ১০ বছৰত এই পৰিমাণ সাতগুণ বৃদ্ধি পাই ২৪ লাখ কিলোগ্ৰাম হৈছে। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ১০ বছৰত ধ্বংস কৰা নিচাযুক্ত দ্ৰব্যৰ মূল্য আছিল ৮,১৫০ কোটি টকা। যোৱা ১০ বছৰত এই পৰিমাণ ৭ গুণ বৃদ্ধি পাই ৫৬,৮৬১ কোটি টকা হৈছে বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াক দেশত ড্ৰাগছ সেৱন বৃদ্ধি পোৱা বুলি ব্যাখ্যা কৰা উচিত নহয়। বৰঞ্চ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই অনুসৰি ফলাফল লাভ কৰা হৈছে । ভৱিষ্যতেও এনে পদক্ষেপ অব্যাহত থাকিব। কোনো মূল্যৰ বিনিময়ত ড্ৰাগছ মাফিয়াক ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে অমিত শ্বাহে ।

Latest News