ভয়ংকৰ দুৰ্ঘটনা! খাৱৈত পৰিল যাত্ৰীবাহী বাহন, থিতাতে নিহত ৪জন, ২ জন সন্ধানহীন

জম্মু আৰু কাশ্মীৰ বিষয়াসকলে জনোৱা মতে কিষ্টৱাৰ জিলাৰ মাচু-পাদ্দাৰ অঞ্চলত ছয়জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাহন গভীৰ খাৱৈত পৰে। য'ত কমেও চাৰিজন লোকৰ মৃত্যু হয়।ঘটনাটো শনিবাৰে নিশা সংঘটিত হৈছিল।

ভয়ংকৰ দুৰ্ঘটনা! খাৱৈত পৰিল যাত্ৰীবাহী বাহন, থিতাতে নিহত ৪জন, ২ জন সন্ধানহীন

জম্মু-কাশ্মীৰ কিষ্টৱাৰত খাৱৈত পৰিল বাহন

Published: 

05 Jan 2025 14:10 PM

জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা। জম্মু আৰু কাশ্মীৰ বিষয়াসকলে জনোৱা মতে কিষ্টৱাৰ জিলাৰ মাচু-পাদ্দাৰ অঞ্চলত ছয়জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাহন গভীৰ খাৱৈত পৰে। য’ত কমেও চাৰিজন লোকৰ মৃত্যু হয়।

ঘটনাটো শনিবাৰে নিশা সংঘটিত হৈছিল। বৰ্তমানো বাহনখনৰ চালকসহ দুজন সন্ধানহীন লোকক বিচাৰি অনুসন্ধান অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। দুৰ্ঘটনাটোক লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা উধমপুৰৰ সাংসদ জীতেন্দ্ৰ সিঙে শোক প্ৰকাশ কৰি এক্সৰ এটা পোষ্টত কয়, “বাহনত যাত্ৰা কৰা ৪জন যাত্ৰী ঘটনাস্থলীত মৃত অৱস্থাত পোৱা খবৰটো শুনি দুখ পাইছো। চালকসহ আন দুজন ব্যক্তিক এতিয়াও বিচাৰি পোৱা হোৱা নাই। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা।”

জীতেন্দ্ৰ সিঙে কয় যে উদ্ধাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিবলৈ কিষ্টৱাৰৰ উপায়ুক্ত ৰাজেশ কুমাৰ শাৱনৰ সৈতে তেওঁ যোগাযোগ কৰিছে। লগতে কয় ইতিমধ্যে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে আৰু মই নিয়মীয়াকৈ আপডেট লাভ কৰি আছো।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

ঘটনাস্থলীত উপস্থিত লোকসকলে কয় যে এম্বুলেন্সখন ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত উদ্ধাৰ অভিযান চলি আছে। ঘটনাস্থলীৰ এটা ভিডিঅ’ত উদ্ধাৰকাৰী দলে এটা খাদৰ পৰা  মৃতদেহ উলিয়াই অনা দেখা গৈছে। অৱশ্যে, এতিয়ালৈকে দুৰ্ঘটনাটোত জড়িত বাহনখনৰ বিষয়ে তথ্য প্ৰকাশ কৰা নাই কৰ্তৃপক্ষই।

 

জম্মু-কাশ্মীৰত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি

ইয়াৰ পূৰ্বে মঙলবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰৰ বালনোই অঞ্চলত পথভ্ৰষ্ট হোৱাৰ ফলত সেনাৰ এখন বাহন খাদত পৰি পাঁচজন সৈনিক নিহত হয় আৰু আন পাঁচজন আহত হয়। শনিবাৰেও জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সংঘটিত হৈছিল আন এক শোকাৱহ দুৰ্ঘটনা। য’ত খাৱৈত পৰে এখন সেনাৰ বাহন। এই দুৰ্ঘটনাত ছহিদ হৈছিল ৪জনকৈ সৈনিক, দুজন সৈনিকৰ অৱস্থা সংকটজনক। গতিকে জম্মু আৰু কাশ্মীৰত বৰ্ধিত পথ দুৰ্ঘটনাই ৰাজ্যখনৰ পথ সুৰক্ষা সম্পৰ্কে বহুতো প্ৰশ্ন উত্থাপন কৰিছে আৰু পৰ্যটকসকলৰ চিন্তাও বৃদ্ধি কৰিছে।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে