শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pahalgam Terrorist Attack LIVE: কঠোৰ চৰকাৰ! ভাৰতত বন্ধ পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেল

Pahalgam Terrorist Attack LIVE: জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সম্পূৰ্ণ একচন মোডত মোদী চৰকাৰ । বুধবাৰে চিচিএছৰ বৈঠকৰ পাছত ভাৰত চৰকাৰে স্থগিত ৰাখিলে সিন্ধু জল সন্ধি। লগতে দেশত উপস্থিত থকা সকলো পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰা হয়। শেহতীয়া আপডেটসমূহ চাওক...

trishna-kalita
Trishna Kalita | Updated On: 24 Apr 2025 12:23 PM
Pahalgam Terrorist Attack LIVE: কঠোৰ চৰকাৰ! ভাৰতত বন্ধ পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেল
পহলগাম আক্ৰমণ

LIVE NEWS & UPDATES

  • 24 Apr 2025 12:23 PM (IST)

    পহলগামৰ ঘটনা নিন্দনীয়ঃ মুখ্যমন্ত্ৰী নীতিশ

    মধুবনীত অনুষ্ঠিত এক সভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি কয়, “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই ঘটনা নিন্দনীয়। আমি আপোনাৰ লগত আছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ পৰিছে দেশ।”

  • 24 Apr 2025 12:00 PM (IST)

    দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদ

    দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত অব্যাহত আছে জনতাৰ তীব্ৰ প্ৰতিবাদ। দিছে জয় শ্ৰী ৰাম ধ্বনি। পাকিস্তানক উচিত উত্তৰ দিবলৈ দাবী প্ৰতিবাদকাৰীৰ। পানী যোগান বন্ধ কৰাই নহয়, পাকিস্তানক মচি পেলোৱাৰ দাবী।

  • 24 Apr 2025 11:42 AM (IST)

    উধমপুৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, এজন জোৱান শ্বহীদ

    উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ। এজন জোৱান শ্বহীদ হোৱাৰ খবৰ। ইয়াৰ পূৰ্বে বাৰামুল্লাত সেনাই দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। উদ্ধাৰ কৰা হৈছিল অস্ত্ৰ-শস্ত্ৰ আৰু আই ই ডি।

  • 24 Apr 2025 11:25 AM (IST)

    পাকিস্তানত আতংক!

    পহলগাম আক্ৰমণৰ পিছত পাকিস্তানী সেনাৰ লগতে তাত থকা সন্ত্ৰাসবাদীৰ মাজতো আতংকৰ সৃষ্টি হৈছে। খালী কৰা হৈছে লঞ্চিং পেডৰ লগতে জয়ছ-ই-মহম্মদৰ মূল প্ৰশিক্ষণ শিবিৰ আৰু মুখ্য কাৰ্যালয়সমূহ। জৈছৰ বাহাৱালপুৰৰ মুখ্য কার্যালয়ো খালী কৰা হৈছে৷ এই মুখ্য কাৰ্যালয় ১৮ একৰ মাটিত বিস্তৃত।

  • 24 Apr 2025 11:12 AM (IST)

    গৃহ মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ বৈঠক

    দিল্লীৰ গৃহ মন্ত্ৰালয়ত চলিছে গৃহ সচিবৰ সৈতে RAW আৰু IB ৰ মুৰব্বীসকলৰ এক উচ্চ পৰ্যায়ৰ বৈঠক। পহলগাম আক্ৰমণ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছে বৈঠকত।

  • 24 Apr 2025 10:41 AM (IST)

    ভাৰতত দেখা নাযাব পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেল

    পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰে লৈছে আন এক কঠোৰ ব্যৱস্থা। এতিয়াৰে পৰা ভাৰতত দেখা নাযাব পাকিস্তান চৰকাৰৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ এক্স হেণ্ডেল । ভাৰতত ব্লক কৰা হৈছে পাকিস্তান চৰকাৰৰ অফিচিয়েল একাউণ্ট।

  • 24 Apr 2025 10:40 AM (IST)

    এয়া দেশৰ ওপৰত আক্ৰমণ, পৰ্যটকৰ ওপৰত নহয়: সঞ্জয় ৰাউত

    শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কয়, “এইটো সংকটৰ সময়। এই আক্ৰমণ কাশ্মীৰত হোৱা নাছিল, কেৱল তালৈ যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণ হোৱা নাছিল, ই আছিল দেশৰ ওপৰত আক্ৰমণ। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটকে ধৰি সমগ্ৰ দেশৰ পৰ্যটক তালৈ গৈছিল, এয়া দেশৰ ওপৰত, দেশৰ ওপৰত আক্ৰমণ এই সংকটৰ সময়ত আমি সকলোৱে একত্ৰিত হৈ আছোঁ।”

  • 24 Apr 2025 10:25 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ ভ্ৰমণৰ পূৰ্বে ছীল কৰিলে নেপাল সীমান্ত

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ ভ্ৰমণ কাৰ্যসূচী।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বিহাৰ নেপাল সীমান্ত ছীল কৰা হৈছে। বিয়লি ৩ বজালৈ সীমান্ত ছীল হৈ থাকিব। পহলগাম কাণ্ডৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম কাৰ্যসূচী।

  • 24 Apr 2025 10:12 AM (IST)

    পাকিস্তানত আজি ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক

    আজি পাকিস্তানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্তৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত সেনাবাহিনীৰ তিনিটা শাখাৰ মুৰব্বী আৰু কেইবাজনো গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

  • 24 Apr 2025 10:00 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উচিত ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ব: মুখ্যমন্ত্ৰী

    সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ অনুষ্ঠিত চি চি এছৰ বৈঠক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “পহলগামত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ ভিত্তিত হিন্দুসকলৰ ওপৰত সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ পাছত নিৰাপত্তাজনিত কেবিনেট সমিতিয়ে (চি চি এছ) সদৰি কৰা সিদ্ধান্ত‌ হৈছে পাকিস্তান আৰু পাকিস্তানৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে এক উচিত আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰ। আমি নিশ্চিত যে ভাৰতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উচিত ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ব।”

     

  • 24 Apr 2025 09:52 AM (IST)

    উধমপুৰৰ বসন্তগড় অঞ্চলত সংঘৰ্ষ অব্যাহত

    আজি পুৱা জম্মু-কাশ্মীৰৰ উধমপুৰৰ দুদ্দু-বসন্তগড় অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত  বুধবাৰে বাৰামুল্লা এনকাউণ্টাৰত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী।

  • 24 Apr 2025 09:45 AM (IST)

    গুৱাহাটী বিমানবন্দৰত কৰ্প’ৰেল টাগে হাইলিয়াঙৰ নশ্বৰ দেহ

    গুৱাহাটীলৈ অনা হ’ল পেহেলগামত সন্ত্ৰাসবাসীৰ আক্ৰমণত নিহত অৰুণাচলৰ বায়ুসেনাৰ কৰ্প’ৰেল টাগে হালিয়াঙৰ নশ্বৰ দেহ। বৰঝাৰস্থিত বায়ুসেনা ছাউনীত বিষয়াগৰাকীক অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডাঃ পাৰ্থ সাৰথি মহন্তই  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল হাইলিয়াং।

     

  • 24 Apr 2025 09:31 AM (IST)

    সন্ত্ৰাসবাদ কেতিয়াও জয়ী হ’ব নোৱাৰে: ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক

    পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনক। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, “পহলগামত সংঘটিত হিংসাত্মক আক্ৰমণে নৱবিবাহিত, সন্তান আৰু সুখী পৰিয়ালৰ জীৱন কাঢ়ি লৈ ​​গৈছে। যিবোৰে ভাঙিছে আমাৰ হৃদয়। এই শোকৰ সময়ত ব্ৰিটেইন তেওঁলোকৰ লগত আছে।”

     

  • 24 Apr 2025 09:20 AM (IST)

    পহলগাম আক্ৰমণক লৈ সৰ্বদলীয় বৈঠক

    পহলগাম আক্ৰমণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে।  বৃহস্পতিবাৰে (২৪ এপ্ৰিল) সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব এই বৈঠক। এই বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সৰ্বদলীয় বৈঠকত বিৰোধী দলসমূহক পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ সম্পূৰ্ণ তথ্য দিয়া হ’ব।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৮ জন নিৰীহ সাধাৰণ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰা হয়। এক সন্ত্ৰাসবাদী সংগঠনে দেশ কঁপাই যোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলেও ইয়াৰ বাবে পাকিস্তানক পোনপটীয়াকৈ জগৰীয়া কৰিছে ভাৰতে। আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী(CCS)ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ৫টা ডাঙৰ সিদ্ধান্ত লয়। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বক স্পষ্ট বাৰ্তা দিয়া হ’ল যে ভাৰতে আৰু কেৱল নিন্দা নকৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থাও হাতত ল’ব।

Published On - Apr 24,2025 9:18 AM