জম্মু-কাশ্মীৰ, হাৰিয়ানা নিৰ্বাচন ফলাফল 2024 LIVE: জম্মু-কাশ্মীৰ কংগ্ৰেছ-NCৰ, হাৰিয়ানা বিজেপিৰ
jammu and Kashmir Haryana Assembly Election Results 2024 LIVE Counting and Updates: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানা শাসনৰ বাঘজৰী ? ৮ অক্টোবৰ, আজি কিছুসময় পাছতেই ৰাজ্যকেইখনত আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। দুয়োখন ৰাজ্যতে মুঠ আসনৰ সংখ্যা ৯০ খন। কিছু সময় পাছতেই আৰম্ভ হ'ব ভোট গণনা।
কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানা শাসনৰ বাঘজৰী ? ৮ অক্টোবৰ, আজি কিছুসময় পাছতেই ৰাজ্যকেইখনত আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া। জম্মু- কাশ্মীৰ বিধানসভাৰ বাবে ৩ টা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচন ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল। ১৮ ছেপ্টেম্বৰত ২৪ খন আসন, ২৫ ছেপ্টেম্বৰত ২৬ খন আসন আৰু ১ অক্টোবৰত ৪০ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। জম্মু- কাশ্মীৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৯০।
ইয়াৰ বিপৰীতে হাৰিয়ানাত মুঠ আসনৰ সংখ্যা ৯০ খন। এই আটাইকেইখন আসনৰ বাবে ৫ অক্টোবৰত ভোটদান অনুষ্ঠিত হৈছিল। এই ৰাজ্যখনত ভোটদানৰ হাৰ প্ৰায় ৬৭ শতাংশ আছিল। হাৰিয়ানাত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে। কিছুদিন পূৰ্বে বিভিন্ন সংস্থাই কৰা এক্সিট পলত দুয়োখন ৰাজ্যত কংগ্ৰেছৰ উত্থান হোৱাৰ কথা প্ৰকাশ পাইছিল। অৱশ্যে আজি সন্ধিয়ালৈকে সকলো স্পষ্ট হৈ পৰিব।
LIVE NEWS & UPDATES
-
হাৰিয়ানা বিজেপিৰ, জম্মুু- কাশ্মীৰ কংগ্ৰেছ-NC ৰ
হাৰিয়ানা আৰু জম্ম-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট হৈ পৰিছে। হাৰিয়ানাত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে জম্মু- কাশ্মীৰত কংগ্ৰেছ আৰু এন চিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। কিছু সময়ত নিৰ্বাচন আয়োগে কৰিব আনুষ্ঠানিক ঘোষণা।
-
জম্মু-কাশ্মীৰঃ বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদত্যাগ
জম্মু-কাশ্মীৰৰ নৌশ্বেৰা আসনৰ পৰা পৰাস্ত হোৱাৰ পাছতেই বিজেপি প্ৰাৰ্থী ৰবীন্দ্ৰ ৰাইনাই ৰাজ্যিক সভাপতি পদ ত্যাগ কৰে। ২০১৮ চনৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰি আছিল ৰবীন্দ্ৰ ৰাইনা। ইয়াৰ উপৰিও ২০১৪ চনৰ পৰা ২০১৮ চনলৈ বিধায়কও আছিল।
-
-
আপৰ প্ৰাৰ্থীৰ লগত কথা পাতিলে কেজৰিৱালে
জম্মু-কাশ্মীৰৰ ডোডাত জয়লাভ কৰিলে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক। নৱ নিৰ্বাচিত বিধায়কগৰাকীৰ সৈতে কথা পাতিলে অৰবিন্দ কেজৰিৱালে।
#WATCH दिल्ली के पूर्व मुख्यमंत्री और AAP के राष्ट्रीय संयोजक अरविंद केजरीवाल ने डोडा से नवनिर्वाचित AAP विधायक मेहराज मलिक से वीडियो कॉल के माध्यम बात की और उन्हें बधाई दी।
(सोर्स: AAP) pic.twitter.com/Nsw78xmypU
— ANI_HindiNews (@AHindinews) October 8, 2024
-
জয় উদযাপন বিজেপিৰ
হাৰিয়ানাত জয়লাভ কৰাৰ পাছতে দিল্লীত জয় উদযাপন কৰে বিজেপি কৰ্মকৰ্তাই।
#WATCH | Firecrackers being burst at the BJP headquarters in Delhi as party leaders and workers celebrate party's performance in the Haryana Assembly elections
PM Narendra Modi is likely to address the party workers here in the evening today. pic.twitter.com/21sQcUWJI9
— ANI (@ANI) October 8, 2024
-
আজি জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়। কিছু সময় পাছতেই ঘোষণা হ’ব চূড়ান্ত ফলাফল। ইয়াৰ মাজতে জানিব পৰা গৈছে যে আজি সন্ধিয়া ইয়াত দলীয় কৰ্মীসকলক সম্বোধন কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
-
হাৰিয়ানাঃ অনিল বিজৰ জয়
আম্বালা কেণ্টৰ পৰা বিজেপি প্ৰাৰ্থী অনিল বিজে ৭২৭৭টা ভোটত জয়লাভ কৰিছে। নেতাগৰাকীয়ে এই জয় মোদীৰ জয় আৰু জনতাৰ বিশ্বাসৰ জয় বুলি অভিহিত কৰিছে।
-
জি. কিষাণ ৰেড্ডীৰ মন্তব্য
কেন্দ্ৰীয় মন্ত্ৰী তথা জম্মু-কাশ্মীৰ বিজেপি বিধানসভাৰ নিৰ্বাচনী প্ৰভাৰী জি. কিষাণ ৰেড্ডীয়ে কয় যে ৰাষ্ট্ৰীয় সন্মিলনে ধৰ্মৰ নামত মানুহক বিভাজন কৰিবলৈ চেষ্টা কৰিছে। এনচিয়ে অপপ্ৰচাৰ কৰাৰ পাছতো আমি বহু আসন লাভ কৰিছো।
-
মনোহৰলাল খট্টৰৰ মন্তব্য
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে কয়, ‘কংগ্ৰেছে অহৰহ মিছা প্ৰচাৰ কৰি আছিল। জনতাই তেওঁলোকক আঁতৰ কৰি পেলালে। চৰকাৰৰ কৰ্মনীতি আৰু সাফল্যক জনসাধাৰণে মানি লৈছিল। এয়া এক অভিলেখত পৰিণত হৈছে যে বিজেপিয়ে তৃতীয় বাৰৰ বাবে হাৰিয়ানাত চৰকাৰ গঠন কৰিব।
-
মোদীক ধন্যবাদ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতি ধন্যবাদ জনায়। এই সময়ত মুখ্যমন্ত্ৰী ছাইনীয়ে কয় যে আপোনালোকৰ নেতৃত্বত হাৰিয়ানাত ইমান ডাঙৰ বিজয় অৰ্জন কৰা হৈছে।
-
ইঞ্জিনিয়াৰ ৰাছিদৰ ভাতৃৰ জয়
অভিযন্তা ৰছিদৰ ভাতৃ খুৰশ্বিদ আহমেদ শ্বেইখৰ জয়। এআইপিৰ প্ৰাৰ্থী শ্বেখে লংগাটে বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
-
বিনেশ ফোগাটৰ জয়ত ব্ৰিজভূষণৰ মন্তব্য
জুলানা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটৰ বিজয় সন্দৰ্ভত ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্রিজ ভূষণ শৰণ সিঙে কয়, যদি তেওঁ (বিনেশ ফ’গাট) আমাৰ নাম লৈ জয়ী হৈছে, তেন্তে তাৰ অৰ্থ হ’ল আমি মহান মানুহ। অন্ততঃ মোৰ নামত ইমান শক্তি আছে যে মোৰ নাম লৈ তেওঁলোকৰ নাওখন পাৰ হৈ গ’ল কিন্তু কংগ্ৰেছ ডুব গ’ল…ৰাহুল বাবাৰ কি হ’ব?
-
ডোডাত আপৰ হাতত পৰাজিত বিজেপি প্ৰাৰ্থী
জম্মু- কাশ্মীৰৰ ডোডাত বিজেপিত পৰাজিত আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰ। ৫ নম্বৰখন ৰাজ্যত আপৰ বিধায়ক হোৱা মেহৰাজ মালিকক অশেষ অভিনন্দন অৰবিন্দ কেজৰিৱালৰ।
डोडा से आम आदमी पार्टी के उम्मीदवार मेहराज मलिक द्वारा बीजेपी को हराकर शानदार जीत हासिल करने के लिए बहुत बहुत बधाई। आप बहुत अच्छा चुनाव लड़े।
पांचवें राज्य में MLA बनने पर पूरी आम आदमी पार्टी को बधाई।
— Arvind Kejriwal (@ArvindKejriwal) October 8, 2024
-
হাৰিয়ানাঃ”ৰাইজে মোক সমৰ্থন দিয়াৰ বাবেই মই জয়ী হৈছো”
বাৱনী খেদা বিধানসভা আসনৰ বিজেপিৰ প্ৰাৰ্থী কাপুৰ সিঙে কয়, ৰাইজে মোক সমৰ্থন দিয়াৰ বাবেই মই জয়ী হৈছো। মানুহে প্ৰমাণ কৰিছে যে যিজনে কাম কৰে তেওঁ কেতিয়াও হেৰুৱাব নোৱাৰে। মই মানুহৰ মাজত থাকি কাম কৰিছো। মানুহে মোক আশীৰ্বাদ দিছে।
-
আমাক ধ্বংস কৰিবলৈ অহা সকলৰ কোনো লেখ-জোখ নাই… ওমৰ আব্দুল্লাৰ ডাঙৰ মন্তব্য
জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ উপ-সভাপতি তথা গাণ্ডাৰবাল আৰু বুডগাম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ওমৰ আব্দুল্লাই কয় যে, মই বুডগামৰ ভোটাৰসকলক ধন্যবাদ জনাইছো, যিসকলে মোক তেওঁলোকৰ বহুমূলীয়া ভোটেৰে পুৰস্কৃত কৰি মোক ইয়াৰ পৰাই সফল কৰি তুলিলে। যোৱা ৫ বছৰে ৰাষ্ট্ৰীয় সন্মিলন বাহিৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় সন্মিলন ধ্বংস কৰা। খেলপথাৰত আমাক ধ্বংস কৰিবলৈ অহা সকলৰ কোনো লেখ-জোখ নাছিল। আমাৰ দায়িত্ব বাঢ়িল।
-
হাৰিয়ানা : আমি সংখ্যাগৰিষ্ঠতা পাইছো, চূড়ান্ত লক্ষ্যত উপনীত হ’ম – ভূপেন্দ্ৰ সিং হুদা
কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন্দ্ৰ সিং হুডাই কয়, ‘মোৰ খবৰ আছে যে বহু ঠাইত ভোট গণনা বন্ধ হৈ পৰিছে। আমি সংখ্যাগৰিষ্ঠতা পাইছো। আমি চূড়ান্ত লক্ষ্যত উপনীত হ’ম।”
-
ৰাইজৰ মৰম সদায় লগত ৰাখিম :বিনেশ ফোগাট
জুলানা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে নিজৰ জয়ৰ সন্দৰ্ভত কয় যে, “সদায় সংগ্ৰামৰ পথ বাছি লোৱা প্ৰতিগৰাকী ছোৱালী আৰু মহিলাৰ এই যুঁজ। এই দেশে মোক যি মৰম দিছে, সেই মৰম মই সদায় ৰাখিম। এতিয়াই অপেক্ষা কৰক কাৰণ সকলো আসনৰ ফলাফল এতিয়াও স্পষ্ট হোৱা নাই। এতিয়ালৈকে একো স্পষ্ট হোৱা নাই যদিও হাতত প্ৰমাণ পত্ৰ আহিলে কেৱল কংগ্ৰেছ দলেহে চৰকাৰ গঠন কৰিব। ৰাজনীতিত অহাৰ পিছত মই এতিয়া ইয়াতেই থাকিম।”
-
মেহবুবাই পৰাজয় মানি ল’লে, ক’লে- জনশৃংখলা গ্ৰহণ কৰক
এইবাৰ জম্মু-কাশ্মীৰত পিডিপিৰ প্ৰদৰ্শন ভাল হোৱা নাই। মাত্ৰ তিনিখন আসনত আগবাঢ়ি আছে দলটো। ইফালে পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে নিজৰ পৰাজয় মানি লৈছে। জনসাধাৰণৰ নিৰ্দেশ মানি লোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে জম্মু-কাশ্মীৰক এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন। ইয়াত একপক্ষীয় ভোট হৈছে। জম্মু-কাশ্মীৰবাসীলৈ অভিনন্দন।
-
আমাৰ লগত কৃষক আৰু মল্লযুঁজাৰু ওলাই আহিল, শ্লোগানে কাম কৰা নাছিল – গিৰিৰাজ সিং
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰবীণ নেতা গিৰিৰাজ সিঙে কংগ্ৰেছক সমালোচনা কৰিছে । তেওঁ কৈছে যে, আমাৰ লগত সকলো কৃষক আৰু মল্লযুঁজাৰু ওলাই আহিল। শ্লোগানে কাম নকৰিলে ।
-
হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব লাগিব : ফাৰুক আব্দুল্লা
ফাৰুক আব্দুল্লাই কয় যে , আমি আশা কৰিছো যে আমি জনসাধাৰণৰ আশা পূৰণ কৰিম আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিম। মই বিশ্বাস কৰোঁ যে মানুহে আমাৰ কথা শুনিছে আৰু আমাক বিশ্বাস কৰিছে, মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আমি এই হেঁচা শেষ কৰিব লাগিব, ইয়াত ৰাজহুৱা শাসন হ’ব, আৰক্ষীৰ শাসন নহয়। আমি নিৰীহ মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব, সঁচা কথা কোৱাৰ বাবে জেলত থকা মিডিয়া মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব, একমাত্ৰ অনুৰোধ যে আমি ঘৃণা বৃদ্ধি কৰিব নালাগে, আমি প্ৰেম বৃদ্ধি কৰিব লাগিব। আমি হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব লাগিব।
-
JK Nowshera Result: নৌশ্বেৰা আসনৰ পৰা ৰবীন্দ্ৰ ৰাইনা ৮৭৫১ টা ভোটত পৰাস্ত হয়।
জম্মু-কাশ্মীৰত নৌশ্বেৰা আসনত পৰাস্ত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰবীন্দ্ৰ ৰাইনা। ৰাষ্ট্ৰীয় সন্মিলনৰ সুৰিন্দৰ কুমাৰ চৌধৰীয়ে ৰাইনাক ৮৭৫১টা ভোটত পৰাস্ত কৰে।
-
ওমৰ আব্দুল্লাহ হ’ব জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী – ফাৰুক আব্দুল্লাৰ ডাঙৰ ঘোষণা
জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ দিশে এন চি-কংগ্ৰেছ মিত্ৰতা। ফলাফলৰ মাজতে ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই ডাঙৰ ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লা নাম উল্লেখ কৰিছে ফাৰুক আব্দুল্লাই ।
-
হাৰিয়ানা নিৰ্বাচনৰ ফলাফলঃ চাৰিওখন আসনত জয় নিশ্চিত বিজেপিৰ
হাৰিয়ানাৰ পানীপাটত বিজেপি কৰ্মীসকল ৰ মাজত বিজয় উল্লাস দেখা গৈছে । গণনা কেন্দ্ৰৰ বাহিৰত বৃহৎ সংখ্যক দলীয় কৰ্মীয়ে ভিৰ কৰিছে । আতচবাজী আৰু বাদ্যযন্ত্ৰৰে এই বিজয় উদযাপন কৰা দেখা হৈছে। পানীপাটৰ চাৰিওখন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। সমলখা, পানীপট গ্ৰাম্য, পানীপাট নগৰীয়া আৰু ইছৰানা আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।সমলখাৰ আসনত বিজেপি প্ৰাৰ্থী মনমোহন ভদনাই ১৯ হাজাৰৰো অধিক ভোটত জয়লাভ কৰে।
-
হাৰিয়ানা নিৰ্বাচন ২০২৪: মনোহৰ লাল খট্টৰৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক
হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ঘৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত হাৰিয়ানাৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান, যুটীয়া প্ৰভাৰী সুৰেন্দ্ৰ নগৰ, বিপ্লৱ দেৱো উপস্থিত থাকে।
-
হাৰিয়ানাত বিজেপিয়ে ৩ খন আসন, কংগ্ৰেছে ৩ খন আসনত জয় লাভ কৰিছে
