শোকাৱহ! অটোৰ ওপৰত ট্ৰাক বাগৰি শিশুসহ ৭জন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০জন | Road accident truck overturned on auto seven people jabalpur Assam news - Assam Tv9

শোকাৱহ! অটোৰ ওপৰত ট্ৰাক বাগৰি শিশুসহ ৭জন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০জন

Published: 

18 Sep 2024 20:51 PM

জবলপুৰ জিলাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হয়। ৰাজ্যিক ঘাইপথত দ্ৰুতগতিত অহা এখন ট্ৰাক শ্ৰমিকেৰে ভৰ্তি এখন অটোৰ ওপৰত বাগৰি পৰিছিল। দুৰ্ঘটনাটোত এটি শিশুসহ ৭জনকৈ লোকৰ মৃত্যু হয়। লগতে গুৰুতৰভাৱে আহত হয় ১০জন লোক । আহতসকল চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

শোকাৱহ! অটোৰ ওপৰত ট্ৰাক বাগৰি শিশুসহ ৭জন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত  ১০জন

জবলপুৰ জিলাত শোকাৱহ পখ দুৰ্ঘটনা

Follow Us On

বুধবাৰে সন্ধিয়া মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ চিহোৰা-মাজগাৱান পথত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। য’ত এখন অটোৰ ওপৰত এখন ট্ৰাক বাগৰি পৰাৰ ফলত এটি শিশুসহ ৭জন লোক নিহত হয় আৰু আন ১০ জন গুৰুতৰভাৱে আহত হয়। প্ৰকৃততে দ্ৰুতবেগী ট্ৰাকখন শ্ৰমিকেৰে ভৰ্তি অটোৰ ওপৰত বাগৰি পৰিছিল। ঘটনাস্থলীতে এটি শিশুসহ ৭জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত ১০জন লোক গুৰুতৰভাৱে আহত হয় যিসকলক চিকিৎসালয়ত চিকিৎসা ধীৰ কৰি থকা হৈছে। দুৰ্ঘটনাটোৰ পাছত ক্ষুব্ধ গাঁওবাসীয়ে পথ অৱৰোধ কৰে। যাৰ ফলত ৰাজপথৰ দুয়োফালে এক তীব্ৰ যান-জঁটৰ সৃষ্টি হয় হয়। বৰ্তমান আৰক্ষীয়ে গাঁওবাসীসকলক সৈমান কৰি যান-জঁট আঁতৰ কৰাৰ চেষ্টা চলাই আছে।

 

বুধবাৰে সন্ধিয়া মাজগাৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিহোৰা-মাজগাৱান পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৭জন লোক নিহত হোৱাৰ উপৰিও ১০জন গুৰুতৰভাৱে আহত হয়। মাজগাৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিহোৰা-মাজহগাৱান পথৰ নুন্দি খামহাৰিয়াত এই দুৰ্ঘটনাটো সংঘটিত হয়। সন্ধিয়া ঘাইপথত তীব্ৰ গতিত নিয়ন্ত্ৰণহীনভাৱে চলাই থকা এখন ট্ৰাক শ্ৰমিকেৰে ভৰ্তি এখন অটোৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাটোৰ পাছতে চিঞৰ-বাখৰ আৰম্ভ হৈছিল। তাৰ পাছতে মানুহবোৰ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিছিল আৰু অটোত আৱদ্ধ লোকসকলক উলিবলৈ আৰম্ভ কৰিছিল।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত ক্ষুব্ধ স্থানীয় গাঁওবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু ৰাজ্যিক ঘাইপথ অৱৰোধ কৰিছিল। ঘটনাটোত নিহত ৭জন লোকৰ ভিতৰত তিনিজন পুৰুষ, তিনিগৰাকী মহিলা আৰু এটি শিশু আছিল। দুৰ্ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া সকলো শ্ৰমিক ইটাৰচিলৈ গৈ আছিল। তেওঁলোকে চিহোৰা ষ্টেচনৰ পৰা ৰে’লত উঠিবলৈ গৈ আছিল। মজুৰিৰ বাবে অটোত যোৱা শ্ৰমিকসকলক প্ৰতাপপুৰৰ বাসিন্দা বুলি কোৱা হৈছে ।

ঘাইপথৰ ট্ৰাকখন তীব্ৰ গতিত আহিছিল আৰু প্ৰথমে শ্ৰমিকসকল অহা অটোত খুন্দা মাৰিছিল আৰু তাৰ পাছত অটোৰ ওপৰত বাগৰি পৰিছিল। যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।
ঘটনাটো খবৰ পোৱাৰ লগে লগে মাজগাৱান আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। লগতে আহতসকলক তৎক্ষণাৎ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
য’ত বহুকেইজনক অৱস্থা সংকটজনক হৈ আছে। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি আছে। এয়া চালকৰ ভুলৰ বাবে হৈছিল নে আন কোনো কাৰণত হৈছিল?

দুৰ্ঘটনাটোৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ সম্বল যোজনাৰ অধীনত মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ লগতে ২ লাখ টকাৰ অতিৰিক্ত ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version