jammu and Kashmir Haryana Assembly Election: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?
Jammu kashmir and hariyana election result 2024: কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৯০ খনকৈ আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ মেজিক নম্বৰ ৪৬।
আৰম্ভ হৈছে দেশৰ দুখনকৈ ৰাজ্যৰ ভোট গণনা প্ৰক্ৰিয়া। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৯০ খনকৈ আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ মেজিক নম্বৰ ৪৬। অৰ্থাৎ জম্মু- কাশ্মীৰৰ শাসন হাতলৈ আনিবলৈ এটা দলক ৪৬ খন আসন প্ৰয়োজন হোৱাৰ বিপৰীতে হাৰিয়ানাৰ বাঘজৰী ধৰিবলৈও এটা দলক প্ৰয়োজন হ’ব ৪৬ খন আসনৰ। ১৮ ছেপ্টেম্বৰৰ পৰা জম্মু- কাশ্মীৰত ৩ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৫ অক্টোবৰত হাৰিয়ানা বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
ভোট গণনাৰ আৰম্ভণিতে (পুৱা ৮ বজা) হাৰিয়ানাক কংগ্ৰেছৰ ধুমুহা দেখা হৈছে। উচানা কালান আসনৰ পৰা পিছ পৰি আছে দুষ্যন্ত চৌটালা। বৰ্তমান সময়ত কংগ্ৰেছে ৪০ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ১৮ খন আসনত।
প্ৰায় ১০ বছৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ২০১৪ চনত শেষৰবাৰৰ বাবে জম্মু- কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও কোনো এটা দলেই একক সংখ্যা গৰিষ্ঠতা লাভ কৰা নাছিল। ২০১৯ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৩৭০ নং অনুচ্ছেদ আঁতৰ কৰাৰ পাছত ইয়াত কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচন বিজেপিৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলন, পিডিপিৰ বাহিৰেও আন বহু আঞ্চলিক দলৰ।
জম্মুু- কাশ্মীৰ
জম্মু-কাশ্মীৰত বিজেপিৰ পৰা এন চি আৰু পিডিপিলৈকে বহু নেতাৰ ভাগ্য নিৰ্ণয় হ’ব। বিজেপিৰ ৰাজ্যিক সভাপতি ৰবীন্দ্ৰ ৰাইনাই ৰাজৌৰী জিলাৰ নৌশ্বেৰা বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাইনাই পিডিপিৰ হক নৱাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ পৰাই জয়ী হৈছিল ৰবীন্দ্ৰ ৰাইনা।
আনহাতে, ৰাষ্ট্ৰীয় সন্মিলনৰ উপ সভাপতি ওমৰ আব্দুল্লাহই এইবাৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে এখন গণ্ডাৰবল সিং আৰু আনখন বুডগামা। ওমৰ আব্দুল্লাৰ প্ৰতিদ্বন্দ্বি হ’ব পিডিপিৰ বছিৰ আহম মিৰ আৰু আঘা ছাইদ মুন্তাজিৰ মেহদী।
জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্সে মিত্ৰতা স্থাপন কৰিছে। কংগ্ৰেছে ৩২ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে নেশ্যনেল কনফাৰেন্সে ৫০ খন আসন, চিপিএম আৰি পৈথৰ্চ পাৰ্টীয়ে ১ খনকৈ আসন আৰু আন ৬ খন আসনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বিপৰীতে মহবুবা মুফটীৰ পিডিপি আৰু বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
হাৰিয়ানা
এইবাৰ হাৰিয়ানাত কংগ্ৰেছ আৰু বিজেপিৰ মাত্ৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ চমক ভোট গণনাৰ আৰম্ভণিতে দেখা গৈছে। বিজেপিত পিছ পেলাই আগবাঢ়ি আছে কংগ্ৰেছ। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী নয়াব সিং ছাইনীয়ে লাডৱা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ লগতে প্রাক্তন ৰাজ্যিক গৃহমন্ত্রী অনিল বিজে আম্বালা কেণ্টৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
আনহাচে কংগ্ৰেছ নেতা ভূপেন্দ্ৰ সিং হুডাই গড়ী চাম্পলা-কিলয়ৰ পৰা আৰু বিনেশ ফ’গাটে জুলানা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আইন এন এল ডিৰ নেতা অভয় চৌটালাই এলেনাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে উচানা কালান আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুষ্যন্ত চৌটালাই। এই নেতাসকলকৰ ওপৰতেই আছে হাৰিয়ানাত দলৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাই নিয়াৰ দায়িত্ব।
হাৰিয়ানাৰ ৯০খন আসনৰ বাবে ৪৬৪গৰাকী নিৰ্দলীয় আৰু ১০১গৰাকী মহিলাকে ধৰি মুঠ ১০৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। হাৰিয়ানাত পূৰ্বৰে পৰা নিৰ্দলীয়ৰ বিশেষ গুৰুত্ব আছে।
এক্সিট প’লে কি কয়
এক্সিট প’ল অনুসৰি জম্মু- কাশ্মীৰত কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়। জম্মু- কাশ্মীৰত বিজেপিয়ে ২০-২৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু এন চিয়ে ৩০-৪ খন আসন লাভ কৰিব। ইয়াৰ লগতে পিডিপি ৪-৭ খন আসন আৰু অন্যই ৮-১৫ খন আসন লাভৰ সম্ভাৱনা আছে। অৱশ্যে এক্সিট পটলত হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে বুলি উল্লেখ কৰিছিল। হাৰিয়ানাত বিজেপিয় ২০-৩৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৫০-৬৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
এয়া মাত্ৰ ধাৰণাহে। কিছু সময় পাছতেই ওলাই পৰিব চূড়ান্ত ফলাফল। হয়তো সন্ধিয়াৰ পূৰ্বে জানিব পৰা যাব কাৰ হাতলৈ যায় হাৰিয়ানা আৰু জম্মু- কাশ্মীৰৰ শাসন।