পহলগ্ৰাম আক্ৰমণত কিদৰে সহায় কৰিছিল স্থানীয় লিংকমেনে! তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় তদন্ত সংস্থা নিয়া (NIA), জম্মু-কাশ্মীৰ আৰক্ষী, ইণ্টেলিজেঞ্চ ব্যুৰো, RAW আদি তদন্তকাৰী সংস্থাই সমগ্ৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ ভিত্তিত পোন্ধৰজন স্থানীয় কাশ্মীৰী আত্মগোপনকাৰী আৰু সন্ত্ৰাসবাদী লিংকমেনক মূল সন্দেহযুক্ত সহায়ক হিচাপে চিনাক্ত কৰা হৈছে।

পহলগাম আক্ৰমণ সন্ধৰ্ভত পোহৰলৈ চাঞ্চল্যৰ তথ্য
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত মঙলবাৰে সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে কঁপাই তুলিলে সমগ্ৰ দেশ। এই নৃশংস হত্যালীলাত প্ৰাণ হেৰুৱায় ২৬ জন নীৰিহ লোকে। পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় তদন্ত সংস্থা নিয়া (NIA), জম্মু-কাশ্মীৰ আৰক্ষী, ইণ্টেলিজেঞ্চ ব্যুৰো, RAW আদি তদন্তকাৰী সংস্থাই সমগ্ৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ ভিত্তিত পোন্ধৰজন স্থানীয় কাশ্মীৰী আত্মগোপনকাৰী আৰু সন্ত্ৰাসবাদী লিংকমেনক মূল সন্দেহযুক্ত সহায়ক হিচাপে চিনাক্ত কৰা হৈছে।
এই লোকসকলে পহলগাম হত্যাকাণ্ডৰ আঁৰৰ পাকিস্তানী আক্ৰমণকাৰীক সহায় কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। তদন্তৰ সময়ত পোহৰলৈ আহিছে যে এই লিংকমেনসকলে লজিষ্টিকছৰ ব্যৱস্থা কৰিছিল আৰু খুবসম্ভৱ পাকিস্তানৰ পৰাও তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছিল। সূত্ৰ অনুসৰি, বহু সংস্থাৰ তদন্তত পাঁচজন মূল সন্দেহযুক্ত লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰে তিনিজনক ইতিমধ্যে ধৰা হৈছে আৰু শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।
আন দুজন কাশ্মীৰী আত্মগোপনকাৰী সহায়কৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আক্ৰমণৰ দিনটোত আৰু তাৰ পূৰ্বে এই পাঁচজন লোক অঞ্চলটোত আছিল আৰু তেওঁলোকৰ ফোনকেইটাও সক্ৰিয় হৈ আছিল বুলি তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি ইলেক্ট্ৰনিক চাৰ্ভিলেঞ্চত সম্প্ৰতি জিম্মাত থকা এই তিনিজন প্ৰধান সন্দেহযুক্ত লোকে পৰস্পৰৰ সৈতে পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ বিষয়ে আৰু তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে কথা পাতি থকা দেখিবলৈ পোৱা গৈছিল।
ইফালে, আক্ৰমণৰ সৈতে সম্ভাৱ্য সম্পৰ্ক উদ্ধাৰৰ বাবে ২০০ৰো অধিক কাশ্মীৰী আত্মগোপনকাৰী সদস্যক সোধা-পোছাৰ বাবে আটক কৰা হৈছে বুলিও সূত্ৰই প্ৰকাশ কৰিছে। আক্রমণকাৰীয়ে হয়তো এতিয়াও ঘন পহলগাম বনাঞ্চলত আত্মগোপন কৰি আছে বুলি সন্দেহ কৰা হৈছে। লগতে সূত্ৰসমূহে জনোৱা মতে, পহলগাম আক্ৰমণত এই সন্দেহজনক পাঁচজন লোকৰ ভূমিকা থকাৰ ইংগিত দিয়া যথেষ্ট প্ৰমাণো পোৱা গৈছে।
আন দহজন কাশ্মীৰী আত্মগোপনকাৰী সদস্যক নিয়া, জম্মু-কাশ্মীৰ আৰক্ষী, ইণ্টেলিজেঞ্চ ব্যুৰো আৰু RAWৰে গঠিত যৌথ দলে সোধা-পোছা কৰি আছে। এই আটাইকেইজন লোকে পূৰ্বতে কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীক সহায় কৰা বুলি জানিব পৰা গৈছে আৰু ২২ এপ্ৰিলত আক্ৰমণ সংঘটিত হোৱা স্থানৰ সমীপতে এই লোকসকল আছিল বুলি পোহৰলৈ আহিছে। এই সন্দেহজনক১৫ জন লিংকমেনৰ আটাইকেইজনেই দক্ষিণ কাশ্মীৰৰ বুলি প্ৰকাশ পাইছে।
ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকক কাশ্মীৰী আত্মগোপনকাৰী সদস্য হিচাপে ‘তালিকাভুক্ত’ কৰিছে আৰু বিগত কেইবছৰমানৰ ভিতৰত দক্ষিণ কাশ্মীৰত কেইবাটাও আক্ৰমণত জড়িত পাকিস্তানী সন্ত্ৰাসবাদীক সহায় কৰিছিল বুলি সন্দেহ কৰা হৈছে। তেওঁলোকে লজিষ্টিকত সহায় কৰাৰ লগতে বনাঞ্চলত সন্ত্ৰাসবাদী সদস্যক পথ প্ৰদৰ্শন কৰিছিল, আনকি সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহাৰৰ বাবে পাকিস্তানৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ চালানো সংগ্ৰহ কৰিছিল বুলি ধাৰণা কৰা হৈছে।
সূত্ৰসমূহে জনোৱা মতে, ৪-৫ জন সন্ত্ৰাসবাদীৰে গঠিত পহলগাম আক্ৰমণকাৰী দলটোক সহায় কৰাৰ লগতে লজিষ্টিকৰ সুবিধা কৰি দিয়া ক্ষেত্ৰত এই লোককেইজনৰ ভূমিকাক আঙুলিয়াই দিয়া যথেষ্ট প্ৰমাণ পোৱা গৈছে। এই ১৫ জন কাশ্মীৰী আত্মগোপনকাৰী সদস্যৰ পৰা অধিক তথ্য উদ্ধাৰ কৰিবলৈ পূৰ্ণ চেষ্টা কৰা হৈছে বুলি এগৰাকী বিষয়াই উল্লেখ কৰিছে।
ইয়াৰ লগতে দক্ষিণ কাশ্মীৰত সক্ৰিয় হৈ থকা আন কাশ্মীৰী আত্মগোপনকাৰী সদস্যসকলক জেৰা কৰি অঞ্চলটোত দেখা পাকিস্তানী সন্ত্ৰাসবাদীৰ পৰিচয় আৰু তেওঁলোকৰ সম্ভাৱ্য আত্মগোপন স্থানৰ বিষয়ে তথ্য লাভ কৰা হৈছে বুলিও আন এগৰাকী বিষয়াই জানিবলৈ দিছে। ইফালে পহলগামৰ এই ভয়ংকৰ হত্যাকাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়া হৈছে।