Pahalgam Terrorist Attack LIVE: এনেকুৱা উত্তৰ দিয়া হ’ব যে সমগ্ৰ বিশ্বই চাব, দোষীক ৰেহাই দিয়া নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ভূ-স্বৰ্গ কাশ্মীৰত শান্তি ঘূৰি অহা যেন লগাৰ সময়তে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। এইবাৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰে। যোৱা কেইবছৰমানৰ পৰা এনে লাগিছিল যে কাশ্মীৰত পৰ্যটকৰ বাবে শান্তি আৰু নিশ্চয়তা আছে।

Pahalgam Terrorist Attack LIVE: এনেকুৱা উত্তৰ দিয়া হ’ব যে সমগ্ৰ বিশ্বই চাব, দোষীক ৰেহাই দিয়া নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

পহলগামৰ ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য

Updated On: 

23 Apr 2025 18:01 PM

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণত প্ৰায় ৩০ জন পৰ্যটকৰ মৃত্যুৰ আশংকা। দেশ কঁপাই যোৱা এই আক্ৰমণত বহু লোক আহত হৈছে। সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সোধে আৰু গুলীচালনা কৰে। এই আক্ৰমণ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত সংঘটিত হয়। আনকি এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয় আছিল চৌদি আৰৱত। প্ৰধানমন্ত্ৰীকে ধৰি আন বহু নেতাই এই আক্ৰমণক কাপুৰুষৰ ঘটনা বুলি গৰিহণা দিছে।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 23 Apr 2025 05:59 PM (IST)

    ফোনযোগে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিলে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে

    আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জম্মু-কাশ্মীৰত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণকলৈ তীব্ৰ গৰিহণা দিয়ে। তেওঁ নিহতসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰি কয়, এই সংকটত আমেৰিকা ভাৰতৰ জনসাধাৰণৰ সৈতে আছে।

  • 23 Apr 2025 05:46 PM (IST)

    আমাৰ অতিথিসকল বন্ধৰ ফুৰিবলৈ, দুৰ্ভাগ্যজনকভাৱে তেওঁলোকক কফিনত পঠিয়াব লগা হ’লঃ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা

    পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, আমি ইয়াক গৰিহণা দিছো আৰু এই দুখত ভুগি থকাসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ অতিথিসকল বাহিৰৰ পৰা আহি বন্ধৰ দিনবোৰ উদযাপন কৰিবলৈ আহিছিল। দুৰ্ভাগ্যজনকভাৱে তেওঁলোকক কফিনত ভৰাই ঘৰলৈ ঘূৰাই পঠিয়াব লগা হ’ল।


  • 23 Apr 2025 05:28 PM (IST)

    জয় হিন্দ, আমি তোমাক লৈ গৌৰৱান্বিত…

    লেফটেনেণ্ট বিনয় নৰৱালৰ মৃতদেহটো জাতীয় পতাকাৰে মেৰিয়াই থোৱা দেখি কান্দি উঠিল পত্নী। ভাৰতীয় নৌসেনাৰ বিষয়াজনক পত্নী হিমাংশী স্বামীয়ে আৱেগিক হৈ দিলে বিদায়।

  • 23 Apr 2025 05:14 PM (IST)

    শ্ৰীনগৰৰ পৰা দিল্লীত উপস্থিত অমিত শ্বাহ, ক্ষন্তেক সময় পিছত চিচিএছৰ বৈঠকত অংশগ্ৰহণ কৰিব

    শ্ৰীনগৰৰ পৰা দিল্লীলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰ্তমান তেওঁ বিমানবন্দৰৰ পৰা নিজৰ বাসগৃহলৈ ৰাওনা হৈছে। আজি সন্ধিয়া চিচিএছৰ এখন বৈঠক অনুষ্ঠিত হ’ব, য’ত শ্বাহেও অংশগ্ৰহণ কৰিব।

  • 23 Apr 2025 04:55 PM (IST)

    বৈষ্ণো দেৱী কাতৰাৰ পৰা নতুন দিল্লীলৈ এখন বিশেষ ৰে’ল আৰম্ভ

    জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসংযোগ বিভাগে জাৰি কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে, আৱদ্ধ যাত্ৰীসকলক সহায় কৰাৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ বাবে মাতা বৈষ্ণো দেৱী কাতৰাৰ পৰা নতুন দিল্লীলৈ এখন বিশেষ ৰে’ল আৰম্ভ কৰা হৈছে।

  • 23 Apr 2025 04:29 PM (IST)

    এনে উত্তৰ দিয়া হ’ব যে সমগ্ৰ বিশ্বই চাব, দোষীক ৰেহাই দিয়া নহ’বঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

    পহলগাম আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, কম সময়ৰ ভিতৰতে কঠোৰ উত্তৰ দিয়া হ’ব। এনে উত্তৰ দিয়া হ’ব যিটো সমগ্ৰ বিশ্বই চাব। কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব। আমি কোনো কাৰণতে ভয় নাখাও। ভাৰতক ভয় খুৱাব নোৱাৰে।

  • 23 Apr 2025 04:17 PM (IST)

    তিনি সেনাবাহিনীৰ সৈতে আলোচনা সম্পূৰ্ণ

    পহলগাম আক্ৰমণ সন্দৰ্ভত তিনি সেনাৰ সেনা প্ৰধান, চিডিএছ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰালয়ত দুঘণ্টা ধৰি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পৰা ওলাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছে।

  • 23 Apr 2025 04:08 PM (IST)

    পহলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদী বিগত এবছৰ ধৰি জম্মু-কাশ্মীৰত সক্ৰিয় হৈ আছে

    পহলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদী বিগত এবছৰ ধৰি জম্মু-কাশ্মীৰত সক্ৰিয় হৈ আছিল। এই সন্ত্ৰাসবাদীয়ে যোৱা বছৰৰ মে’ মাহত পুছত বায়ুসেনাৰ কনভয়ত এই সন্ত্ৰাসবাদীয়েই আক্ৰমণ চলাইছিল।

  • 23 Apr 2025 03:35 PM (IST)

    কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং!

    পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই ঘটনাৰ প্ৰতিবাদ কাশ্মীৰৰ বাতৰি কাকতসমূহেও কৰে। এই কাণ্ডৰ প্ৰতিবাদত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাটো ক’লা ৰঙেৰে প্ৰকাশ কৰে।

  • 23 Apr 2025 03:16 PM (IST)

    পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকো তীব্ৰ গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে

    জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকো তীব্ৰ গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে। আদালতে জাৰি কৰা এক বিবৃতিত এই ভয়ানক আক্রমণক এক আসুৰিক হিংসাত্মক কার্য বুলি অভিহিত কৰিছে যিয়ে সমগ্র সমাজৰ বিবেকক জোকাৰি গৈছে৷

  • 23 Apr 2025 02:27 PM (IST)

    অপৰাধীসকলক কাহানিও ৰেহাই দিয়া নহ’বঃ হিমন্ত বিশ্ব শৰ্মা

    “অসমৰ ৰাইজৰ হৈ আমিও মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা আগবঢ়াইছোঁ। এই জঘন্য আক্ৰমণৰ নিশ্চিতভাৱে উচিত ব্যৱস্থা লোৱা হ’ব আৰু অপৰাধীসকলক কাহানিও ৰেহাই দিয়া নহ’ব।” সামাজিক মাধ্যমত এইদৰে পোষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • 23 Apr 2025 02:12 PM (IST)

    পহলগামৰ নিহতসকলৰ বাবে উচ্চতম ন্যায়ালয়ৰ মৌন প্ৰাৰ্থনা

    পহলগামত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ২ মিনিট মৌনতা অৱলম্বন। ১.৫৯ বজাৰ পৰা ২ বজালৈ চলিছে মৌন প্ৰাৰ্থনা।