নিৰ্বাচন আয়োগৰ ৱেবছাইট অনুসৰি, হাৰিয়ানাত ৬খন আসনৰ গণনা শেষ। ইয়াৰ ভিতৰত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে ৩ খনকৈ আসন লাভ কৰে।
-
শ্ৰীনগৰত ফাৰুক আব্দুল্লাৰ ঘৰৰ বাহিৰত বিজয় উল্লাস
শ্ৰীনগৰৰ ফাৰুক আব্দুল্লাৰ বাসগৃহৰ বাহিৰত ৰাষ্ট্ৰীয় সন্মিলনৰ কৰ্মীৰ বিজয় উল্লাস ।
#WATCH श्रीनगर: नेशनल कॉन्फ्रेंस के कार्यकर्ताओं ने पार्टी प्रमुख फारूक अब्दुल्ला के आवास के बाहर जश्न मनाया। pic.twitter.com/eDdeI8Ow3z
— ANI_HindiNews (@AHindinews) October 8, 2024
-
জম্মু-কাশ্মীৰত কংগ্ৰেছ-এনচি বৃহৎ অগ্ৰগতি
কংগ্ৰেছ এন চি এলায়েন্স- ৫১
বিজেপি-২৭
পিডিপি-৪
অন্যান্য-৮ -
জম্মু কাশ্মীৰ ফলাফলঃ সমৰ্থকৰ শুভেচ্ছা গ্ৰহণ কৰিলে ফাৰুক আব্দুল্লাই
জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই শ্ৰীনগৰত থকা নিজৰ বাসগৃহত সমৰ্থকসকলৰ শুভেচ্ছা গ্ৰহণ কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৪ চনৰ জম্মু-কাশ্মীৰ নিৰ্বাচনত এনচি-কংগ্ৰেছৰ মিত্ৰতাই সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে।
#WATCH JKNC प्रमुख फारूक अब्दुल्ला श्रीनगर में अपने आवास पर अपने समर्थकों का अभिवादन स्वीकार किया।
चुनाव आयोग के आंकड़ों के अनुसार JKNC-कांग्रेस गठबंधन ने जम्मू कश्मीर चुनाव 2024 में बहुमत का आंकड़ा पार कर लिया है। pic.twitter.com/Fv6gFcLMsY
— ANI_HindiNews (@AHindinews) October 8, 2024
-
হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জে পি নাড্ডাৰ
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক শুভেচ্ছা জ্ঞাপন কৰে। হাৰিয়ানাত কিছু সময় পাছতেই প্ৰকাশ পাব চূড়ান্ত ফলাফল। বিজেপিৰ জয় প্ৰায় নিশ্চিত।
-
হাৰিয়ানাত ঐতিহাসিক জয়ৰ দিশে বিজেপি
হাৰিয়ানাত ঐতিহাসিক জয়ৰ দিশে আগবাঢ়িছে বিজেপি- এই মন্তব্য ছাহজাহ পুনাৱালাৰ। উল্লেখ কৰা প্ৰয়োজন যে হাৰিয়ানাত বিজেপিয়ে প্ৰায় ৫০ খন আসনত অগ্ৰগতি লাভ কৰি আছে।
-
জম্মু-কাশ্মীৰৰ ৭ খন আসনৰ ফলাফল
- বছহোলী- বিজেপি- দৰ্শন কুমাৰ
- ছাম্বা- বিজেপি- সুৰজিত সিং
- গুৰেজ- ৰাষ্ট্ৰীয় সন্মিলন- ফকিৰ মহম্মদ খান
- হজৰতবাল- ৰাষ্ট্ৰীয় সন্মিলন- ছলমান সাগৰ
- উধমপুৰ পূৱ- বিজেপি- ৰণবীৰ সিং পাথিৰানা
-
জম্মু- কাশ্মীৰঃগুৰেজত NC প্ৰাৰ্থীৰ জয়
গুৰেজত জয়লাভ কৰিছে নেশ্যনেল কনফাৰেন্সৰ প্ৰাৰ্থীৰ নাজিৰ আহমেদ খান। তেওঁ বিজেপিৰ প্ৰাৰ্থী ফকিৰ মহম্মদ খানক ১১৩২টা ভোটত পৰাস্ত কৰিছে।
-
জম্মু- কাশ্মীৰত বিজেপিৰ এখন আসনত জয়
জম্মুৰ এখন আসনত জয়লাভ কৰিলে বিজেপিয়ে। সাম্বাৰৰ পৰা বিজেপি প্ৰাৰ্থী সুৰজিৎ সিঙে নিৰ্বাচনত জয়লাভ কৰিছে। বিজেপিৰ এইগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ সিঙক ২৯৪৮১টা ভোটত পৰাস্ত কৰে। সুৰজিৎ সিঙে ৪২২০৬টা ভোট লাভ কৰাৰ বিপৰীতে ৰবীন্দ্ৰই ১২৭২৫টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে।
-
জম্মু-কাশ্মীৰত পিছ পৰিছে বিজেপি
নৌশেৰাৰ বিজেপি প্ৰাৰ্থী ৰবিন্দ্ৰ ৰেইনা ১১৪৪৩ টা ভোটত পিছ পৰি আছে। ইয়াৰ বিপৰীতে আগবাঢ়ি আছে এনচি নেতা সুৰেন্দ্ৰ চৌধুৰী।
-
হাৰিয়ানাঃ কংগ্ৰেছে পৰাজয় স্বীকাৰ কৰক!
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ সুধনশু ত্ৰিবেদীয়ে কয়, “আমি জয়ৰ দিশে আগবাঢ়িছো আৰু কংগ্ৰেছে ভৱিষ্যতৰ পৰাজয়ৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ পৰাজয় স্বীকাৰ কৰক । ”
-
কি হব বিনেশ ফ’গাটৰ
১১.৪৫ বজাৰ তথ্য অনুসৰি মল্লযুঁজাৰু বিনেশ ফগাটে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই আসনখনত প্ৰায় ৯ টা ৰাউণ্ডৰ ভোট গণনা সম্পূৰ্ণ হৈছে। বিনেশে এতিয়ালৈকে ৪৪৩৭ টা ভোটত আগবাঢ়ি আছে।
-
হাৰিয়ানাত জয়ৰ দিশে বিজেপি…
হাৰিয়ানাৰ কেইবাখন আসনত ভোটগণনা সম্পূৰ্ণ হোৱাৰ দিশে। ইতিমধ্যে বিজেপিৰ কাৰ্যকৰ্তাই জয় উদযাপন কৰা আৰম্ভ কৰিছে। আম্বালা সমষ্টিৰ দৃশ্য এয়া।
#WATCH | Haryana: BJP workers celebrate at the party office in Ambala, as they monitor the counting trends.
As per the latest EC data, BJP is leading on 49 of the 90 seats in the state. #HaryanaAssemblyPolls2024 pic.twitter.com/rfi1o93ar4
— ANI (@ANI) October 8, 2024
-
জম্মু- কাশ্মীৰ সন্দৰ্ভত কি কয় বিজেপিয়ে
জম্মু-কাশ্মীৰ বিজেপিৰ সহ-প্ৰভাৰী আশীষ ছুদে কয় যে জনতাই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া মানি ল’ম। কিন্তু ১০ টা ৰাউণ্ডৰ ভিতৰত মাত্ৰ ৩ টাৰ গণনাতহে আমি পিছ পৰিছো। এতিয়াও গণনা হ’বলৈ বহু বাকী। আমি একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হ’ম।
-
হাৰিয়ানাত আগবাঢ়িছে বিজেপি
নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি হাৰিয়ানাত বিজেপি ৫০ খন আসনত আগবাঢ়ি আছে। হাৰিয়ানাত চৰকাৰ গঠন কৰাৰ বাবে মেজিক নম্বৰ ৪৬। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৩৪ খন আসনত আগবাঢ়ি আছে।
-
জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি
এইবাৰ জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি। ইয়াত কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান সময়ত বিজেপিয়ে যেন ২৫খন আসন, পিডিপিয়ে ৫খন আৰু আনসকলে ৯খন আসন লাভ কৰিছে।
-
হাৰিয়ানাৰ ফলাফলঃ নায়ব ছাইনী লাদৱা আসনৰ পৰা আগবাঢ়ি আছে
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে গণনা অব্যাহত আছে। ৰাজ্যৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী নয়ব ছাইনী লাদৱা আসনৰ পৰা ৫৪৩০ ভোটত আগবাঢ়ি আছে।
-
হাৰিয়ানাত বিজেপি যাব, কংগ্ৰেছ আহিব!
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী ভূপিন্দৰ সিং হুডাৰ ভাতৃ কুলদীপ সিং হুডাই কয় যে কংগ্ৰেছ আহি আছে, বিজেপি যাবলৈ ওলাইছে। ৪ ৰাউণ্ডৰ অন্তত এইগৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।
-
৪ ৰাউণ্ডৰ পাছত জম্মু- কাশ্মীৰত পিছ পৰিছে বিজেপি
জম্মু-কাশ্মীৰত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিলে কংগ্ৰেছ-এনচিয়ে। দুয়োখন আসনৰ পৰা আগবাঢ়ি আছে ওমৰ আব্দুল্লাহ। চাৰিটা ৰাউণ্ডৰ পাছতো পিছ পৰি ৰৈছে বিজেপি।
-
জম্মু- কাশ্মীৰত কোন কিমান আসনত আগবাঢ়িছে
বৰ্তমানৰ সংখ্যা-
কংগ্ৰেছ মিত্ৰতা- ৪৯
বিজেপি- ২৭
পিডিপি-৪
আন- ১০ -
জম্মু-কাশ্মীৰৰ কোন আগত?
জম্মু-কাশ্মীৰৰ ৪৯খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ-এনচি মিত্ৰজোঁট। ইয়াৰ বাহিৰেও ২৫খন আসনত বিজেপি, তিনিখন আসনত পিডি আৰু ১৩খন আসনত আন কিছুমানে আগবাঢ়ি আছে।
-
পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফ’গাট
হাৰিয়ানাত পিছ পৰি আছে বিনেশ ফ’গাট। জুলানা সমষ্টিৰ পৰা বিজেপিৰ যোগেশ আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছৰ বিনেশ ফ’গাট প্ৰায় ১৪০০ ভোটত পিছ পৰি আছে।
-
জম্মু-কাশ্মীৰত বিজেপিক পিছ পেলাই আগত কংগ্ৰেছ
জম্মু- কাশ্মীৰত কংগ্ৰেছ আৰু এন চিয়ে যথেষ্ঠ অগ্ৰগতি লাভ কৰিছে। আসনৰ সংখ্যা-
কংগ্ৰেছ-এন চি- ৫০
বিজেপি-২৪
পিডিপি-৩
আন-১৩ -
জম্মু- কাশ্মীৰত সংখ্যাগৰিষ্ঠতা পাৰ কৰিলে কংগ্ৰেছ- এনচিয়ে
জম্মু-কাশ্মীৰত কংগ্ৰেছ- এনচি দ্ৰুতগতিত আগবাঢ়িছে। কংগ্ৰেছ-এনচিৰ আসন সংখ্যাগৰিষ্ঠতা পাৰ হৈ গৈছে। ২৪খন আসনত আগবাঢ়ি আছে বিজেপি। ৩ খন আসনত পিডিপি আৰু ১৪ খন আসনত আগবাঢ়ি আছে নিৰ্দলীয়।
-
হাৰিয়ানাঃ এইবাৰ আগবাঢ়িছে বিজেপি…
হাৰিয়ানাত বৰ্তমান সময়ত বিজেপি আগবাঢ়ি আছে। বৰ্তমান ভোট গণনা চলি থকা ৫০ খন আসনৰ সংখ্যা-
বিজেপিঃ ২৫ খন
কংগ্ৰেছঃ ২৩ খন
আই এন এল ডিঃ ১ খন
আই এন ডিঃ ১খন -
জম্মু- কাশ্মীৰঃবিজেপিৰ ৰাজ্যিক অধ্যক্ষ ৰবিন্দ্ৰ ৰেইনা ২৭৯৭ ভোটত পিছ পৰি আছে
জম্মু- কাশ্মীৰত বিজেপিৰ ৰাজ্যিক অধ্যক্ষ ৰবিন্দ্ৰ ৰেইনা ২৭৯৭ ভোটত পিছ পৰি আছে। বৰ্তমান বিজেপিয়ে ৩১ খন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছ- এনচি ৪৫ খন আসনত আগবাঢ়ি আছে। লগতে পিডিপিৰ ৩ খন আৰু অন্যই ১১ খন আসনত আগবাঢ়ি আছে।
-
মিঠাই বিতৰণ আৰম্ভ কংগ্ৰেছৰ
হাৰিয়ানা আৰু জম্মু- কাশ্মীৰৰ প্ৰাৰম্ভক পৰ্যায়ৰ গণনাত বিজেপিক পিছ পেলাই আগবাঢ়িছে কংগ্ৰেছ। হাৰিয়ানাত প্ৰায় ৬২ খন আসনত আৰু জম্মু- কাশ্মীৰত ৪৫ খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। ইয়াৰ বাবে দিল্লীত মিঠাই বিতৰণ কৰিছে কংগ্ৰেছে।
#WATCH | Delhi: Congress worker Jagdish Sharma and other party workers distribute sweets outside Congress office as counting of votes for #HaryanaElections and #JammuKashmirAssemblyElection is underway. pic.twitter.com/eO5e4eJbBe
— ANI (@ANI) October 8, 2024
-
জম্মু- কাশ্মীৰত কাৰ কিমান আসনত অগ্ৰগতি
জম্মু- কাশ্মীৰত সঘনাই সলনি গৈছে প্ৰেক্ষাপট। বৰ্তমান আগবাঢ়ি আছে-
কংগ্ৰেছ-এন চি-৪৫
বিজেপি- ২৫
পিডিপি-২
আন-৬ -
দুয়োখন ৰাজ্য আমাৰ, মোদীলৈ প্ৰেৰণ কৰিম মিঠাইঃ কংগ্ৰেছ নেতা
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেদাই কয়, ‘ নিশ্চিত যে দুয়োখন ৰাজ্যত কংগ্ৰেছ দলে জয়লাভ কৰিব। গতিকে আমি প্ৰধানমন্ত্ৰীলৈ মিঠাই প্ৰেৰণ কৰিম। হাৰিয়ানা আৰু জম্মু- কাশ্মীৰত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা চৰকাৰ গঠন কৰিব।”
-
হাৰিয়ানাত কংগ্ৰেছৰ অগ্ৰগতি
হাৰিয়ানাত বিজেপিক পিছ পেলাই আগবাঢ়িছে কংগ্ৰেছ। দলটোৱে ৬২খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৪খন আসনত আগবাঢ়ি আছে।
-
জম্মু- কাশ্মীৰঃ কোন দলৰ কিমান আসনত অগ্ৰগতি
জম্মু- কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। ৯০ খন আসনৰ ৭৩ খন আসনৰ তথ্য অনুসৰি-
কংগ্ৰেছ- এনচিঃ ৪৬
বিজেপিঃ ২৪
পিডিপিঃ ২
অন্যঃ ২ -
হাৰিয়ানাত ৪০ খন আসনত আগবাঢ়িছে কংগ্ৰেছ
হাৰিয়ানাত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া। প্ৰথম অৱস্থাত কংগ্ৰেছ ৪০ খন আসনত আগবাঢ়ি আছে আৰু বিজেপিয়ে লাভ কৰিছে ১৮ খনত অগ্ৰগতি।
-
জম্মু- কাশ্মীৰঃ পলকত সলনি প্ৰেক্ষাপট, আগবাঢ়িছে বিজেপি
মূহুৰ্ততে সলনি জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰেক্ষাপট। ২৫খন আসনত আগবাঢ়ি আছে বিজেপি। ৯খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্স। পিডিপিয়ে বৰ্তমান ১ খন আসনত অগ্ৰগতি লাভ কৰিছে।
-
জম্মু-কাশ্মীৰঃ আগবাঢ়িছে কংগ্ৰেছ- NC, পিছ পৰিছে বিজেপি…
জম্মু- কাশ্মীৰত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া। কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্স দল ৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ বিপৰীতে ৩ খন আসনত নিৰ্দলীয় আগবাঢ়ি আছে।
-
হাৰিয়ানাত হ’ব বিজেপি চৰকাৰঃ মুখ্যমন্ত্ৰী
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী নায়ব সিং ছাইনীয়ে কয়, ‘আজি ভোটগণনাৰ দিন আৰু মই নিশ্চিত যে বিগত দহ বছৰত বিজেপি চৰকাৰে যি কাম কৰিছে তাৰ ফলস্বৰূপে আমি পুনৰ চৰকাৰ গঠন কৰিম । আমাৰ চৰকাৰে হাৰিয়ানাৰ জনসাধাৰণৰ সেৱা আগবঢ়াই যাব। কংগ্ৰেছে ক্ষমতাৰ বাবে কাম কৰে, বিজেপিয়ে সেৱাৰ বাবে কাম কৰে।”
#WATCH | Kurukshetra: Haryana CM and BJP candidate from Ladwa assembly constituency Nayab Singh Saini says, "Today is the day of counting and I am confident that as a result of the works done by the BJP government in the past ten years, we will be forming the government in… pic.twitter.com/RN5eUqxC6i
— ANI (@ANI) October 8, 2024
-
জম্মু- কাশ্মীৰঃ ১০ বছৰ পাছত নিৰ্বাচন
জম্মু- কাশ্মীৰত ১০ বছৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই দাবী কৰিছে আহিছে যে জম্মু- কাশ্মীৰ তেওঁলোকৰ হাতলৈ যাব।
-
হাৰিয়ানাঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা…
জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি পুৱা ৭ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ ভোটদানৰ সংখ্যা ৬১.৩৮ শতাংশ, দ্বিতীয় পৰ্যায়ত ৫৭.৩১ শতাংশ আৰু তৃতীয় পৰ্যায়ত ৬৯.৬৫ শতাংশ।
-
জম্মু-কাশ্মীৰঃ ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা
জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ ভোটদানৰ সংখ্যা ৬১.৩৮ শতাংশ, দ্বিতীয় পৰ্যায়ত ৫৭.৩১ শতাংশ আৰু তৃতীয় পৰ্যায়ত ৬৯.৬৫ শতাংশ।