jammu kashmir election: মুছলমানৰ হাত ধৰি জম্মু-কাশ্মীৰত শাসন চলোৱাৰ সপোন বিজেপিৰ... | jammu Kashmir election 50 percent bjp candidate from muslim community Assam news - Assam Tv9

jammu kashmir election: মুছলমানৰ হাত ধৰি জম্মু-কাশ্মীৰত শাসন চলোৱাৰ সপোন বিজেপিৰ…

Updated On: 

26 Aug 2024 16:34 PM

বিজেপিৰ ৰাজনৈতিক ভিত্তি জম্মু অঞ্চল। সেইবাবে লোকসভা নিৰ্বাচনত জম্মুৰ দুয়োখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল দলটোয়ে। ইয়াৰ বিপৰীতে কাশ্মীৰ অঞ্চলত মুছলিম ভোটৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে মুছলমান প্ৰাৰ্থী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

jammu kashmir election: মুছলমানৰ হাত ধৰি জম্মু-কাশ্মীৰত শাসন চলোৱাৰ সপোন বিজেপিৰ...

জম্মু-কাশ্মীৰ নিৰ্বাচন

Follow Us On

জম্মু- কাশ্মীৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাবে সকলো ধৰণৰ চেষ্টায়ে কৰি গৈছে। সোমবাৰে বিজেপিয়ে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰে। এই তালিকাত পোহৰলৈ আহে বিজেপিৰ ৰাজনৈতিক সমীকৰণ। কিয়নো বিজেপিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰা ১৫ খন আসনৰ আধা সংখ্যক আসন মুছলমানে লাভ কৰিছে। মুছলিমৰ হাত ধৰি বিজেপিয়ে কাশ্মীৰত আধিপত্য় কৰাৰ সপোন দেখিছে। অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব বিজেপিৰ এই ৰণনীতিয়ে কিমান কাম দিয়ে।

মন কৰিবলগীয়া যে বিজেপিয়ে আজি জম্মু- কাশ্মীৰৰ বাবে ৪৪ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ কিছু সময় পাছতেই সেয়া প্ৰত্যাহাৰ কৰে। প্ৰথম পৰ্যায়ৰ ২৪ খন আসনৰ ভিতৰত বিজেপিয়ে বৰ্তমানলৈকে ১৫ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু ৯ খন আসনৰ প্ৰাৰ্থীৰ ঘোষণা কৰিবলৈ বাকী আছে। বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত হিন্দুতকৈ মুছলিমৰ স্থান বেছি।

বিজেপিয়ে ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ১৫ খন আসনৰ ভিতৰত ৮ খন আসন মুছলিমৰ হাতত গতায়। ইয়াৰ ভিতৰত আছে পাম্পোৰৰ পৰা অভিযন্তা চৈয়দ শৌকত গায়ুৰ, ৰাজপোৰাৰ পৰা আৰ্শ্বিদ ভাট, শ্বোপিয়ানৰ পৰা জাভেদ আহমেদ কাদ্ৰী, অনন্তনাগ পশ্চিমৰ পৰা মহম্মদ। অনন্তনাগৰ পৰা ৰফিক ৱানী, অধিবক্তা চৈয়দ ৱাজাহাট, শ্ৰীগুফৱাৰা বিজবেহাৰাৰ পৰা ছফী ইউছুফ, ইন্দৰৱালৰ পৰা তাৰিক কীন আৰু বানিহালৰ পৰা চেলিম ভাটক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে।

বিজেপিৰ ৰাজনৈতিক ভিত্তি জম্মু অঞ্চল। সেইবাবে লোকসভা নিৰ্বাচনত জম্মুৰ দুয়োখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল দলটোয়ে। ইয়াৰ বিপৰীতে কাশ্মীৰ অঞ্চলত মুছলিম ভোটৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে মুছলমান প্ৰাৰ্থী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইতিমধ্যে কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনত এই সমীকৰণ ব্যৱহাৰ কৰি বিজেপি কিছু লাভান্বিত হৈছে। যাৰ বাবে পুনৰ এবাৰ একেই সমীকৰণ ব্যৱহাৰ কৰিছে বিজেপিয়ে। উল্লেখ কৰা প্ৰয়োজন যে,  ৩৭০ নং অনুচ্ছেদ আঁতৰ হোৱাৰ পাছত জম্মুত ৬ খন আসন আৰু কাশ্মীৰত মাত্ৰ এখন আসন বৃদ্ধি পায়। যাৰ বাবে জম্মুত পূৰ্বৰ ৩৭ খন আসনৰ সলনি এতিয়া ৪৩ আৰু কাশ্মীৰত পূৰ্বৰ ৪৬ খন আসনৰ সলনি ৪৭ খন আছে।

বিজেপিয়ে আশা কৰিছে যে জম্মুৰ ৪৩ খন আসনৰ ভিতৰত ৩৫ ৰ পৰা ৩৭ খন আসনত জয় লাভ কৰিব, ইয়াৰ বিপৰীতে কাশ্মীৰৰ ৪৭ খন আসনৰ ১০ ৰ পৰা ১২ খন দলটোৰ হাতলৈ আহিব। কাশ্মীৰৰ জনসাধাৰণক বিশেষকৈ মুছলমানৰ হৃদয় জয় কৰিবলৈ নেশ্যনেল কনফাৰেন্স আৰু অপনী পাৰ্টিয়ে নিৰ্বাচনী ইস্তাহাৰত অনুচ্ছেদ ৩৭০ আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে। পিডিপি পূৰ্বৰ পৰা ৩৭০ নং অনুচ্ছেদৰ বিৰোধী আছিল। তেনে ক্ষেত্ৰত বিজেপিয়ে মুছলমান প্ৰধান অঞ্চল কাশ্মীৰত মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰি এক বৃহৎ ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version