5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জম্মু- কাশ্মীৰত হ’ব পাৰে বিজেপি চৰকাৰ! আঁৰত আছে ৰাজনৈতিক সমীকৰণ

সীমা নিৰ্ধাৰণৰ পিছত জম্মুত ৬ খন আসন বৃদ্ধি পাইছিল যাৰ বাবে ইয়ে বিজেপিত লাভ কৰিব বুলি আশা কৰা হৈছে। সীমা নিৰ্ধাৰণৰ পাছত জম্মু বিধানসভাৰ আসনৰ অনুপাত ৪২.৫ শতাংশৰ পৰা ৪৭.৮ শতাংশলৈ বৃদ্ধি পাইছে।

জম্মু- কাশ্মীৰত হ’ব পাৰে বিজেপি চৰকাৰ! আঁৰত আছে ৰাজনৈতিক সমীকৰণ
ওমৰ আব্দুল্লা
Follow Us
barasha-sarma
Barasha Sarma | Published: 12 Sep 2024 12:29 PM

জম্মু- কাশ্মীৰত হ’ব পাৰে বিজেপিৰ চৰকাৰ- এই মন্তব্য নেশ্যনেল কনফাৰেন্স নেতা ওমৰ আব্দুল্লাৰ। এয়া কেনেকৈ সম্ভৱ সেই কথাও সৱিস্তাৰে জনাই নেতাগৰাকীয়ে। তেওঁ কয়, যদিহে কাশ্মীৰত ভোটৰ ভাগ- বতৰা হয় তেন্তে বিজেপি শাসনলৈ আহিব পাৰে। কুপৱাৰাত নেতাগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিছিল যে বিজেপিয়ে জম্মু- কাশ্মীৰত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। এই কথাত নেতাগৰাকীয়ে কয় যে, যদি কাশ্মীৰৰ মানুহে নিজৰ ভোট বিভাজন কৰে তেন্তে বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে। ভোট বিভাজনৰ পৰা হাত সাৰিবলৈ মানুহে ভাবি চিন্তি ভোট দিব লাগিব বুলি তেওঁ কয়।

ভোট বিভাজন হোৱাৰ ভয় কেৱল ওমৰ আব্দুল্লাকে খেদি ফুৰা নাই। পিডিপিৰ মুৰব্বী মেহবুবা মুফটীয়েও ইয়াক লৈ শংকাত আছে। তেওঁ কৈছিল যে কাশ্মীৰ উপত্যকাত ভোট বিভাজন হোৱাৰ সম্ভাৱণা আছে। ইয়াৰ কাৰণ তেওঁ অভিযন্তা ৰছিদৰ বুলি কৈছিল। মেহবুবাৰ মতে ৰছিদ বিজেপিৰ প্ৰক্সি যাৰ বাবে কাশ্মীৰত ভোট বিভাজন হ’ব পাৰে।

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত ১০ বছৰৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ক্ষেত্ৰত পিডিপি আৰু নেশ্যনেল কনফাৰেন্সে ক্ষমতাত আহিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি আছে। কিয়নো এই দুয়োটা দলৰ ৰাজনৈতিক ভৱিষ্যত এই নির্বাচনৰ দ্বাৰা নির্ণয় হ’ব৷ কিন্তু এই দল দুটাই কাশ্মীৰত ভোট বিভাজন হোৱাৰ ক্ষেত্ৰত শংকাত ভুগিছে। কাশ্মীৰত ৪৭ খন বিধানসভা আসন আছে আৰু ইয়াক পিডিপি আৰু এনচিৰ দুৰ্গ বুলি কোৱা হয়। এই দল কেইটাৰ দুৰ্গ ভাঙিবলৈ AIP  নেতা অভিযন্তা ৰছিদে কাম কৰি আছে।

অন্তৱৰ্তীকালীন জামিনত মুকলি আকাশৰ তলত থকা অভিযন্তা ৰছিদে কাশ্মীৰ অঞ্চলৰ ২০ খন আসন নিজৰ হাতলৈ অনাৰ লক্ষ্য ৰাখিছে। ৰছিদে বিশেষকৈ যুৱচামক গুৰুত্ব প্ৰদান কৰিছে। তেওঁৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে যে ছাত্ৰ- ছাত্ৰীক লেপটৰ দিয়া হ’ব। ইমানেই নহয় তেওঁ বন্দী হৈ থকা ৰাজনৈতিক লোকসকলকো মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি বাৰামুল্লাত লোকসভা আসনত ৰছিদে ২ লাখ ভোটত ওমৰ আব্দুল্লাক পৰাস্ত কৰিছিল।

দিল্লীৰ তিহাৰ জেলত থকাৰ সময়তে তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিছিল। ২ অক্টোবৰলৈকে অন্তৱৰ্তীকালীন জামিনত থকা  ৰছিদে এই সময়চোৱাত নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব। গতিকে ৰছিদ ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটীৰ বাবে সমস্যা হ’ব পাৰে। এই দুয়োগৰাকী নেতাই ইতিমধ্যে ৰছিদৰ মুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ বাবে বিজেপিৰ ৰাজনৈতিক লাভৰ বাবে ৰছিদে জামিন লাভ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০১৪ চনত কাশ্মীৰত পিডিপিয়ে ২৫ খন, এনচিয়ে ১২ খন, কংগ্ৰেছে ৪ খন আৰু অন্যই ৫ খন আসন লাভ কৰিছিল।

আনহাতে, জম্মু অঞ্চলৰ ৪৩খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে। ইয়াত বিজেপিয়ে ৩৭খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয়। সীমা নিৰ্ধাৰণৰ পিছত জম্মুত ৬ খন আসন বৃদ্ধি পাইছিল যাৰ বাবে ইয়ে বিজেপিত লাভ কৰিব বুলি আশা কৰা হৈছে। সীমা নিৰ্ধাৰণৰ পাছত জম্মু বিধানসভাৰ আসনৰ অনুপাত ৪২.৫ শতাংশৰ পৰা ৪৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। একে সময়তে কাশ্মীৰত ই ৫২.৯ শতাংশৰ পৰা ৫২.২ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চলত বিজেপিৰ সম্ভাৱনা বৃদ্ধি পাইছে।জম্মু অঞ্চলটো হিন্দু বহুল অঞ্চল।

উল্লেখ্য যে, ৩ টা পৰ্যায়াৰ নিৰ্বাচনৰ দিন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ বাবে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৪ খন আসনৰ বাবে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণা হ’ব ৪ অক্টোবৰত।

Latest News