Jammu Kashmir: কথুৱাত সেনাবাহিনীৰ ডাঙৰ সফলতা, এনকাউণ্টাৰত ৩জন সন্ত্ৰাসবাদী নিহত

কথুৱা জিলাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ হাতত নিহত দ৩ জন সন্ত্ৰাসবাদী। এই এনকাউণ্টাৰত তিনিজন নিৰাপত্তাৰক্ষীয়ো জোৱানো শ্বহীদ হয়। জিলাখনত বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান অব্যাহত আছে।

Jammu Kashmir: কথুৱাত সেনাবাহিনীৰ ডাঙৰ সফলতা, এনকাউণ্টাৰত ৩জন সন্ত্ৰাসবাদী নিহত

কথুৱাত সেনাবাহিনীৰ ডাঙৰ সফলতা

Updated On: 

28 Mar 2025 08:09 AM

জম্মু অঞ্চলৰ কথুৱা জিলাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ ফলত নিহত ৩ জন সন্ত্ৰাসবাদী। এই এনকাউণ্টাৰত ৩ জন আৰক্ষী জোৱানো শ্বহীদ হয়। প্ৰথমে এই এনকাউন্টাৰত দুজন সন্ত্ৰাসমবাদী নিহত হোৱাৰ খবৰ আহিছিল। জিলাখনত বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান অব্যাহত আছে। বৃহস্পতিবাৰে পুৱা ৰাজবাগৰ ঘাটি জুথানা অঞ্চলৰ জাখোলে গাঁৱৰ সমীপত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়। এই ঠাইখন দেওবাৰে হিৰানগৰ ছেক্টৰত এনকাউণ্টাৰ হোৱা ঠাইৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত।

অনুমান কৰা হৈছে যে দেওবাৰে সন্ধিয়া হীৰানগৰত আধা ঘণ্টাৰো অধিক সময় চলি থকা এনকাউণ্টাৰৰ পিছত পলায়ন কৰা একেটা গোটৰেই এই সন্ত্ৰাসবাদীসকল। দেওবাৰে পাকিস্তান সীমান্তৰ সমীপৰ ছানয়াল গাঁৱৰ এখন নাৰ্চাৰীত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে এছ অ’ জিয়ে এই অভিযান আৰম্ভ কৰে।

ক’ৰ পৰা ক’লৈ অনুসন্ধান অভিযান চলি আছে

সন্ত্রাসবাদীৰ সন্ধানত ছানয়ালৰ পৰা ডিং আম্ব আৰু ইয়াৰ বাহিৰলৈকে অভিযান চলাই আছে। এই অভিযানত সেনা, এন এছ জি, বি এছ এফ, আৰক্ষী আৰু চি আৰ পি এফ জোৱান নিয়োজিত হৈ আছে। ইয়াৰ লগতে হেলিকপ্টাৰ, ইউ এ ভি, ড্ৰোন, বুলেটপ্ৰুফ বাহন আৰু ডগ স্কোয়াডৰ সহায় লোৱা হয়।

কথুৱাত আইডি-ডিজিপিয়ে শিবিৰ পাতিলে

অনুমান কৰা হৈছে যে এই সন্ত্ৰাসবাদী দলটোৱে শনিবাৰে হয় নলাৰ ৰাস্তাৰে নহয় সীমান্তৰ সিপাৰৰ পৰা নিৰ্মিত সুৰংগৰ মাজেৰে অনুপ্ৰৱেশ কৰিছিল। সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে কথুৱাত কেম্পিং কৰিছে ডিজিপিয়ে। যোৱা চাৰিদিন ধৰি জম্মু অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক ভীম সেন টুটিও উপস্থিত আছে।

 

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...