Pahalgam Terrorist Attack LIVE: পাকিস্তান চৰকাৰৰ ৰুদ্ধদ্বাৰ বৈঠক, বিশেষ ঘোষণাৰ সম্ভাৱনা

Pahalgam Terrorist Attack LIVE: জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সম্পূৰ্ণ একচন মোডত মোদী চৰকাৰ । বুধবাৰে চিচিএছৰ বৈঠকৰ পাছত ভাৰত চৰকাৰে স্থগিত ৰাখিলে সিন্ধু জল সন্ধি। লগতে দেশত উপস্থিত থকা সকলো পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰা হয়। শেহতীয়া আপডেটসমূহ চাওক...

Pahalgam Terrorist Attack LIVE: পাকিস্তান চৰকাৰৰ ৰুদ্ধদ্বাৰ বৈঠক, বিশেষ ঘোষণাৰ সম্ভাৱনা

পাকিস্তান চৰকাৰৰ ৰুদ্ধদ্বাৰ বৈঠক

Updated On: 

24 Apr 2025 16:43 PM

LIVE NEWS & UPDATES

  • 24 Apr 2025 04:39 PM (IST)

    পাক এন এছ চিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত  ভাৰতৰ একচনক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তান চৰকাৰে। এন এছ চিৰ বৈঠকত পাকিস্তানে ভাৰতীয় কূটনীতিবিদৰ সংখ্যা ৩০ জনলৈ হ্ৰাস কৰিছে। ৩০ এপ্ৰিলৰ ভিতৰত কূটনীতিবিদসকলক ভাৰতলৈ ঘূৰি অহাৰ নিৰ্দেশ পাকিস্তানৰ । হাই এলাৰ্টত ৰখা হৈছে পাকিস্তানী সেনাক। পাক NSCয়ে কয় যে  ভাৰতক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে পাকিস্তান।

  • 24 Apr 2025 03:56 PM (IST)

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা কানাডাৰ প্ৰধানমন্ত্ৰীৰ

    কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। কাৰ্নীয়ে কয়, “জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত মই স্তম্ভিত হৈছো। এয়া এক অৰ্থহীন আৰু ভয়ানক হিংসাত্মক কাৰ্য য’ত নিৰীহ সাধাৰণ নাগৰিক আৰু পৰ্যটকৰ মৃত্যু আৰু আহত হৈছে। কানাডাই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে। আমি নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।”

  • 24 Apr 2025 03:38 PM (IST)

    ভাৰত-পাকিস্তানক লৈ ৰাছিয়াৰ সংবাদ মাধ্যমৰ ডাঙৰ দাবী

    পহলগাম আক্ৰমণৰ পিছত ৰাছিয়াৰ সংবাদ মাধ্যমে ভাৰত-পাকিস্তান সন্দৰ্ভত এক ডাঙৰ দাবী উত্থাপন কৰিছে। ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত ডাঙৰ ঘটনা সংঘটিত হোৱা আশংকা ব্যক্ত কৰা হৈছে । ভাৰতীয় বিমানৰ বাবে ন’ ফ্লাই জ’ন ঘোষণা কৰিছে পাকিস্তানে ।

     

  • 24 Apr 2025 03:18 PM (IST)

    পাকিস্তানক কঠোৰ সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ

    পহলগামত নিৰীহ পৰ্যটকক হত্যা কৰা সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ দাবী উত্থাপন কৰাৰ লগতে নাম নোলোৱাকৈয়ে পাকিস্তানক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেৱল হিন্দীতে নহয় ইংৰাজীতো এই কথা আওৰাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ অৰ্থ হ’ল প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ লগতে দেশৰ লগতে বিশ্ববাসীলৈও নিজৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে।

  • 24 Apr 2025 02:46 PM (IST)

    সন্ত্ৰাসবাদীৰ গছজোপা শিপাৰে সৈতে সম্পূৰ্ণৰূপে উভালি পেলাব লাগে: ওৱাইছি

    পাহালগাম আক্ৰমণ সন্দৰ্ভত ওৱাইছিয়ে কয়, “সন্ত্ৰাসবাদী কেনেকৈ আহিল তাৰ ওপৰত দায়িত্ব নিৰ্ধাৰণ কৰিব লাগে। তেওঁ প্ৰশ্ন কৰে, “আক্ৰমণ সংঘটিত হোৱা ঠাইৰ পৰা চি আৰ পি এফক কিয় আঁতৰাই দিয়া হ’ল? ওৱাইচিয়ে স্পষ্টকৈ কয়, “সন্ত্ৰাসবাদীৰ গছজোপা শিপাৰে সৈতে সম্পূৰ্ণৰূপে উভালি পেলোৱা উচিত। এই ঘটনাৰ পাছতেই কঠোৰতম ব্যৱস্থা ল’ব লাগে প্ৰধানমন্ত্ৰীয়ে”।

  • 24 Apr 2025 02:15 PM (IST)

    ভাৰতত মুক্তি নাপাব ছবি আবিৰ গুলাল

    তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, পাকিস্তানী অভিনেতা ফাৱাদ খান অভিনীত আবিৰ গুলাল ছবিখন ভাৰতত মুক্তিৰ অনুমতি দিয়া নহ’ব।

  • 24 Apr 2025 02:04 PM (IST)

    পাকিস্তানত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক

    প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত পাকিস্তানৰ ইছলামবাগত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক । বৈঠকত উপস্থিত আছে বৈদেশিক মন্ত্ৰী, তথ্য মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকল। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে গ্ৰহণ কৰা একপক্ষীয় পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

  • 24 Apr 2025 01:49 PM (IST)

    পহলগাম আক্ৰমণৰ অভিযুক্তৰ ওপৰত ২০ লাখকৈ পুৰস্কাৰ

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযোগত অভিযুক্ত ৩ জন সন্ত্ৰাসবাদীৰ ওপৰত পুৰস্কাৰৰ ঘোষণা কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ।  যাৰ স্কেচ্চ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। সন্ত্ৰাসবাদী তিনিজনৰ ওপৰত ২০ লাখ টকাকৈ পুৰস্কাৰ আৰোপ কৰা হৈছে।

  • 24 Apr 2025 01:25 PM (IST)

    দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰিছে: প্ৰধানমন্ত্ৰী মোদী

    বিহাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “পহলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক যি বৰ্বৰতাৰে হত্যা কৰিছিল, তাক লৈ সমগ্ৰ দেশ মৰ্মাহত। সমগ্ৰ জাতিটোৱে সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে তেওঁলোকৰ শোকত থিয় দিছে। এই আক্ৰমণত কোনোবাই নিজৰ পুত্ৰ, ভাতৃ বা স্বামী হেৰুৱালে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে।

    তেওঁ কয়, এই আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী, এই আক্ৰমণৰ ষড়যন্ত্ৰ কৰা সন্ত্ৰাসবাদীয়ে কল্পনাও কৰিব নোৱাৰাতকৈও ডাঙৰ শাস্তি পাব। সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ সময় আহি পৰিছে।” ভাৰতৰ আত্মাক সন্ত্ৰাসবাদে ভাঙিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, “১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে সন্ত্ৰাসবাদীৰ আকাংশৰ বিনাশ কৰিব।”

  • 24 Apr 2025 01:15 PM (IST)

    পাকিস্তান উচ্চায়ুক্তৰ সন্মুখৰ পৰা আতৰোঁৱা হ’ল বেৰিকেড

    পহলগাম আক্ৰমণৰ পিছত কোনো মূল্যৰ বিনিময়ত পাকিস্তানক ৰেহাই দিব নিবিচাৰে ভাৰত চৰকাৰে। বুধবাৰে অনুষ্ঠিত চিচিএছৰ বৈঠকত চৰকাৰে ৫ টা ডাঙৰ সিদ্ধান্ত লৈছিল, যাৰ প্ৰভাৱ এতিয়া দেখা গৈছে। দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ সমীপত ৰখা বেৰিকেড আঁতৰালে আৰক্ষীয়ে।

  • 24 Apr 2025 01:04 PM (IST)

    কল্পনাতকৈও ডাঙৰ শাস্তি পাব: প্ৰধানমন্ত্ৰী মোদী

    বিহাৰত জনসভাত ভাষণ দি পহলগাম হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সন্ত্ৰাসবাদী আৰু ষড়যন্ত্ৰকাৰীয়ে কল্পনাতকৈও ডাঙৰ শাস্তি পাব। ভাৰতৰ আত্মাক আক্ৰমণ কৰিছে।”

  • 24 Apr 2025 12:58 PM (IST)

    শান্তি ঘূৰি আহিছে অসমলৈ: মুখ্যমন্ত্ৰী

    “অসমৰ সকলো মানুহেই নিৰাপদে আছে। শান্তি ঘূৰি আহিছে অসমলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিন্দুৰ লগতে মুছলমানৰ লগতো আছে, কিন্তু সন্ত্রাসবাদীৰ লগত নাই।” পহলগাম আক্ৰমণক লৈ হোজাইত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • 24 Apr 2025 12:41 PM (IST)

    পহলগাম আক্ৰমণত নিহত হোৱাসকললৈ শ্ৰদ্ধাঞ্জলি : প্ৰধানমন্ত্ৰী মোদী

    বিহাৰৰ মধুবনীত দিয়া ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২২ তাৰিখে আমি হেৰুৱাই পেলোৱা পৰিয়ালৰ সদস্যসকলক নিজ নিজ স্থানত বহি নিজৰ নিজৰ দেৱতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাম”।

  • 24 Apr 2025 12:23 PM (IST)

    পহলগামৰ ঘটনা নিন্দনীয়ঃ মুখ্যমন্ত্ৰী নীতিশ

    মধুবনীত অনুষ্ঠিত এক সভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি কয়, “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই ঘটনা নিন্দনীয়। আমি আপোনাৰ লগত আছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ পৰিছে দেশ।”

  • 24 Apr 2025 12:00 PM (IST)

    দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদ

    দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত অব্যাহত আছে জনতাৰ তীব্ৰ প্ৰতিবাদ। দিছে জয় শ্ৰী ৰাম ধ্বনি। পাকিস্তানক উচিত উত্তৰ দিবলৈ দাবী প্ৰতিবাদকাৰীৰ। পানী যোগান বন্ধ কৰাই নহয়, পাকিস্তানক মচি পেলোৱাৰ দাবী।

  • 24 Apr 2025 11:42 AM (IST)

    উধমপুৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, এজন জোৱান শ্বহীদ

    উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ। এজন জোৱান শ্বহীদ হোৱাৰ খবৰ। ইয়াৰ পূৰ্বে বাৰামুল্লাত সেনাই দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। উদ্ধাৰ কৰা হৈছিল অস্ত্ৰ-শস্ত্ৰ আৰু আই ই ডি।

  • 24 Apr 2025 11:25 AM (IST)

    পাকিস্তানত আতংক!

    পহলগাম আক্ৰমণৰ পিছত পাকিস্তানী সেনাৰ লগতে তাত থকা সন্ত্ৰাসবাদীৰ মাজতো আতংকৰ সৃষ্টি হৈছে। খালী কৰা হৈছে লঞ্চিং পেডৰ লগতে জয়ছ-ই-মহম্মদৰ মূল প্ৰশিক্ষণ শিবিৰ আৰু মুখ্য কাৰ্যালয়সমূহ। জৈছৰ বাহাৱালপুৰৰ মুখ্য কার্যালয়ো খালী কৰা হৈছে৷ এই মুখ্য কাৰ্যালয় ১৮ একৰ মাটিত বিস্তৃত।

  • 24 Apr 2025 11:12 AM (IST)

    গৃহ মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ বৈঠক

    দিল্লীৰ গৃহ মন্ত্ৰালয়ত চলিছে গৃহ সচিবৰ সৈতে RAW আৰু IB ৰ মুৰব্বীসকলৰ এক উচ্চ পৰ্যায়ৰ বৈঠক। পহলগাম আক্ৰমণ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছে বৈঠকত।

  • 24 Apr 2025 10:41 AM (IST)

    ভাৰতত দেখা নাযাব পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেল

    পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰে লৈছে আন এক কঠোৰ ব্যৱস্থা। এতিয়াৰে পৰা ভাৰতত দেখা নাযাব পাকিস্তান চৰকাৰৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ এক্স হেণ্ডেল । ভাৰতত ব্লক কৰা হৈছে পাকিস্তান চৰকাৰৰ অফিচিয়েল একাউণ্ট।

  • 24 Apr 2025 10:40 AM (IST)

    এয়া দেশৰ ওপৰত আক্ৰমণ, পৰ্যটকৰ ওপৰত নহয়: সঞ্জয় ৰাউত

    শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কয়, “এইটো সংকটৰ সময়। এই আক্ৰমণ কাশ্মীৰত হোৱা নাছিল, কেৱল তালৈ যোৱা পৰ্যটকৰ ওপৰত আক্ৰমণ হোৱা নাছিল, ই আছিল দেশৰ ওপৰত আক্ৰমণ। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটকে ধৰি সমগ্ৰ দেশৰ পৰ্যটক তালৈ গৈছিল, এয়া দেশৰ ওপৰত, দেশৰ ওপৰত আক্ৰমণ এই সংকটৰ সময়ত আমি সকলোৱে একত্ৰিত হৈ আছোঁ।”

  • 24 Apr 2025 10:25 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ ভ্ৰমণৰ পূৰ্বে ছীল কৰিলে নেপাল সীমান্ত

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ ভ্ৰমণ কাৰ্যসূচী।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বিহাৰ নেপাল সীমান্ত ছীল কৰা হৈছে। বিয়লি ৩ বজালৈ সীমান্ত ছীল হৈ থাকিব। পহলগাম কাণ্ডৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম কাৰ্যসূচী।

  • 24 Apr 2025 10:12 AM (IST)

    পাকিস্তানত আজি ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক

    আজি পাকিস্তানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্তৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত সেনাবাহিনীৰ তিনিটা শাখাৰ মুৰব্বী আৰু কেইবাজনো গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

  • 24 Apr 2025 10:00 AM (IST)

