সকলো মিডিয়া প্লেটফৰ্মৰ পৰা আৰ জি কৰ কাণ্ডৰ ভুক্তভোগীৰ নাম, ফটো আঁতৰোৱাৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আঁত ধৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে যে, উচ্চতম ন্যায়ালৰ নিৰ্দেশ সকলো ছ’চিয়েল মিডিয়া, বাতৰি কাকত, ডিজিটেল মিডিয়া আৰু চেটেলাইট টিভি চেনেলে শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। অৰ্থাৎ আৰ জি কৰ কাণ্ডৰ ভুক্তভোগীৰ নাম আৰু ফটো প্ৰকাশ কৰা সকলক সেই নাম আৰু ফটো আঁতৰোৱাৰ বাবে নিৰ্দেশ দিছে কেন্দ্ৰই ।
সামাজিক মাধ্য়মত কলকাতা আৰ জি কৰ কাণ্ডৰ ভুক্তভোগীৰ নামৰ আৰু ফটো ভাইৰেল হৈ পৰাৰ পৰা অভিযোগ উত্থাপন হৈছিল । এই কথা ইতিমধ্যে উচ্চতম ন্যায়ালয়ক অৱগত কৰা হৈছে । শেহতীয়াকৈ এই অভিযোগৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ নাম আৰু ফটো সামাজিক মাধ্যমৰ লগতে অন্যান্য মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰোৱাৰ বাবে নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালৰ এই নিৰ্দেশৰ পাছতে এতিয়া কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আঁত ধৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সকলো ছ’চিয়েল মিডিয়া, বাতৰি কাকত, ডিজিটেল মিডিয়া আৰু চেটেলাইট টিভি চেনেলে শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। অৰ্থাৎ আৰ জি কৰ কাণ্ডৰ ভুক্তভোগীৰ নাম আৰু ফটো প্ৰকাশ কৰা সকলক সেই নাম আৰু ফটো আঁতৰোৱাৰ বাবে নিৰ্দেশ দিছে কেন্দ্ৰই ।
উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ সময়ত কৈছিল যে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা ভুক্তভোগীৰ নাম মেটা, ইউটিউব আৰু এক্সৰ দৰে সমাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। আনকি মৃতদেহৰ ছবি আৰু ভিডিঅ’ও প্ৰচাৰ কৰা হৈছে বুলিও উল্লেখ কৰিছিল উচ্চতম ন্যায়ালয়ে।
নিৰ্দেশ অনুসৰি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰায় দিছে যে, ধৰ্ষণৰ ক্ষেত্ৰত ভুক্তভোগীৰ নাম বা পৰিচয় কোনো প্ৰেছ বা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিব নোৱাৰিব। ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও এই সন্দৰ্ভত গাইডলাইন জাৰি কৰিছিল। সেয়েহে উচ্চতম ন্যায়ালয়ে সকলো সংবাদ মাধ্যমত (প্ৰেছ বা ছ’চিয়েল মিডিয়া) ভুক্তভোগীৰ ছবি, নাম, মৃতদেহ ফটো, ভিডিঅ’ শীঘ্ৰে আঁতৰোৱাৰ বাবে নিৰ্দেশ দিছে।