জম্মু- কাশ্মীৰে ঘূৰাই পাব পূৰ্ণ ৰাজ্যৰ মৰ্যদাঃ ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি | jammu Kashmir election Rahul Gandhi says will fight for statehood Assam news - Assam Tv9

জম্মু- কাশ্মীৰে ঘূৰাই পাব পূৰ্ণ ৰাজ্যৰ মৰ্যদাঃ ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি

Published: 

04 Sep 2024 18:14 PM

৯০ খন আসনৰ বাবে জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। ৩৭০ নং অনুচ্ছেদ আঁতৰ হোৱাৰ পাছত জম্মুত ৬ খন আসন আৰু কাশ্মীৰত মাত্ৰ এখন আসন বৃদ্ধি পাইছিল। যাৰ বাবে জম্মুত পূৰ্বৰ ৩৭ খন আসনৰ সলনি এতিয়া ৪৩ আৰু কাশ্মীৰত পূৰ্বৰ ৪৬ খন আসনৰ সলনি ৪৭ খন আছে।

জম্মু- কাশ্মীৰে ঘূৰাই পাব পূৰ্ণ ৰাজ্যৰ মৰ্যদাঃ ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি

ৰাহুল গান্ধী

Follow Us On

জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জম্মু- কাশ্মীৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতি অৰ্থাৎ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। জম্ম- কাশ্মীৰ ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিক আক্ৰমণ কৰি লক্ষ্য কৰাৰ লগতে জম্মু- কাশ্মীৰৰ ৰাজইক এক বিশেষ প্ৰতিশ্ৰুতি দিয়ে। গান্ধীয়ে কয় যে, ‘ইণ্ডিয়া’ৰ চৰকাৰ আহিলে জম্মু- কাশ্মীৰক ৰাজ্যৰ মৰ্যদা ঘূৰাই দিয়া হ’ব। ইয়াৰোপৰি গান্ধীয়ে তেওঁৰ ভাষণত নিবনুৱা সমস্যা, বিদ্যুতৰ নাটনি, দেশত অশান্তি বিয়পোৱা আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত মত প্ৰকাশ কৰে।

গান্ধীয়ে কয় যে, ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা হৈছে। কেন্দ্ৰ চৰকাৰে এখন ৰাজ্যত নষ্ট কৰি পেলাইছে। মই সকলোকে বিশ্বাস দিব বিচাৰো যে, ইণ্ডিয়া ক্ষমতালৈ আহিলে জম্মু- কাশ্মীৰে ঘূৰাই পাব পূৰ্ণ ৰাজ্যৰ মৰ্যদা। তেওঁ কয় যে, বিজেপি চৰকাৰে নিবিচাৰিলেও জম্মু- কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়াতো সুনিশ্চিত কৰিম। ইয়াৰ বাবে ইণ্ডিয়াৰ সহযোগী দলসমূহে কেন্দ্ৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বুলি তেওঁ কয়। উল্লেখ্য যে আজি ৰামবন জিলাৰ বাণীহাল বিধানসভা সমষ্টিৰ সংদলদানত ভাষণ দি এই মন্তব্য কৰে গান্ধীয়ে।

বানিহাল আসনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে কংগ্ৰেছৰ ৰছুল ৱাণীয়ে। কংগ্ৰেছৰ হৈ প্ৰবীন নেতাগৰাকীয়ে ২০০৮ আৰু ২০১৪ চনত দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।২০২২ চনত কংগ্ৰেছে জম্মু-কাশ্মীৰৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁক দলৰ দায়িত্ব অৰ্পন কৰিছিল। শেহতীয়াকৈ তেওঁৰ ঠাইত কংগ্ৰেছে তাৰিক হামিদ কাৰাক দলৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে। এই আসনখনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰোপৰি আজি গান্ধীয়ে অনন্তনাগ জিলাৰ ডুৰুত কংগ্ৰেছৰ সাধাৰণ সম্পাদক গুলাম আহমেদ মিৰৰ সমৰ্থনত এক জনসভা সম্বোধন কৰে। ২০১৪ চনৰ নিৰ্বাচনত গোলাম মিৰ নিৰ্বাচনত পিডিপিৰ চৈয়দ ফাৰুক আহমেদৰ হাতত পৰাস্ত হৈছিল। অৱশ্যে  ২০০২ আৰু ২০০৮ চনত গুলাম আহমেদ মিৰ কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল। এইবাৰ ডুৰু বিধানসভাৰ আসনত মুঠ ১১জন প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ৯০ খন আসনৰ বাবে জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। ৩৭০ নং অনুচ্ছেদ আঁতৰ হোৱাৰ পাছত জম্মুত ৬ খন আসন আৰু কাশ্মীৰত মাত্ৰ এখন আসন বৃদ্ধি পাইছিল। যাৰ বাবে জম্মুত পূৰ্বৰ ৩৭ খন আসনৰ সলনি এতিয়া ৪৩ আৰু কাশ্মীৰত পূৰ্বৰ ৪৬ খন আসনৰ সলনি ৪৭ খন আছে। তিনিটা পৰ্যায়ৰ বাবে অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ  প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৪ খন আসনৰ বাবে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ ২৬খন আসনৰ বাবে ২৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ বাবে ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণা হ’ব ৪ অক্টোবৰত।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version