শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানক কোনো খবৰ নিদিয়াকৈ ঝিলাম নৈৰ পানী এৰিলে ভাৰতে, মুজাফ্ফৰাবাদত জৰুৰীকালীন অৱস্থা ঘোষণা

পাকিস্তানক খবৰ নিদিয়াকৈ হঠাৎ ঝিলাম নদীৰ পানী এৰি দিলে ভাৰতে । ইয়াৰ ফলত মুজাফ্ফৰাবাদৰ সমীপত জলস্তৰ তীব্ৰভাৱে বৃদ্ধি পায় । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে স্থানীয় প্ৰশাসনে হাটিয়ান বালাত বানৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

পাকিস্তানক কোনো খবৰ নিদিয়াকৈ ঝিলাম নৈৰ পানী এৰিলে ভাৰতে, মুজাফ্ফৰাবাদত জৰুৰীকালীন অৱস্থা ঘোষণা
ঝিলাম নদীImage Credit source: Chudary Naseer/Anadolu via Getty Images
raj-saikia
Raj Saikia | Published: 27 Apr 2025 00:15 AM

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাচতেই ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উত্তজেনাপূৰ্ণ হৈ পৰিছে । পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত মোদী চৰকাৰে এক মাষ্টাৰ ষ্টোক খেলা বুলি ক’ব পাৰি । অসমীয়াত এষাৰ প্ৰবচন আছে, “যেনে কুকুৰ তেনে টাঙোন”, পাকিস্তানৰ সৈতেও যেন তেনেকুৱাই কৰিলে ভাৰতে । ভাৰতৰ এক সিদ্ধান্তই পাকিস্তানক জৰুৰীকালীন অৱস্থাৰ মুখলৈ ঠেলি দিছে ।

পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে মুজাফ্ফৰাবাদৰ সমীপৰ ঝিলাম নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত পাকিস্তানৰ স্থানীয় কৰ্তৃপক্ষই হাটিয়ান বালাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

প্রতিবেদনসমূহে ইংগিত দিয়ে যে ভাৰতীয় পক্ষৰ পৰা পূৰ্ব জাননী অবিহনে পানী এৰি দিয়া হৈছিল, যাৰ ফলত সিন্ধু জল চুক্তিৰ মৰ্যাদাক লৈ উদ্বেগ সৃষ্টি হৈছে ৷ এই পৰিস্থিতিৰ বাবে বাসিন্দাসকলৰ মাজত সজাগতা বৃদ্ধি পাইছে । এই দাবীৰ সন্দৰ্ভত এতিয়ালৈকে ভাৰতে কোনো সঁহাৰি দিয়া নাই বুলি দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে ।

সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পিছত আগতীয়া ঘোষণা অবিহনে নদীত পানী এৰি দিয়া কাৰ্যত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ইতিমধ্যে উত্তেজিত হৈ পৰা সম্পৰ্ক আৰু অধিক বেয়া হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

ভাৰতৰ দখলত থকা অনন্তনাগৰ পৰা নদীখন সোমাই চাকোঠী অঞ্চলৰ মাজেৰে বৈ যায় । ভাৰতে শেহতীয়াকৈ সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ভাবুকি দিয়াৰ পিছতে এই অপ্ৰত্যাশিত পদক্ষেপ গ্ৰহণ কৰে । এই সন্ধিখন তিনিখন যুদ্ধ আৰু বহু আঞ্চলিক সংকটৰ পাচতো বৰ্তি আছিল । তথাপিও ভাৰত এতিয়া দীৰ্ঘদিনীয়া চুক্তিৰ পৰা আঁতৰি আহিবলৈ সাজু হোৱা যেন লাগে ।

ডেইলী টাইমছৰ এক প্ৰতিবেদন মতে, পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে ভাৰতৰ আগ্ৰাসনৰ প্ৰতি দৃঢ় প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আন্তঃৰাষ্ট্ৰীয় নিয়মৰ অধীনত বৈধ প্ৰতিকাৰৰ ব্যৱস্থা ঘোষণা কৰে বিষয়াসকলে । অধিক শত্ৰুতাপূৰ্ণ কাৰ্যই উত্তেজনা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সকীয়াই দিয়ে । পাকিস্তানে বিশ্বব্যাপী সংস্থাসমূহক তীব্ৰতৰ উত্থান ৰোধৰ ক্ষেত্ৰত ভূমিকা ল’বলৈ আহ্বান জনায় ।

যদিও ৰাষ্ট্ৰসংঘই সংযমৰ আহ্বান জনাই এক চমু বিবৃতি প্ৰকাশ কৰিছে, তথাপিও ইয়াৰ কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । সংকট গভীৰ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ব্যৱস্থা গ্ৰহণ কৰিব বুলি পাকিস্তানে আশা কৰিছে । ইফালে, ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে বিষয়াসকলে নদীৰ জলপৃষ্ঠৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে ।