ভাষণৰত অৱস্থাতে অসুস্থ খৰ্গেঃ ক’লে, মোদীক পৰাস্ত কৰালৈকে জীয়াই থাকিম
জম্মু-কাশ্মীৰত এক নিৰ্বাচনী সভাত ভাষণ দি থকাৰ সময়তে আজি হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ। অৱশ্যে কিছু সময়ৰ পিছতে খৰ্গেৰ স্বাস্থ্য সুস্থ হৈ উঠে আৰু পুনৰ নিজ ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাচ্যুত নকৰালৈকে তেওঁ জীয়াই থাকিব বুলি হুংকাৰ দিয়ে।
জম্মু-কাশ্মীৰৰ তিনিটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। অহা ১ অক্টোবৰত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই উপলক্ষে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ৰাজনৈতিক দলসমূহ। আজি জম্মু-কাশ্মীৰৰ কাথুৱাত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই। এই নিৰ্বাচনী সভাত ভাষণ দি থকাৰ সময়তে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে কংগ্ৰেছ অধ্যক্ষগৰাকীৰ। এনে অৱস্থাত দলীয় কৰ্মীসকলে খৰ্গেক ধৰি মঞ্চৰ পৰা নমাই দিয়ে। অৱশ্যে কিছু সময়ৰ পিছতে খৰ্গে সুস্থ হৈ উঠে।
স্বাস্থ্য সুস্থ্য হৈ উঠাৰ পিছতে খৰ্গেই নিজৰ ভাষণ আৰম্ভ কৰি এক বিশেষ হুংকাৰ দিয়ে। তেওঁৰ মন্তব্য, এতিয়া তেওঁৰ বয়স ৮৩ বছৰ, ইমান সোনকালে তেওঁৰ মৃত্যু নহয়। প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাচ্যুত নকৰালৈকে তেওঁ জীয়াই থাকিব বুলি হুংকাৰ দিয়ে মল্লিকাৰ্জুন খৰ্গেই। তেওঁ লগতে জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ বাবে যুঁজ দিব বুলিও নিজ ভাষণত প্ৰতিশ্ৰুতি দিয়ে।
ইফালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্ম-কাশ্মীৰত কেতিয়াও নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে বুলি খৰ্গেই অভিযোগ কৰে। তেওঁৰ মতে, কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰিলে এবছৰ বা দুবছৰৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতহে কেন্দ্ৰই নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰে বুলি মল্লিকাৰ্জুন খৰ্গেই দাবী কৰে। কেন্দ্ৰই নিবিচাৰিলেও কংগ্ৰেছে উপত্যকাটোত নিৰ্বাচন বিচাৰিছিল বুলিও তেওঁ মন্তব্য কৰে।
এই প্ৰসঙ্গত বিজেপিক আক্ৰমণ কৰি খৰ্গেই বিজেপিয়ে লেফটেনেণ্ট গৱৰ্ণৰৰ জৰিয়তে ৰিম’ট কণ্ট্ৰ’লড চৰকাৰ চলাব বিচাৰে বুলি অভিযোগ কৰে। তেওঁৰ দাবী, দেশৰ যুৱক-যুৱতীসকলক বিগত ১০ বছৰত একো নিদিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১০ বছৰত দেশবাসীৰ সমৃদ্ধি ঘূৰাই আনিব নোৱাৰা এজন ব্যক্তিক বিশ্বাস কৰিব পাৰিবনে বুলি সভাত উপস্থিত লোকসকলক উদ্দেশ্যি প্ৰশ্ন কৰে খৰ্গেই।
তেওঁৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ দোহাই দি প্ৰধানমন্ত্ৰীগৰাকীক তীক্ষ্ণ সমালোচনা কৰে। খৰ্গেই কয় যে নৰেন্দ্ৰ মোদীয়ে পূৰ্বে প্ৰতি বছৰে ২ কোটি চাকৰি দিব, বহিঃৰাজ্যৰ পৰা ক’লা ধন আনিব, ১৫-১৫ লাখ টকা সকলোৰে একাউণ্টত ভৰাই দিব বুলি কৈছিল। কিন্তু এই প্ৰতিশ্ৰুতিসমূহ নৰেন্দ্ৰ মোদীয়ে পূৰণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰি মিছা কথা কোৱা ব্যক্তিক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে।
এনে মিছা কথাৰ বাবেই জম্মু-কাশ্মীৰৰ জনসাধাৰণেও কেতিয়াও নৰেন্দ্ৰ মোদীক ক্ষমা নকৰে বুলি দাবী কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণক বিজেপিয়ে বহু প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁলোকে এই ক্ষেত্ৰত একো কাম নকৰিলে। এতিয়া অমিত শ্বাহে পুনৰ ৫ লাখ চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে যদিও ১০ বছৰত তেওঁলোকে কি কৰিলে বুলি প্ৰশ্ন কৰে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে।
খৰ্গেৰ প্ৰশ্ন, জম্মু-কাশ্মীৰত ৬৫% চৰকাৰী পদ খালী থকাৰ পিছতো ইমান বছৰে এই পদবোৰ কিয় পূৰণ কৰা নাই? “বিজেপিয়ে কেৱল মানুহক বিপথে পৰিচালিত কৰিব বিচাৰে আৰু এয়াই হৈছে প্ৰকৃত সত্য”- এই মন্তব্য মল্লিকাৰ্জুন খৰ্গেৰ।