Jammu-Kashmir Election Result: কংগ্ৰেছ-NC ৰ জয়ৰ পাছতো জম্মু-কাশ্মীৰত চৰকাৰ চলাব উপ-ৰাজ্যপালে…

Jammu-kashmir election result:এল জিৰ ৰাজনৈতিক শক্তি জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনৰ ৫৫ নং ধাৰাৰ পৰা স্পষ্ট হৈ পৰে। এই ধাৰা অনুসৰি জম্মু-কাশ্মীৰৰ নিৰ্বাচিত মন্ত্ৰীসভাই উপ-ৰাজ্যপালৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিব নোৱাৰে।

Jammu-Kashmir Election Result: কংগ্ৰেছ-NC ৰ জয়ৰ পাছতো জম্মু-কাশ্মীৰত চৰকাৰ চলাব উপ-ৰাজ্যপালে...

জম্মু- কাশ্মীৰ

Published: 

08 Oct 2024 16:52 PM

কিছু সময় পাছতেই ঘোষণা হ’ব জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ৯০ খন আসনৰ বাবে ৮ অক্টোবৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিনে গতি কৰিছে। এক প্ৰকাৰ প্ৰায় স্পষ্ট হৈ পৰিছে যে জম্মু- কাশ্মীৰত এইবাৰ কংগ্ৰেছ-এনচিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় শাসিত প্ৰদেশখনত বিজেপিৰ শীৰ্ষ নেতা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিয়েও প্ৰচাৰ অভিযান চলাইছিল, কিন্তু ৰাজ্যখনত বিজেপিয়ে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে।

এই সময়তে জনতাৰ দৃষ্টি আছে ৫ মনোনীত বিধেয়কৰ ওপৰত যাক বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ-ৰাজ্যপালে পোনপটীয়াকৈ বিধানসভালৈ নিৰ্বাচন কৰিব। যদি উপ-ৰাজ্যপালে বিধায়ক নিৰ্বাচিত কৰে তেন্তে সেই বিধায়কগৰাকীয়ে কাক সমৰ্থন কৰিব সেয়াও উপ-ৰাজ্যপাল অৰ্থাৎ এল জি (মনোজ সিনহা) ৰ দ্বাৰা সিদ্ধান্ত লোৱা হ’ব। এনে ক্ষেত্ৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, জয়ৰ পাছতো নামতহে চৰকাৰ গঠন কৰিব নেকি কংগ্ৰেছ- এনচিয়ে।

এল জিৰ ক্ষমতাৰ কথা লক্ষ্য কৰিলে দেখা যায় যে জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া বহু পৰিমাণে উপ- ৰাজ্যপালৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ দ্বাৰাই অনুমান লগাব পাৰি নিৰ্বাচিত চৰকাৰৰ শক্তি কিমান হ’ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত জম্মু- কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু এই নিৰ্বাচন কেন্দ্ৰীয়শাসিত অঞ্চলত হৈছে য’ত উপ- ৰাজ্যপালৰ ওপৰত বহুত ক্ষমতা থাকে। গতিকে এনে ক্ষেত্ৰত এক চৰ্চা চলিছে যে শাসনৰ গাদীত যিয়েই নহওক কিয় প্ৰকৃত চৰকাৰ উপ-ৰাজ্যপালে চলাব।

উপ-ৰাজ্যপালৰ ক্ষমতা

কেন্দ্ৰীয়শাসিত প্ৰদেশ এখনত উপ-ৰাজ্যপালৰ ক্ষমতা অধিক। ৰাজ্য চৰকাৰ বা ইয়াৰ কোনো বিভাগৰ হাতত থাকিবলগীয়া সকলো ক্ষমতা এতিয়া পোনপটীয়াকৈ ৰাজ্যপালক দিয়া হৈছে। আৰক্ষী আৰু অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তি, বদলি আদিৰ ক্ষমতা নিৰ্বাচনৰ পাছতো উপ-ৰাজ্যপালৰ হাতত থাকিব। গতিকে অনুমান লগাব পাৰি যে নিৰ্বাচিত চৰকাৰে কি কৰিব। নিৰ্বাচনৰ ক্ষেত্ৰত দেখা যায় যে, দল এটাই জয়লাভ কৰাৰ পাছত গৃহ বিভাগটো নিজৰ লগত ৰাখিব বিচাৰে। কিন্তু জম্মু- কাশ্মীৰৰ ক্ষেত্ৰত এই বিকল্প নাথাকিব।

কেৱল আৰক্ষী বিভাগেই নহয়, বৃহৎ পৰিসৰৰ ৰাজহুৱা ব্যৱস্থাও চৰকাৰৰ অধিকাৰৰ বাহিৰত। ইয়াৰোপৰি যি বিষয়ত কেন্দ্ৰ আৰু ৰাজ্যই উভয়ে আইন প্ৰণয়ন কৰাৰ অধিকাৰ আছে তাৰ ওপৰতো জম্মু- কাশ্মীৰ বিধানসভাই আইন প্ৰণয়ন কৰিব নোৱাৰে। এই সকলো ক্ষমতা এল জি বা তেওঁৰ জৰিয়তে কেন্দ্ৰক দিয়া হৈছে।

ইয়াৰোপৰি জম্মু- কাশ্মীৰ চৰকাৰত মন্ত্ৰী হোৱাসকলৰো বিশেষ অধিকাৰ নাথাকিব। অৰ্থাৎ এগৰাকী মন্ত্ৰীয়ে কি বৈঠকত অংশ গ্ৰহণ কৰিব আৰু এজেণ্ডা কি হ’ব সকলো তথ্য উপ- ৰাজ্যপালক দিব লাগিব। ক’মেও দুদিন আগত মন্ত্ৰীগৰাকীয়ে সকলো তথ্য জমা দিব লাগিব। লগতে দুৰ্নীতি গোচৰৰ মোকাবিলা কৰিবলৈ গছন কৰা এছচিব,জম্মু-কাশ্মীৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী আৰু জেলৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ নিৰ্বাচিত চৰকাৰৰ লগত নহয়, লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতেহে থাকিব।

এল জিৰ ৰাজনৈতিক শক্তি জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনৰ ৫৫ নং ধাৰাৰ পৰা স্পষ্ট হৈ পৰে। এই ধাৰা অনুসৰি জম্মু-কাশ্মীৰৰ নিৰ্বাচিত মন্ত্ৰীসভাই উপ-ৰাজ্যপালৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিব নোৱাৰে। কেৱল ইমানেই নহয়, ৰাজ্য চৰকাৰৰ সকলো কেবিনেট বৈঠকতে এল জিৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি এই ধাৰাত উল্লেখ আছে।

গতিকে ইয়াৰ দ্বাৰা অনুমান লগাব পাৰি যে জম্মু- কাশ্মীৰৰ নিৰ্বাচিত চৰকাৰখনৰ ওচৰত নামমাত্ৰ ক্ষমতা থাকিব। কোনো ক্ষেত্ৰতেই স্বাধীনতা নাথাকিব চৰকাৰৰ। এনে ক্ষেত্ৰত ক’ব পাৰি যে, জম্মু-কাশ্মীৰত যিয়েই চৰকাৰ গঠন নকৰক কিয়, ক্ষমতা থাকিব উপ- ৰাজ্যপালৰ হাতত।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস