মৰ্মান্তিক! চাকৰিৰ আছিল প্ৰথম দিন, পিছে দুৰ্ঘটনাই প্ৰাণ ল’লে IPS বিষয়াৰ
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন আই পি এছ বিষয়াই। চাকৰিৰ প্ৰথম দিনটোতেই নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে হৰ্ষ বৰ্ধনৰ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিষ্ঠুৰ নিয়তি! ঠন ধৰি উঠা সপোনে পোখা মেলিব লওতেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল সকলো। বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অধ্য়াৱসায়ৰ ফলত এজন মানুহ আই পি এছ অফিচাৰ হ’বলৈ সক্ষম হয়। অশেষ চেষ্টাৰ অন্ততো কিছুমানৰ আই পি এছৰ সপোন সপোন হৈয়ে ৰয়। কিন্তু সৰুৰে পৰা দেখি অহা সপোন পূৰণ হৈছিল হৰ্ষ বৰ্ধনৰ। পিছে, বাস্তৱ উদযাপন কৰাৰ পূৰ্বেই শেষ হৈ যায় সকলো। চাকৰিৰ প্ৰথম দিনাই অকাল মৃত্যুক সাৱতি ল’লে এজন IPS বিষয়াই।
এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত। দেওবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন আই পি এছ বিষয়াই। মৃত বিষয়াজনৰ নাম হৰ্ষ বৰ্ধন। তেওঁ কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ আছিল। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জানিব পৰা মতে, হৰ্ষ বৰ্ধন আছিল মধ্যপ্ৰদেশৰ বাসিন্দা। ১ ডিচেম্বৰৰ দিনটো তেওঁৰ বাবে আছিল বিশেষ। ট্ৰেইনিং শেষ কৰাৰ পাছত কালিৰ দিনটোত হৰ্ষ বৰ্ধনে প্ৰথম পোষ্টিঙৰ কৰ্তব্যৰ বাবে ৰিপৰ্ট দিবলৈ আৰক্ষীৰ বাহনত হোলেনাৰসীপুৰলৈ গৈ আছিল। হৰ্ষ বৰ্ধনে সহকাৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব ল’বলৈ সাজু হৈছিল। কিন্তু তেতিয়াই সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
তথ্য অনুসৰি হাছানৰ কিটানেৰ সমীপত আৰক্ষীৰ গাড়ীৰ এটা টায়াৰ ফাটি যায়, যাৰ ফলত চালকৰ বাহনৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হয়। ইয়াৰ পাছত বাহনখনে ৰাস্তাৰ কাষত থকা এটা ঘৰত আৰু পাছত এডাল গছত প্ৰচণ্ড খুণ্ডা মাৰে। এই ঘটনাৰ ফলত আই পি এছ বিষয়াগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিয়ে তেওঁৰ প্ৰাণ। চাকৰিৰ প্ৰথম দিনটোতেই অকাল মৃত্যুক সাৱতি লয় হৰ্ষ বৰ্ধনে।
এজন বিষয়াই জনোৱা মতে, আই পি এছ বিষয়াগৰাকীয়ে শেহতীয়াকৈ মহীশূৰৰ কৰ্ণাটক পুলিচ একাডেমীৰ পৰা চাৰি সপ্তাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। এই দুৰ্ঘটনাত চালক মঞ্জেগৌদাও সামান্য আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। ঘটনাৰ লগে লগে আই পি এছ বিষয়াগৰাকীৰ ঘৰত দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰা হয়। এই খবৰে হৰ্ষ বৰ্ধনৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।