নিৰ্বাচনলৈ কেইটামান দিনঃ কংগ্ৰেছ-নেচনেল কনফাৰেঞ্চৰ মিত্ৰতা, PDPৰ বাবেও খোলা ৰাখিছে দ্বাৰ
অহা মাহত অনুষ্ঠিত হ’বলগীয়া জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে নেচনেল কনফাৰেঞ্চ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা গঢ় লৈ উঠিছে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু দলটোৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে আজি দুয়োটা দলৰ মাজত মিত্ৰতাৰ চুক্তি কৰা হয় বুলি নেচনেল কনফাৰেঞ্চৰ অধ্যক্ষ ফাৰুক আব্দুলাই সদৰী কৰিছে।
অহা মাহত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ব্যাপক ৰণ কৌশলত ব্যস্ত প্ৰতিটো দল। তাৰ মাজতে আজি এই নিৰ্বাচনৰ বাবে মিত্ৰতা গঢ়ি তুলিছে কংগ্ৰেছ আৰু নেচনেল কনফাৰেঞ্চে। নেচনেল কনফাৰেঞ্চেৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই আজি কংগ্ৰেছৰ সৈতে দলটোৰ মিত্ৰতাৰ কথা ঘোষণা কৰে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু দলটোৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে দুয়োটা দলৰ মাজত মিত্ৰতাৰ চুক্তি কৰা হয় বুলি ফাৰুক আব্দুলাই সদৰী কৰিছে।
উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধী দুদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি জম্মু-কাশ্মীৰত আছে। শ্ৰীনগৰত আজি দলীয় কৰ্মীসকলৰ সৈতে মিলিত হয় ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতে তেওঁ এক সংবাদমেল আয়োজন কৰে। সংবাদ মেলত জম্ম-কাশ্মীৰ নিৰ্বাচনত দলটোৰ মিত্ৰতা সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সন্মান বজাই ৰাখি মিত্ৰতা কৰা হ’ব বুলি উল্লেখ কৰে।
সংবাদমেলৰ পিছতে ৰাহুল গান্ধী আৰু খৰ্গেই এন চি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক তেওঁৰ বাসগৃ্হত সাক্ষাৎ কৰে। ৰাহুল গান্ধী আৰু খৰ্গেই ফাৰুক আব্দুলা আৰু ওমৰ আব্দুল্লাৰ সৈতে বৈঠকত মিলিত হয় আৰু এই বৈঠকতে দল দুটাৰ মাজত মিত্ৰতা চূড়ান্ত কৰা কয়। এই মিত্ৰতা সন্দৰ্ভত ফাৰুক আব্দুল্লাই প্ৰকাশ কৰা মতে মিত্ৰজোঁটে ৯০ খন আসনৰ আটাইকেইটাতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।
তেওঁ লগতে উল্লেখ কৰা মতে চিপিআইএমকে ধৰি INDIA মিত্ৰজোঁটৰ দলসমূহ একত্ৰিত ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ইফালে মিত্ৰজোঁটত PDPৰ অন্তৰ্ভুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কাৰো বাবে মিত্ৰজোঁটৰ দুৱাৰ বন্ধ নহয় বুলি উল্লেখ কৰে। লক্ষণীয়ভাৱে শুকুৰবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত আগন্তুক নিৰ্বাচনত দলৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় কৰা হ’ব।
তদুপৰি কাইলৈ দিনৰ ১১.৩০ বজাত জম্মু-কাশ্মীৰৰ প্ৰথমখন স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। তাৰ পিছতে বিয়লি ৩ বজাত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰো বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত জম্মু-কাশ্মীৰৰ ১০খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম নিৰ্ধাৰণ কৰা হ’ব। অহা মাহত তিনিটা পৰ্যায়ত ক্ৰমে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত জম্মু-কাশ্মীৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব।