জম্মু-কাশ্মীৰ নিৰ্বাচনঃ বিজেপিৰ প্ৰথম তালিকাত ১৪জন মুছলিম, ২গৰাকী কাশ্মীৰী পণ্ডিতৰ নাম | jammu Kashmir election bjp release a list of 44 candidates Assam news - Assam Tv9

জম্মু-কাশ্মীৰ নিৰ্বাচনঃ বিজেপিৰ প্ৰথম তালিকাত ১৪জন মুছলিম, ২গৰাকী কাশ্মীৰী পণ্ডিতৰ নাম

Updated On: 

26 Aug 2024 16:35 PM

৩ টা পৰ্যায়াৰ নিৰ্বাচনৰ দিন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ বাবে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৪ খন আসনৰ বাবে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।

জম্মু-কাশ্মীৰ নিৰ্বাচনঃ বিজেপিৰ প্ৰথম তালিকাত ১৪জন মুছলিম, ২গৰাকী কাশ্মীৰী পণ্ডিতৰ নাম

জম্মু- কাশ্মীৰ নিৰ্বাচন

Follow Us On

জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে বিজেপিয়ে ৪৪ জনীয়া প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে প্ৰথম তালিকাত ১৪ গৰাকীকৈ মুছলিম প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। বিজেপিয়ে ৩ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পৃথক পৃথককৈ তালিকা প্ৰস্তুত কৰিছে। প্ৰথম পৰ্যায়ৰ বাবে জাৰি কৰা তালিকাত ১৫গৰাকী প্ৰাৰ্থীৰ নাম আছে। ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ তালিকাত ১০ গৰাকী আৰু তৃতীয় পৰ্যায়ৰ তালিকাত ১৯ গৰাকী প্ৰাৰ্থীৰ নাম উল্লেখ কৰিছে।

এই তালিকা অনুসৰি বিজেপিয়ে নিৰ্বাচনৰ বাবে টিকট প্ৰদান নকৰিলে প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী তথা জম্মু- কাশ্মীৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ডাঃ নিৰ্মল সিঙক। এইগৰাকী প্ৰাক্তন উপ- মুখ্যমন্ত্ৰীয়ে ২০১৪ চনত বিলাবৰ বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল। ইয়াৰ লগতে প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী কবিন্দ্ৰ গুপ্তাইও লাভ নকলিলে টিকট। অৱশ্যে বিজেপিয়ে জাৰি কৰিবলগীয়া পৰৱৰ্তী তালিকাত কবিন্দ্ৰ গুপ্তাৰ নাম থকাৰ সম্ভাৱণা আছে। আজিৰ তালিকাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰবীন্দ্ৰ ৰেনাৰ নামো অন্তৰ্ভুক্ত নাই।

জাৰি কৰা তালিকা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ভাতৃ দেবেন্দ্ৰ ৰাণাৰ নাগোটাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। দেবেন্দ্ৰই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। বিজেপিয়ে কাশ্মীৰৰ দুখনকৈ আসনৰ বাবে কাশ্মীৰী পণ্ডিতকো টিকট আগবঢ়াইছে। ইয়াৰে শ্বাংগাছ-অনন্তনাগ ইষ্টৰ পৰা বীৰ চাৰাফ আৰু হাব্বাকাদলৰ পৰা অশোক ভাটক বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

উল্লেখ্য যে, জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনক লৈ দেওবাৰে নতুন দিল্লীত বিজেপিৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাকে ধৰি বহু জ্যেষ্ঠ নেতা উপস্থিত আছিল। এই বৈঠকতে জম্মু-কাশ্মীৰৰ ৰণনীতি, বিভিন্ন বিষয়,প্ৰাৰ্থীৰ নামকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা হয়। এই বৈঠকৰ পাছদিনাই বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত দুখনকৈ জনসভা সম্বোধন কৰাৰ সম্ভাৱণা আছে। ইয়াৰ বিপৰীতে জম্মুত মোদীয়ে ৮ ৰ পৰা ১০ খনকৈ জনসভা সম্বোধন কৰিব।

মন কৰিবলগীয়া যে, ৩ টা পৰ্যায়াৰ নিৰ্বাচনৰ দিন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ বাবে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৪ খন আসনৰ বাবে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণা হ’ব ৪ অক্টোবৰত।

 

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version