  • 23 Apr 2025 01:50 PM (IST)

    তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক শেষ

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে NSA অজিত ডোভাল আৰু তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে বৈঠক সমাপ্ত। এই বৈঠক প্ৰায় ২.৩০ ঘন্টা ধৰি চলিছিল।

  • 23 Apr 2025 01:28 PM (IST)

    জম্মু-কাশ্মীৰ চৰকাৰে মৃতকৰ পৰিয়ালক ১০ লাখ টকাকৈ আগবঢ়াব

    জম্মু-কাশ্মীৰ চৰকাৰে পহলগাম আক্ৰমণত নিহত প্ৰতিজনৰ পৰিয়াললৈ আগবঢ়াব ১০ লাখ টকাকৈ। গুৰুতৰভাৱে আহতসকলক ২ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ ঘোষণা কৰিছে।

  • 23 Apr 2025 01:15 PM (IST)

    সন্ত্ৰাসবাদীৰ আক্ৰমণৰ স্থানত উপস্থিত NIAৰ দল

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ স্থানত উপস্থিত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা দল। এই দলটোৱে জম্মু-কাশ্মীৰ আৰক্ষীক তদন্তত সহায় কৰিব।

  • 23 Apr 2025 01:07 PM (IST)

    সন্ত্ৰাসবাদীয়ে সেনা পোছাক পিন্ধি পহলগামত আক্ৰমণ সংঘটিত কৰা বুলি দাবী

    পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত ৩ জন সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । এই আক্ৰমণকাৰীৰ দুজন স্থানীয় সন্ত্ৰাসবাদী বুলি কোৱা হৈছে । এই সন্ত্ৰাসবাদীয়ে সেনা পোছাক পিন্ধি পহলগামত আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰা হৈছে । প্ৰত্যক্ষদৰ্শীৰ সৈতে হোৱা কথা-বতৰাৰ ভিত্তিত তদন্তকাৰী সংস্থাসমূহে এই স্কেচ প্ৰস্তুত কৰিছে । এই সন্ত্ৰাসবাদীৰ নাম আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহা । শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে সন্ত্ৰাসবাদীৰ এখন ফটোও ।

  • 23 Apr 2025 12:46 PM (IST)

    সন্ত্ৰাসবাদীৰ আগত মূৰ নোদোৱাই ভাৰতেঃ অমিত শ্বাহ

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাই অমিত শ্বাহে দিয়ে পোষ্ট। তেওঁ কয় “গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই। এই কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ’ব।”

  • 23 Apr 2025 12:31 PM (IST)

    মোদীৰ বৈঠক

    পহলগাম ঘটনা সন্দৰ্ভত বিমানবন্দৰতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক সাক্ষাৎ কৰে।

  • 23 Apr 2025 12:18 PM (IST)

    মছজিদৰ পৰা ঘোষণা

    পহলগাম আক্ৰমণৰ পাছতে কাশ্মীৰৰ মছজিদৰ পৰা বিশেষ ঘোষণা কৰা হয়। বিভিন্ন মছজিদৰ ইমামে এই ঘটনাক তীব্ৰ গৰিহনা দিয়ে। লগতে দোষীৰ শাস্তিৰ দাবী জনায়।

  • 23 Apr 2025 12:04 PM (IST)

    DGCA য়ে দিছে নিৰ্দেশ

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে টিকটৰ মূল্য বৃদ্ধি আৰু বাতিলৰ মাচুল ৰেহাই সন্দৰ্ভত বিমান সংস্থাসমূহক পৰামৰ্শ জাৰি কৰিছে।

  • 23 Apr 2025 11:56 AM (IST)

    ৩ জন সন্ত্ৰাসবাদীৰ ছবি অংকন

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত অব্যাহত আছে। প্ৰত্যক্ষদৰ্শীক সোধা-পোছা কৰি ৩ জন সন্ত্ৰাসবাদীৰ ছবি প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাই।

  • 23 Apr 2025 11:31 AM (IST)

    পহলগাম আক্ৰমণঃ সন্ধিয়া ৬ বজাত CCS ৰ বৈঠক

    পহলগাম আক্ৰমণৰ পিছত আজি সন্ধিয়া ৬ বজাত দিল্লীত চিচিএছৰ বৈঠক আহ্বান কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ উভতি অহাৰ পিছত সন্ধিয়া ৬ বজাত নিৰাপত্তা পৰিক্ৰমা সমিতিৰ বৈঠক। এই বৈঠকত গৃহ মন্ত্ৰীৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ, এন এছ এ অজিত ডোভাল আৰু পিএমঅ’ৰ প্ৰধান সচিব উপস্থিত থাকিব। অৱশ্যে চিচিএছৰ সদস্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিশা ১০ বজাৰ ওচৰত দিল্লীত উপস্থিত হ’ব, গতিকে তেওঁ উপস্থিত থকাৰ সম্ভাৱনা নাই।

  • 23 Apr 2025 11:21 AM (IST)

    পহলগামৰ ঘটনাক গৰিহণা জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    পহলগামৰ ঘটনাক গৰিহণা জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

  • 23 Apr 2025 11:18 AM (IST)

    ভাৰতবৰ্ষই আজিৰ এই আক্ৰমণৰ ঘটনাৰ বাবে দায়ী কাপুৰুষসকলক চিনাক্ত কৰি উচিতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    পহলগামৰ ঘটনাক গৰিহণা দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • 23 Apr 2025 11:14 AM (IST)

    মোদীলৈ ট্ৰাম্পৰ ফোন

    পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰদান কৰে ট্ৰাম্পে।

  • 23 Apr 2025 10:57 AM (IST)

    দিল্লী বিমানবন্দৰত অৱতৰণ কৰিয়েই প্ৰধানমন্ত্ৰীৰ বৈঠক

    পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱ ভ্ৰমণ কৰ্তন কৰি উভতি আহিছে। বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক লগ কৰে। তিনিওগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে আক্ৰমণ সন্দৰ্ভত বৈঠকত মিলিত হয়।

  • 23 Apr 2025 10:55 AM (IST)

    অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পহলগাম আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনায়, শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত।

  • 23 Apr 2025 10:49 AM (IST)

    পহলগাম আক্ৰমণ সন্ত্ৰাসবাদীৰ প্ৰথম ফটো

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰথম সন্দেহযুক্ত ব্যক্তিৰ ফটো।

  • 23 Apr 2025 10:47 AM (IST)

    ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱৰ ভ্ৰমণ আধাতে সমাপ্ত কৰি ভাৰতলৈ উভতি আহিছে। আজি পুৱা তেওঁ দিল্লী পায়।

  • 23 Apr 2025 10:45 AM (IST)

    পহলগাম টেক্সি এছ’চিয়েচনে গৰিহণা দিলে সন্ত্রাসবাদীৰ আক্রমণ

    পহলগাম টেক্সি এছ’চিয়েশ্যনৰ সভাপতি গুলজাৰ আহমদ ৱানীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি কয় যে ‘এয়া কেৱল পৰ্যটকৰ কথা নহয় বৰঞ্চ আমাৰ জীৱিকা, আমাৰ পৰিয়ালৰ কথা। আমি তেওঁলোকক পৰ্যটক বুলি গণ্য নকৰোঁ। এনে লাগিছে যেন আমাৰ পৰিয়ালৰ লোকক হত্যা কৰিছে। চৰকাৰক অনুৰোধ জনাইছো যে এই বিষয়টোৰ গভীৰতালৈ যাওক। পহলগাম সদায় শান্তিপূৰ্ণ, আৰু ই পৰ্যটনৰ ওপৰত চলি থাকে।

দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...