জিডিপি ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি, ২০২৭ চনত জাৰ্মানীৰ অৰ্থনীতিক অতিক্ৰম কৰিব ভাৰতে !

যোৱা ১০ বছৰত দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাই বৰ্তমান ৪.৩ ট্ৰিলিয়ন ডলাৰ হৈছে । ২০১৫ চনত ভাৰতৰ জিডিপি আছিল ২.১ ট্ৰিলিয়ন ডলাৰ । এই হাৰ বৃদ্ধি পাই বৰ্তমান ২০২৫ চনত দেশৰ জিডিপি হৈছে ৪.৩ ট্ৰিলিয়ন ডলাৰ।

জিডিপি ৪.৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি, ২০২৭ চনত জাৰ্মানীৰ অৰ্থনীতিক অতিক্ৰম কৰিব ভাৰতে !

প্ৰতীকী ফটো

Published: 

24 Mar 2025 17:37 PM

মাত্ৰ ১০ বছৰত দুগুণ বৃদ্ধি পালে দেশৰ মুঠ ঘৰুৱা উৎপাদন (GDP)। এই অগ্ৰগতি ভাৰতৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । তথ্য অনুসৰি, যোৱা ১০ বছৰত দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাই বৰ্তমান ৪.৩ ট্ৰিলিয়ন ডলাৰ হৈছে । ২০১৫ চনত ভাৰতৰ জিডিপি আছিল ২.১ ট্ৰিলিয়ন ডলাৰ । এই হাৰ বৃদ্ধি পাই বৰ্তমান ২০২৫ চনত দেশৰ জিডিপি হৈছে ৪.৩ ট্ৰিলিয়ন ডলাৰ।

অৰ্থনৈতিক ক্ষেত্ৰত ডাঙৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে । ১০ বছৰত ১০৫ শতাংশ বৃদ্ধি পাইছে ভাৰতৰ জিডিপি । আনকি বিশ্বৰ অৰ্থনীতিৰ বাবেও এক চমক সৃষ্টি কৰিছে ভাৰতে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য অনুসৰি, বিগত দশকত ভাৰতৰ জিডিপি ৭৭ শতাংশ বৃদ্ধি পাইছে। জিডিপিৰ এই বৃদ্ধিৰ ভিত্তিত ভাৰতে এতিয়া বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ তালিকাত স্থান লাভ কৰিছে বুলি কোৱা হৈছে ।

২০২৫ চনত ভাৰতে জাপানক অতিক্ৰম কৰা সম্ভাৱনা আছে । যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০২৭ চনৰ ভিতৰত জাৰ্মানীৰ অৰ্থনীতিক অতিক্ৰম কৰিব পাৰে ভাৰতে।

ভাৰতৰ সফলতা সন্দৰ্ভত বিজেপি নেতা অমিত মালবিয়াই সামাজিক মাধ্য়মত লিখিছে, “এই অবিশ্বাস্য সফলতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকৰী নেতৃত্ব আৰু তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফল। লাভজনক অৰ্থনীতি, গাঁথনিগত পৰিৱৰ্তন আৰু উন্নত বাণিজ্যৰ বাবে আজি মোদী চৰকাৰে ভাৰতক বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে গঢ়ি তুলিছে। এই সফলতা স্বাধীনতাৰ পিছত কোনো চৰকাৰে লাভ কৰা নাই।”

ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ
৯মাহ মহাকাশত থকাৰ পাছত ট্ৰাম্পে কিমান টকা দিব সুনীতা উইলিয়ামছক?
IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?