Jammu-kashmir election: আজি জম্মু-কাশ্মীৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্ণয় হ’ব ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Jammu kashmir election: এইবাৰ জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়াত নিৰ্বাচন অনুষ্ঠিত হৈছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ  ২৪ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন  ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় । ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হয়

Jammu-kashmir election: আজি জম্মু-কাশ্মীৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্ণয় হব ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

নিৰ্বাচন

Updated On: 

01 Oct 2024 16:47 PM

জম্মু- কাশ্মীৰত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত আজি ৪১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ভোটদাতাৰ সংখ্যা প্ৰায় ৩৯.১৮ লাখ । ভোটদান অনুষ্ঠিত হোৱা সমষ্টিৰ ভিতৰত আছে জম্মুৰ ১১ টা সমষ্টি, ছাম্বাৰ ৩ টা, কঠুৱাৰ ৬ টা আৰু উদমপুৰত ৪ টা বিধানসভা সমষ্টি। ইয়াৰ লগতে বাৰামুলাত ৭ টা সমষ্টি, বাণ্ডাপীৰোত ৩ টা আৰু কুপৱাড়াত ৬ টা সমষ্টি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈ চলিব।

নিৰ্বাচন আয়োগে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ বাবে ৫,০৩০ টা ভোটদান কেন্দ্ৰ নিৰ্মাণ কৰিছে। কাশ্মীৰৰ পৰা স্থানান্তৰিক লোসকলৰ বাবে বিশেষ ভোটদান কেন্দ্ৰৰ ব্যৱস্থা আছে।  জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পুৰুষ ভোটাৰৰ সংখ্যা ২০,০৯,০৩৩ জন ,মহিলা ভোটাৰৰ সংখ্যা ১৯,০৯,১৩০ গৰাকী আৰু অন্য ৫৯। অৰ্থাৎ মুঠ ভোটাৰৰ সংখ্যা ৩৯,১৮,২২০ গৰাকী।

জম্মুৰ আটাইকেইখন আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। আজিৰ এই নিৰ্বাচনত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দ (কংগ্ৰেছ) আৰু মুজাফ্ফৰ বেইগকে ধৰি কেইবাগৰাকী বিশিষ্ট নেতাৰ ভাগ্য নিৰ্ণয় হ’ব।

জম্মু- কাশ্মীৰত শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিটো দলেই সকলো ধৰণৰ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতাই জম্মু- কাশ্মীৰত প্ৰচাৰ অভিযান চলাইছিল। একে সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু দলৰ সভানেত্ৰী মল্লিকাৰ্জুন খৰ্গেয়েও প্ৰচাৰ চলাইছিল।

উল্লেখ্য যে,  এইবাৰ জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়াত নিৰ্বাচন অনুষ্ঠিত হৈছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ  ২৪ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন  ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় । ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হয়। আনহাতে ফলাফল ঘোষণা হ’ব ৪ অক্টোবৰত।

জম্মু অঞ্চলৰ ৪৩খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। ইয়াত বিজেপিয়ে ৩৭খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে সীমা নিৰ্ধাৰণৰ পিছত জম্মুত ৬ খন আসন আৰু কাশ্মীৰত এখন আসন বৃদ্ধি পাইছিল। কাশ্মীৰত বিজেপিৰ স্থিতি কিছু দুৰ্বল হ’লেও শাসনৰ বাঘজৰী লোৱাৰ সকলে চেষ্টা বিজেপিয়ে কৰিছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস