গণৰাজ্য দিৱসত এইবাৰ অতিথি হ’ব পাৰে এই দেশৰ ৰাষ্ট্ৰপতি! প্ৰথম গণৰাজ্য দিৱসতো উপস্থিত আছিল দেশখনৰ নেতা | Indonesian president Prabowo Subianto likely attend as Republic day chief guest Assam news - Assam Tv9

গণৰাজ্য দিৱসত এইবাৰ অতিথি হ’ব পাৰে এই দেশৰ ৰাষ্ট্ৰপতি! প্ৰথম গণৰাজ্য দিৱসতো উপস্থিত আছিল দেশখনৰ নেতা

৭৬ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আহিব পাৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটো। যদি ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্ৰহণ নিশ্চিত হয়, তেতিয়া ভাৰতৰ গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াৰ কোনো নেতাই চতুৰ্থবাৰৰ বাবে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

গণৰাজ্য দিৱসত এইবাৰ অতিথি হ’ব পাৰে এই দেশৰ ৰাষ্ট্ৰপতি! প্ৰথম গণৰাজ্য দিৱসতো উপস্থিত আছিল দেশখনৰ নেতা

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটো

Published: 

03 Nov 2024 19:40 PM

অহা বৰ্ষত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ সাজু হৈছে ভাৰত। এই উপলক্ষে পৰম্পৰা অনুসৰিয়েই প্ৰতি বছৰৰ দৰে এইবাৰো নতুন দিল্লীৰ কৰ্তব্য পথত গ্ৰেণ্ড পেৰেডৰ আয়োজন কৰা হ’ব। এই পেৰেডত দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তি প্ৰদৰ্শন কৰা হ’ব। প্ৰতি বছৰে বিশ্বৰ আন দেশৰ নেতাই গণৰাজ্য দিৱসৰ এই পেৰেডত অংশগ্ৰহণ কৰি আহিছে। এই পৰম্পৰা অটুট ৰাখি এইবাৰো ভাৰত চৰকাৰে বহু বিদেশী অতিথিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আহিব পাৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটো। যদি ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্ৰহণ নিশ্চিত হয়, তেতিয়া ভাৰতৰ গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াৰ কোনো নেতাই চতুৰ্থবাৰৰ বাবে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ১৯৫০ চনত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত তদানীন্তন ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতি সুকাৰ্ণো মুখ্য অতিথি হিচাপে উপস্থিত আছিল। ইয়াৰ পিছত দুবাৰ কোনো ইণ্ডোনেছিয়ান নেতাই ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশ লৈছে। ২০১১ চনত ইণ্ডোনেছিয়াৰ তেতিয়াৰ ৰাষ্ট্ৰপতি চুচিলো বাম্বাং ইউধোয়োনো মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

ইয়াৰ পিছত ২০১৮ চনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ লগতে এছিয়াৰ অন্যান্য নেতাসকলো মুখ্য অতিথি হিচাপে গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত আছিল। এইবাৰ আগন্তুক গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ বাবে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। ভাৰতে গ্ৰহণ কৰা কুটনৈতিক নীতি এক্ট ইষ্ট পলিচিৰ এটা দশক সম্পূৰ্ণ হৈছে।

তদুপৰি এই বছৰত দক্ষিণ-পূব এছিয়াৰ বহু দেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ বিশেষ বৰ্ষপূৰ্তিও। ইণ্ডোনেছিয়াৰ সৈতে ৭৫ বছৰীয়া, ফিলিপাইনছৰ সৈতে ৭৫ বছৰীয়া, ছিংগাপুৰৰ সৈতে ৬০ বছৰীয়া আৰু ব্ৰুনাইৰ সৈতে ৪০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে ভাৰতে। গতিকে এনে এক বিশেষ সময়ত আগন্তুক গণৰাজ্য দিৱসত ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ উপস্থিতিয়ে বিশেষ গুৰুত্ব বহন কৰিব।

ইণ্ডোনেছিয়াৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, প্ৰতিৰক্ষা আৰু সাংস্কৃতিক সম্পৰ্ক যথেষ্ট শক্তিশালী। ইণ্ডোনেছিয়া আৰু ভাৰত সামুদ্ৰিক চুবুৰীয়া দেশ আৰু সাগৰীয় পথৰ ওপৰত গুৰুত্ব আৰোপ কৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু আচেহৰ মাজত সংযোগ বৃদ্ধিৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা চলি আছে। গতিকে প্ৰবো ছুবিয়ানটোৰ সম্ভাৱ্য ভ্ৰমণে এই আলোচনা অধিক গতিশীল কৰি তুলিব বুলি আশা কৰিব পাৰি। অৱশ্যে ছুবিয়ানটোৰ অংশগ্ৰহণ এইপৰ্যন্ত চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই।

১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!