ছাত্ৰী নিবাসৰ সমুখত গোপনাঙ্গ প্ৰদৰ্শনেৰে অশালীন ইংগিত দুৰ্বৃত্তৰঃ হ’ল ৰঙাঘৰৰ আলহী
এগৰাকী যুৱকৰ বিৰুদ্ধে চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সন্মুখত থিয় হৈ নিজৰ ব্যক্তিগত অংগ দেখুৱাই অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ২২ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰে। দেওবাৰে আৰক্ষীয়ে ধৃত যুৱকজনক আদালতত হাজিৰ কৰায় আৰু আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

দেশত বিগত কিছুদিনত নাৰীজনিত বহু অপৰাধৰ ঘটনা সংঘটিত হৈছে। প্ৰায় প্ৰতিদিনেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা এনে অপৰাধৰ ঘটনা। বিগত বৰ্ষত পশ্চিম বংগৰ কলকাতাস্থিত আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত ধৰ্ষণ তথা হত্যাকাণ্ডৰ ভয়াৱহতা এতিয়াও পাহৰিব পৰা নাই দেশে। শেহতীয়াকৈ পশ্চিম বংগতে সংঘটিত হৈছে এনে এক লজ্জাজনক ঘটনা। এগৰাকী যুৱকৰ চৰমতম নিকৃষ্ট কাণ্ডই চকু কপালত তুলিছে সকলোৰে।দখল কৰিছে সংবাদ শিৰোনাম।
প্ৰকাশিত খবৰ অনুসৰি, এই যুৱকজনে জলপাইগুৰি চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সন্মুখত থিয় হৈ নিজৰ ব্যক্তিগত অংগ দেখুৱাই অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত কোতৱালি থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ২২ বছৰীয়া যুৱকজনক। দেওবাৰে আৰক্ষীয়ে ধৃত যুৱকজনক জলপাইগুৰি আদালতত হাজিৰ কৰায় আৰু আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱকজন জলপাইগুৰিৰ পাহাৰপুৰ অঞ্চলৰ বাসিন্দা। ইয়াৰ পূৰ্বে তেওঁ চুৰিৰ গোচৰতো কাৰাবাস খাটিবলগা হৈছিল। শনিবাৰে বিয়লি যুৱকজনে জলপাইগুৰি চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সন্মুখত থিয় হৈ অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন কৰে হোষ্টেলৰ এগৰাকী ছাত্ৰীয়ে। লগে লগে ছাত্ৰীসকলে এই বিষয়ে হোষ্টেলৰ নিৰাপত্তাৰক্ষীক অৱগত কৰে।
পিছে নিৰাপত্তাৰক্ষী সেই স্থান আহি পোৱাৰ লগে লগে যুৱকজনে পলায়ন কৰে। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীকো অৱগত কৰে কৰ্তৃপক্ষই। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল মহাবিদ্যালয়ত উপস্থিত হয় আৰু চিচিটিভিৰ ফুটেজ চাই ছবি সংগ্ৰহ কৰে। এই ফুটেজৰ আধাৰতে আৰক্ষীয়ে তাৎক্ষণিক অভিযান চলাই অভিযুক্ত যুৱকজনক গাঁৱৰ পৰা আটক কৰে।
উল্লেখ্য যে জলপাইগুৰি চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদ এক বৰ্গ কিলোমিটাৰতকৈও অধিক অঞ্চলজুৰি বিস্তৃত হৈ আছে। মহাবিদ্যালয়ৰ কেম্পাছতে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়াকৈ হোষ্টেল আছে। অৱশ্যে কেম্পাছৰ এক বিস্তীৰ্ণ অঞ্চল এতিয়াও অসুৰক্ষিত হৈয়েই আছে। সেই স্থানৰ মাজেৰেই যুৱকজনে কেম্পাছত প্ৰৱেশ কৰিছিল বুলি ধাৰণা কৰা হৈছে।
ইফালে মহাবিদ্যালয়ৰ অধ্যক্ষ অমিতাভ ৰয়ে এই ঘটনাক অত্যন্ত নিকৃষ্ট আখ্যা দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি তেওঁ লগতে কয়। কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জানিবলৈ দিয়া মতে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।