আন্তঃৰাষ্ট্ৰীয় চিগাৰেটৰ ছিণ্ডিকেট উৎসাত দিল্লী আৰক্ষীৰ… যাৰ উৎস গুৱাহাটীৰ পল্টন বজাৰ
এক অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় চিগাৰেটৰ অবৈধ ব্যৱসায় উৎসাত কৰা লগতে চাৰি সৰবৰাহকাৰীকো আটক কৰিছে দিল্লী আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই অভিযানত ৬৬ লাখ টকাৰ ৬.৫০ লাখ চিগাৰেট জব্দ কৰে।
আন্তঃৰাষ্ট্ৰীয় চিগাৰেট ব্ৰেণ্ডৰ অবৈধ ব্যৱসায়ত জড়িত এক ছিণ্ডিকেট উৎসাত কৰে দিল্লী আৰক্ষীয়ে । সূত্ৰ খবৰ অনুসৰি, এই আন্তঃৰাষ্ট্ৰীয় চিগাৰেট সংগ্ৰহৰ মূল উৎস আছিল গুৱাহাটী । সূত্ৰৰ প্ৰতিবেদন অনুসৰি, এক অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় চিগাৰেটৰ অবৈধ ব্যৱসায় উৎসাত কৰা লগতে চাৰি সৰবৰাহকাৰীকো আটক কৰিছে দিল্লী আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এই অভিযানত ৬৬ লাখ টকাৰ ৬.৫০ লাখ চিগাৰেট জব্দ কৰে।
আৰক্ষীৰ আটক কৰা অভিযুক্ত কেইজনৰ নাম হৈছে-আনাছ (৩২), চাকিব (৩২), সমীৰ উৰ ৰেহমান (২৩) আৰু সাগৰ হাছৱানী (৪৫)। আৰক্ষী উপ আয়ুক্ত (ক্ৰাইম ব্ৰাঞ্চ) সঞ্জয় কুমাৰ ছাইনে কয় যে, এই অভিযানত তেওঁলোকৰ বিশদ নেটৱৰ্ক উৎসাত কৰা হয় । লগতে তেওঁ জানিবলৈ দিছে যে, অভিযুক্তই এই চিগাৰেট গুৱাহাটীৰ পৰা সংগ্ৰহ কৰি দিল্লীত অবৈধ ব্যৱসায় কৰিছিল ।
এক গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে লাহোৰী গেট এলেকাৰ সমীপত আৰক্ষীৰ দলে দুটাকৈ অভিযান চলায়। আৰক্ষী বিষয়া ছাইনে কয়,”প্ৰথম অভিযানত কাটৰা হিদ্দু অঞ্চলৰ এটা গুদামত ৪.৭০ লাখ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ চিগাৰেট আৰু আন এটাৰ পৰা ৮০ হাজাৰ চিগাৰেট উদ্ধাৰ কৰা হয়। আনাছ আৰু চাকিবে পৰিচালনা কৰিছিল এই গুদাম । আৰক্ষীয়ে সদৰী কৰা মতে, এই চৌহদটোতে অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ চিগাৰেট মজুত ৰখা হৈছিল ।”
দ্বিতীয়টো অভিযানত সমীৰ উৰ ৰেহমানৰ মালিকানাধীন এখন দোকানৰ পৰা এক লাখ চিগাৰেটৰ জব্দ কৰা হৈছিল। জানিবলৈ দিয়া অনুসৰি, চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। ছাকিব, আনাছ আৰু সমীৰ উৰ ৰেহমানে জেৰাৰ সময়ত প্ৰকাশ কৰে যে, তেওঁলোকৰ সহযোগী সাগৰ হাছৱানীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰাই চিগাৰেটখিনি সংগ্ৰহ কৰিছিল। এই চক্ৰটোৱে কম দামত এই চিগাৰেট আমদানি কৰিছিল আৰু বৃহৎ পৰিমাণত জমা কৰি ৰাখিছিল আৰু খুচুৰা বিক্ৰেতাসকলক কম পৰিমাণে বিক্ৰী কৰিছিল।
অভিযুক্তৰ স্বীকাৰোক্তি পাছতে শুকুৰবাৰে আৰক্ষীয়ে ৰোহিনীৰ পৰা সাগৰ হাছৱানীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, আনাছ আৰু ছাকিবে অংশীদাৰিত্বৰে এই ব্যৱসায় চলাইছিল । লগতে ষ্ট’ৰেজ আৰু সৰবৰাহৰ সকলো কাম পৰিচালনা কৰিছিল। কাপোৰৰ দোকান থকা সমীৰ উৰ ৰেহমানে নিজৰ চৌহদটো এই চিগাৰেট মজুত আৰু বিক্ৰীৰ বাবে ব্যৱহাৰ কৰিছিল। এই ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড সাগৰ হাছৱানীয়ে আৰ্থিক লোকচানৰ সন্মুখীন হৈ অবৈধ চিগাৰেটৰ ব্যৱসায় কৰাৰ পূৰ্বে আগ্ৰাত এখন মোবাইল দোকান চলাইছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
INPUT-PTI