    প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উচিত ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ব: মুখ্যমন্ত্ৰী

    সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ অনুষ্ঠিত চি চি এছৰ বৈঠক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “পহলগামত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ ভিত্তিত হিন্দুসকলৰ ওপৰত সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ পাছত নিৰাপত্তাজনিত কেবিনেট সমিতিয়ে (চি চি এছ) সদৰি কৰা সিদ্ধান্ত‌ হৈছে পাকিস্তান আৰু পাকিস্তানৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে এক উচিত আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰ। আমি নিশ্চিত যে ভাৰতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উচিত ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’ব।”

     

  • 24 Apr 2025 09:52 AM (IST)

    উধমপুৰৰ বসন্তগড় অঞ্চলত সংঘৰ্ষ অব্যাহত

    আজি পুৱা জম্মু-কাশ্মীৰৰ উধমপুৰৰ দুদ্দু-বসন্তগড় অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত  বুধবাৰে বাৰামুল্লা এনকাউণ্টাৰত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী।

  • 24 Apr 2025 09:45 AM (IST)

    গুৱাহাটী বিমানবন্দৰত কৰ্প’ৰেল টাগে হাইলিয়াঙৰ নশ্বৰ দেহ

    গুৱাহাটীলৈ অনা হ’ল পেহেলগামত সন্ত্ৰাসবাসীৰ আক্ৰমণত নিহত অৰুণাচলৰ বায়ুসেনাৰ কৰ্প’ৰেল টাগে হালিয়াঙৰ নশ্বৰ দেহ। বৰঝাৰস্থিত বায়ুসেনা ছাউনীত বিষয়াগৰাকীক অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডাঃ পাৰ্থ সাৰথি মহন্তই  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল হাইলিয়াং।

     

  • 24 Apr 2025 09:31 AM (IST)

    সন্ত্ৰাসবাদ কেতিয়াও জয়ী হ’ব নোৱাৰে: ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক

    পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনক। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, “পহলগামত সংঘটিত হিংসাত্মক আক্ৰমণে নৱবিবাহিত, সন্তান আৰু সুখী পৰিয়ালৰ জীৱন কাঢ়ি লৈ ​​গৈছে। যিবোৰে ভাঙিছে আমাৰ হৃদয়। এই শোকৰ সময়ত ব্ৰিটেইন তেওঁলোকৰ লগত আছে।”

     

  • 24 Apr 2025 09:20 AM (IST)

    পহলগাম আক্ৰমণক লৈ সৰ্বদলীয় বৈঠক

    পহলগাম আক্ৰমণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে।  বৃহস্পতিবাৰে (২৪ এপ্ৰিল) সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব এই বৈঠক। এই বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সৰ্বদলীয় বৈঠকত বিৰোধী দলসমূহক পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ সম্পূৰ্ণ তথ্য দিয়া হ’ব।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৮ জন নিৰীহ সাধাৰণ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰা হয়। এক সন্ত্ৰাসবাদী সংগঠনে দেশ কঁপাই যোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলেও ইয়াৰ বাবে পাকিস্তানক পোনপটীয়াকৈ জগৰীয়া কৰিছে ভাৰতে। আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী(CCS)ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ৫টা ডাঙৰ সিদ্ধান্ত লয়। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বক স্পষ্ট বাৰ্তা দিয়া হ’ল যে ভাৰতে আৰু কেৱল নিন্দা নকৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থাও হাতত ল’ব।

Related Stories
আৰৱ সাগৰত ভাৰতীয় নৌ সেনাৰ মিছাইল পৰীক্ষণ, যিকোনো পৰিস্থিতিৰ বাবে সাজু ভাৰত
পহলগাম আক্ৰমণৰ পাছতেই মিছাইল পৰীক্ষণৰ প্ৰস্তুতি পাকিস্তানৰ, ইফালে ভাৰতত সক্ৰিয় INS বিক্ৰান্ত…
Pahalgam Attack: “আমি জীয়াই আছো”…নিহত বিনয় নৰৱালৰ নামত ভাইৰেল হোৱা ভিডিঅ’ক লৈ ক’লে দম্পতীয়ে…
এখন চকীৰ বাবে পহলগামত চলিল ‘নৰহত্যা’, পাক সেনা প্ৰধানৰ পৰিকল্পনাত পহলগাম আক্ৰমণ চলাৰ অভিযোগ পাকিস্তানৰ সাংবাদিকৰ
‘শাস্তি সকলোৱে ভোগ কৰিব লাগিব’….সন্ত্ৰাসবাদীৰ পৰা পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰি কাশ্মীৰী চালকে ক’লে এইদৰে…
কল্পনাতকৈ বহু ওপৰত…বিচাৰি বিচাৰি শাস্তি দিয়া হ’ব সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰী প্ৰতিজনকঃ মোদী
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...