Jammu & kashmir election: আজি কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা, কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা. | jammu kashmir election narendra modi election rally today Assam news - Assam Tv9

Jammu & kashmir election: আজি কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা, কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

Updated On: 

19 Sep 2024 12:32 PM

Jammu & kashmir election: জম্মু অঞ্চলৰ ৪৩খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। ইয়াত বিজেপিয়ে ৩৭খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয়।

Jammu & kashmir election: আজি কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা, কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

নৰেন্দ্ৰ মোদী

Follow Us On

বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু- কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ চলাব। শ্ৰীনগৰত মোদীয়ে নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ পূৰ্বে শ্বেৰ- ই- কাশ্মীৰ পাৰ্কৰ আশে- পাশে থকা অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জম্মু- কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ  বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ মোদীৰ এয়া প্ৰথম নিৰ্বাচনী সভা। আজি দিনৰ প্ৰায় ১২ মান বজাত মোদীয়ে জনতাক সম্বোধন কৰিব পাৰে।

চলিত বৰ্ষত মোদীয়ে কেইবাবাৰো কাশ্মীৰ ভ্ৰমণ কৰিছে।  ইয়াৰ পূৰ্বে তেওঁ ৭ মাৰ্চত বাক্ষী ষ্টেডিয়ামত এক সমাৱেশত অংশ গ্ৰহণ কৰিছিল। তাৰ পাছত ২১ জুনত SKICC ত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে যোৱা সপ্তাহত ডোডাত নিৰ্বাচনী সভাত ভাষণ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

১০ বছৰ পাছত জম্মু- কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। প্ৰত্যোক দলে জম্মু- কাশ্মীৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছে। কিছুদিন পূৰ্বে ডোডাত নিৰ্বাচনী সমাৱেশ অনুষ্ঠিত কৰিছিল মোদীয়ে। ৪৫ বছৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই ঠাইত অনুষ্ঠিত হোৱা জনসভাত অংশ গ্ৰহণ কৰিছিল।

আজি  অনুষ্ঠিত হ’বলগীয়া মোদীৰ সমাৱেশৰ পূৰ্বে নিৰাপত্তা সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক ভি কে বিৰদীয়ে কয় যে আমি এনে অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত মানক পৰিচালনা পদ্ধতি (এছ অ’ পি) অনুসৰি ভিভিআইপি ভ্ৰমণৰ বাবে বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰিছো। বিৰদীয়ে কয় যে আৰক্ষীয়ে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে,  এইবাৰ জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়াত নিৰ্বাচন অনুষ্ঠিত হৈছে। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ বাবে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ২৪ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন  ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় । ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণা হ’ব ৪ অক্টোবৰত।

এইবাৰ জম্মু- কাশ্মীৰত বিজেপিয়ে শাসন চলাব বুলি একাংশই দাবী কৰি আহিছে। পিডিপি আৰু নেশ্যনেল কনফাৰেন্সে দল দুটাইও ইয়াক লৈ শংকাত ভুগিছে। কিয়নো এই নিৰ্বাচনে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কাশ্মীৰত বিজেপিৰ প্ৰভাৱ নাই যদিও এই ক্ষেত্ৰত দলটোৱে   AIP  নেতা ৰছিদৰ সহায় লোৱা বুলি দাবী উত্থাপন হৈছে।   আনহাতে জম্মুত বিজেপিৰ প্ৰভাৱ বেছি।  জম্মু অঞ্চলৰ ৪৩খন আসনৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। ইয়াত বিজেপিয়ে ৩৭খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোক বিজেপিৰ দুৰ্গ বুলি গণ্য কৰা হয়। সীমা নিৰ্ধাৰণৰ পিছত জম্মুত ৬ খন আসন বৃদ্ধি পাইছিল যাৰ বাবে ইয়ে বিজেপিত লাভ কৰিব বুলি আশা কৰা হৈছে।

 

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version