International tiger day: কেৱল কাজিৰঙা নহয়, এই কেইখন ৰাষ্ট্ৰীয় উদ্যানো বিখ্যাত বাঘৰ বাবে
দিনক দিনে বাঘৰ সংখ্যা কমি অহাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাই এই বাঘ দিৱস পালনৰ উদ্দেশ্য। এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বহু কাৰ্যক্ৰম হাতত লোৱা হয়। যাৰ দ্বাৰা বাঘৰ প্ৰয়োজনৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা হয়।
আজি আন্তঃ ৰাষ্ট্ৰীয় বাঘ দিৱস। প্ৰতি বছৰে ২৯ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হয়। দিনক দিনে বিশ্বৰ পৰা বাঘ প্ৰায় নোহোৱা হৈ গৈ আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত মন কী বাত নামৰ অনুষ্ঠানত বাঘৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰিছিল। যদি বিশ্বৰ পৰা বাঘ নোহোৱা হৈ যায় তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ পৰিৱেশ তন্ত্ৰত পৰিব। সেয়ে বাঘৰ মহত্ব অধিক। বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় পশু। সমগ্ৰ বিশ্বৰ ৭০ শতাংশ বাঘ ভাৰততে আছে।
ইতিহাস
২০১০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস পালন কৰি অহা হৈছে। ৰাছিয়াৰ বাঘ সংৰক্ষণৰ ওপৰত এক আলোচনা অনুষ্ঠিত কৰিছিল। সেই সন্মিলনতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে প্ৰতি বছৰে ২৯ জুলাই দিনটো আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হব। এই সন্মিলনখনত ১৩ খনকৈ দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল। বাঘ দিৱস পালন কৰাৰ উদ্দেশ্য আছিল বাঘৰ সংখ্যা বৃদ্ধি কৰা। দিনক দিনে বাঘৰ সংখ্যা কমি অহাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাই এই বাঘ দিৱস পালনৰ উদ্দেশ্য। এই দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বহু কাৰ্যক্ৰম হাতত লোৱা হয়। যাৰ দ্বাৰা বাঘৰ প্ৰয়োজনৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা হয়।
বিষয়- বস্তু
প্ৰতি বছৰে বাঘ দিৱস পালন কৰাৰ সময়ত এটা বিষয়- বস্তু নিৰ্বাচন কৰা হয়। ইয়াৰ জৰিয়তে বাঘৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ২০২৪ বৰ্ষৰ বিষয়- বস্তু হিচাপে বাঘ সংৰক্ষণ আৰু এই প্ৰাণীয়ে সন্মুখীন হোৱা জৰুৰী ভাবুকি, যেনে বাসস্থান হেৰুৱা, চোৰাং চিকাৰ, মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
বাঘৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ অসমস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘৰ বাবে বিখ্যাত। এই উদ্যানত বিভিন্ন প্ৰজাতিৰ বাঘ দেখা পোৱা যায়। ইয়াৰোপৰি এশিঙীয়া গঁড়ৰ বাবে সমগ্ৰ বিশ্বত জনাজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
- জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, উত্তৰাখণ্ড (jim corbett national park)ঃএইখন ভাৰতৰ এখন অতি পুৰণি ৰাষ্ট্ৰীয় উদ্যান। উত্তৰাখণ্ডত থকা এই ৰাষ্ট্ৰীয় উদ্যানখনত বহু প্ৰজাতিৰ বাঘ দেখিবলৈ পোৱা যায়।
- ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান (Ranthamobore national park, rajasthan): ৰাজস্থানস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ এক অভিন্ন অংগ। ৰয়েল বেংগল টাইগাৰৰ বাবে এই উদ্যানখন জনাজাত। বাৰিষাৰ সময়ত উদ্যানখন বন্ধ থাকে।
- বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান ( Bandhavgarh national park)) মধ্যপ্ৰদেশস্থিত এই উদ্যানখনো বাঘৰ বাবে বিখ্যাত। মধ্যপ্ৰদেশ ৰাজ্যৰ উমৰিয়া জিলাত অৱস্থিত এখন বন অভয়াৰণ্য। এই ৰাষ্ট্ৰীয় উদ্যানখন ১৯৬৮ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আয়তন ৪৩৭ বৰ্গ কিলোমিটাৰ। ইয়াত বাঘ সহজে দেখা পোৱা যায়।
- কানহা ৰাষ্ট্ৰীয় উদ্যান (kanha national park)ঃকানহা বাঘ সংৰক্ষিত বনাঞ্চলক কানহা ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয়। ই ভাৰতৰ অন্যতম বাঘ সংৰক্ষিত বনাঞ্চল আৰু মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যখনৰ বালঘাটত অৱস্থিত এই উদ্যানখন। ১৯৫৫ চনৰ ১ জুনত কানহা ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৭৩ চনত কানহা বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ইয়াক ঘোষণা কৰা হৈছিল।
- পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান (pench national park) পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান মধ্য প্ৰদেশৰ ছিওনী আৰু ছিণ্ডৱাৰা জিলাত অৱস্থিত। উদ্যানখনৰ মাজেৰে বৈ যোৱা প্ৰাচীন পেন্স নদীৰ নামেৰে ইয়াক নামাকৰণ কৰা হৈছিল। এই ৰাষ্ট্ৰীয় উদ্যানখন ১৯৭০ চনত বিশ্বৰ অন্যতম জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হৈছিল । ৰয়েল বেংগল টাইগাৰৰ বাবে ইয়াৰ বিশেষ নাম আছে।
- সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (Sundarbans national park)ঃ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ দক্ষিণ অংশৰ গংগা নদীৰ সুন্দৰবনত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, বাঘ সংৰক্ষিত বনাঞ্চল আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। ঘন মেংগ্ৰোভ অৰণ্যৰে আবৃত এই অঞ্চলটো ৰয়েল বেংগল টাইগাৰৰ বাবে সৰ্ববৃহৎ সংৰক্ষিত অঞ্চল।
- টাডোবা ৰাষ্ট্ৰীয় উদ্যান( tadoba andhari tiger reserve) মহাৰাষ্ট্ৰত অৱস্থিত এই উদ্যানখন। মহাৰাষ্ট্ৰৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান “টাডোবা ৰাষ্ট্ৰীয় উদ্যান” যাক “টাডোবা আন্ধাৰী বাঘ সংৰক্ষিত বনাঞ্চল” বুলিও জনা যায়, ভাৰতৰ বৰ্তমানৰ ৪৭ টা বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ই অন্যতম।
- পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান (Periyar National Park)ঃ কেৰেলাৰ ইডুক্কি আৰু পাঠানমথিত্তা জিলাৰ এটা সংৰক্ষিত অঞ্চল।হাতী সংৰক্ষিত বনাঞ্চল আৰু বাঘ অভয়াৰণ্য হিচাপে ই জনাজাত।