Jammu Kashmir Assembly session: জম্মু-কাশ্মীৰ বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে ৩৭০ বাতিলৰ বিৰুদ্ধে প্ৰস্তাৱ…মুখ্যমন্ত্ৰী ওমৰে কয় – ইয়াৰ কোনো গুৰুত্ব নাই

আজিৰ প্ৰথন দিনটোতে পিডিপিৰ বিধায়ক ৱাহিদ উৰ ৰেহমান পাৰাই ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে প্ৰস্তাৱ দাখিল কৰে। অধিৱেশনত এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বিজেপিৰ বিধায়কসকলে। ইয়াৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়।

Jammu Kashmir Assembly session: জম্মু-কাশ্মীৰ বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে ৩৭০ বাতিলৰ বিৰুদ্ধে প্ৰস্তাৱ...মুখ্যমন্ত্ৰী ওমৰে কয় - ইয়াৰ কোনো গুৰুত্ব নাই

জম্মু-কাশ্মীৰ বিধানসভা অধিৱেশন

Published: 

04 Nov 2024 15:55 PM

৬ বছৰৰ পাছত অনুষ্ঠিত হোৱা জম্মু-কাশ্মীৰৰ বিধানসভা অধিৱেশনৰ আজি প্ৰথম দিন। আজিৰ প্ৰথন দিনটোতে পিডিপিৰ বিধায়ক ৱাহিদ উৰ ৰেহমান পাৰাই ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে প্ৰস্তাৱ দাখিল কৰে। অধিৱেশনত এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বিজেপিৰ বিধায়কসকলে। ইয়াৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। ইয়াৰ পিছতে অধ্যক্ষই বিধানসভাৰ কাম-কাজ স্থগিত ৰাখে। এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই কয় যে, ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে অনা প্রস্তাৱৰ কোনো গুৰুত্ব নাই৷

এই প্ৰস্তাৱৰ কোনো গুৰুত্ব নাই – মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

মুখ্যমন্ত্ৰী আব্দুল্লাই কয় যে, ‘ইয়াৰ আঁৰত যদি কিবা উদ্দেশ্য থাকিলহেঁতেন তেন্তে প্ৰথমে আমাৰ সৈতে আলোচনা কৰিলেহেঁতেন। আমি জানিছিলোঁ যে, ইয়াৰ বাবে এজন সদস্যই প্ৰস্তুতি চলাই আছে। বাস্তৱ কথাটো হ’ল ২০১৯ চনৰ ৫ আগষ্টত লোৱা সিদ্ধান্ত জম্মু-কাশ্মীৰৰ জনসাধাৰণে কেতিয়াও মানি নলয়। জম্মু কাশ্মিৰৰ জনসাধাৰণে এই সিদ্ধান্ত মানি লোৱা হ’লে নিৰ্বাচনৰ ফলাফল বেলেগ হ’লহেঁতেন ৷ সদনে এই কথাটো কেনেদৰে বিবেচনা কৰিব সেয়া কোনো এজন সদস্যই সিদ্ধান্ত ল’ব নোৱাৰে।’

মুখ্যমন্ত্ৰী আব্দুল্লাই কয় যে, ‘আজি পিডিপি বিধায়কে অনা প্ৰস্তাৱৰ কোনো গুৰুত্ব নাই, সেয়া কেৱল কেমেৰাৰ বাবেহে। ইয়াৰ আঁৰত যদি কিবা উদ্দেশ্য থাকিলহেঁতেন তেন্তে তেওঁলোকে প্ৰথমে আমাৰ লগত আলোচনা কৰিলেহেঁতেন।’

ৱাহিদ পাৰাক প্ৰশংসা পিডিপিৰ মুৰব্বী মেহবুবা মুফতিৰ

পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে এই প্ৰস্তাৱৰ বাবে ৱাহিদ পাৰাক প্ৰশংসা কৰে। মুফতিয়ে কয় যে,ৱাহিদ পাৰাই প্ৰস্তাৱ দাখিল কৰাক লৈ গৌৰৱান্বিত । তেওঁ কয়, ‘৩৭০ নং অনুচ্ছেদ বাতিলৰ বিৰোধিতা কৰি জম্মু কাশ্মিৰ বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰি ৱাহিদ পাৰাই বিশেষ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ সংকল্প লোৱাৰ বাবে গৌৰৱান্বিত । ভগৱানে আপোনাক আশীৰ্বাদ কৰক । ‘

২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰাই দিয়া হৈছিল

২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰ ৰাজ্যৰ জনসাধাৰণক বিশেষ সুবিধা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ৰ বাতিল কৰে। জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদাও কৰ্তন হয় । ইয়াৰ লগে লগে জম্মু-কাশ্মীৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত হয়।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