শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তালিকা প্ৰস্তুত, অপেক্ষা একশ্যনলৈ…জম্মু-কাশ্মীৰত সক্ৰিয় লস্কৰ, জৈছ, মুজাহিদীনৰ সন্ত্ৰাসবাদী

পহলগাম আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই । সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুত কৰি শুংসূত্ৰ বিচাৰি উলিওৱা হৈছে । ভাঙি পেলোৱা হৈছে ৭ টাকৈ সন্ত্ৰাসবাদীৰ বাসগৃহ ।

তালিকা প্ৰস্তুত, অপেক্ষা একশ্যনলৈ…জম্মু-কাশ্মীৰত সক্ৰিয় লস্কৰ, জৈছ, মুজাহিদীনৰ সন্ত্ৰাসবাদী
সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুতImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 26 Apr 2025 17:21 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে ভাৰতীয় সেনাই একেলগে কেইবাটাও অভিযান আৰম্ভ কৰিছে । এতিয়ালৈকে সেনাই ৭ টা সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলাইছে । ইয়াৰ উপৰিও ২ টা সন্ত্ৰাসবাদী নিহত হৈছে । শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ এক তালিকা প্ৰস্তুত কৰিছে সেনাই । তাৰ লগে লগে কাশ্মীৰ উপত্যকাত আৰম্ভ হৈছে সন্ত্ৰাসবাদীৰ কাউণ্টডাউন । কাৰণ সেনাই প্ৰতিজন সন্ত্ৰাসবাদীৰ তথ্য সংগ্ৰহ কৰিছে ।

উপত্যকাটোত সক্ৰিয় হৈ থকা স্থানীয় সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুত কৰিছে সেনাই । বৰ্তমান কাশ্মীৰত মুঠ ১৪ টা স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে, যাৰ বিষয়ে সেনাই সম্পূৰ্ণ তথ্য লাভ কৰিছে । সোপোৰত এটা স্থানীয় লস্কৰ সন্ত্ৰাসবাদীও সক্ৰিয় হৈ আছে । প্ৰথমে সদম্ভে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিলেও সেনাবাহিনীৰ ভয়ত পহলগাম আক্ৰমণৰ তিনিদিন পিছতে কাশ্মীৰ ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে ।

সেনাৰ হাতত সন্ত্ৰাসবাদীৰ তালিকা
সেনাই প্ৰস্তুত কৰা তালিকাত অৱন্তিপোৰাত এটা জৈছ সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকাৰ খবৰ পোৱা গৈছে, আনহাতে পুলৱামাত লস্কৰ আৰু জৈছৰ দুটাকৈ স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে । ছৌপিয়ানত সক্ৰিয় হৈ আছে এটা হিজবুল আৰু চাৰিটা লস্কৰ সন্ত্ৰাসবাদী, অনন্তনাগত দুটা স্থানীয় হিজবুল সন্ত্ৰাসবাদী, কুলগামত সক্ৰিয় হৈ আছে এটা স্থানীয় লস্কৰ সন্ত্ৰাসবাদী । এই সন্ত্ৰাসবাদীৰ সম্পূৰ্ণ কুণ্ডলী ​​সেনাই জানিবলৈ দিছে । এতিয়া আগন্তুক দিনত এই সন্ত্ৰাসবাদীক যে নিঃশেষ কৰা হ’ব সেয়া নিশ্চিত ।

ভাৰতীয় সেনাৰ অভিযান অব্যাহত
এই পৰ্যন্ত জম্মু-কাশ্মীৰত ৭ টা সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হৈছে । ট্ৰাল, অনন্তনাগ, পুলৱামা, কুলগাম আৰু ছৌপিয়ানত তালাচী অভিযানৰ সময়ত সেনাই এই ব্যৱস্থা গ্ৰহণ কৰিছে । এই অভিযানৰ পিছত সন্ত্ৰাসবাদী যেন শংকিত হৈ পৰিছে । সেনাই ছৌপিয়ানত সন্ত্ৰাসবাদী শ্বাহিদ আহমেদ কুটিৰ ঘৰ, পুলৱামাত সন্ত্ৰাসবাদী হৰিছ আহমেদৰ ঘৰ, ট্ৰালত সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰ, অনন্তনাগত সন্ত্ৰাসবাদী আদিল থোকাৰৰ ঘৰ, পুলৱামাত সন্ত্ৰাসবাদী হৰিশ আহমেদৰ ঘৰ আৰু কুলগামত সন্ত্ৰাসবাদী জাকিৰ আহমেদ গনীৰ ঘৰ ভাঙি পেলাইছে ।