PM Modi visit Kuwait : পশ্চিম এছিয়াৰ শান্তি, নিৰাপত্তাৰ বিষয়ত আলোচনা, কুৱেইটৰ ভ্ৰমণক লৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

এই ভ্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে ভাৰত আৰু কুৱেইটৰ মাজত ভৱিষ্যতৰ অংশীদাৰিত্বৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে এক সিদ্ধান্তত উপনীত হোৱাৰ সুযোগ গ্ৰহণ কৰিব । তেওঁ কয়,কুৱেইটৰ সৈতে ভাৰতৰ ঐতিহাসিক সংযোগ আছে ।

PM Modi visit Kuwait : পশ্চিম এছিয়াৰ শান্তি, নিৰাপত্তাৰ বিষয়ত আলোচনা, কুৱেইটৰ ভ্ৰমণক লৈ কি কলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কুৱেইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

21 Dec 2024 14:55 PM

মধ্য়প্ৰাচ্যৰ শেহতীয়া অস্থিৰ পৰিস্থিতিৰ মাজতে পশ্চিম এছিয়াৰ শান্তি, নিৰাপত্তা বিষয়ত কুৱেইটৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য যে, ছিৰিয়াত বাছাৰ আল আছাদৰ শাসন ব্যৱস্থাৰ পতনৰ দুসপ্তাহৰ পাছত আৰু গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তিৰ সম্ভাৱনাৰ মাজতে কুৱেইট ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে, ৪৩ বছৰৰ পাছত কুৱেইট ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ।

১৯৮১ চনত কুৱেইট ভ্ৰমণ কৰা ভাৰতৰ শেষৰ গৰাকী প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। এই ভ্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে ভাৰত আৰু কুৱেইটৰ মাজত ভৱিষ্যতৰ অংশীদাৰিত্বৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে এক সিদ্ধান্তত উপনীত হোৱাৰ সুযোগ গ্ৰহণ কৰিব । তেওঁ কয়,কুৱেইটৰ সৈতে ভাৰতৰ ঐতিহাসিক সংযোগ আছে । ভাৰত কেৱল শক্তিশালী বাণিজ্য আৰু শক্তিৰ অংশীদাৰ নহয়, পশ্চিম এছিয়া অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ অংশীদাৰ ।

কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত কুৱেইট ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ জনসাধাৰণৰ মাজত থকা বিশেষ সম্পৰ্ক আৰু বন্ধুত্বৰ বান্ধোন আৰু অধিক শক্তিশালী আৰু সুদৃঢ় কৰিব। আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ বাবে আগ্ৰহেৰে বাট চাই থকা বুলিও সদৰী কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে, ‘কুৱেইটত থকা ভাৰতীয় প্ৰবাসীসকলক লগ পাবলৈ মই আগ্ৰহেৰে আগ্ৰহী যিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰাত অসীম অৰিহণা যোগাইছে।’ ইফালে, শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ উপসাগৰীয় দেশ ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা আৰু বাণিজ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশত ভাৰত আৰু কুৱেইটে সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। বিষয়াসকলে জনোৱা মতে, কুৱেইটৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,কুৱেইটৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ২০২৩-২৪ চনত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্যৰ মূল্য আছিল ১০.৪৭ বিলিয়ন মাৰ্কিন ডলাৰ। তদুপৰি কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ । দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩ শতাংশ পূৰণ কৰে কুৱেইটে।

২০২৩-২৪ চনত প্ৰথমবাৰৰ বাবে কুৱেইটলৈ ভাৰতৰ ৰপ্তানি ২ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ বিপৰীতে ভাৰতত কুৱেইটৰ বিনিয়োগে ১০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰে।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক