জম্মু-কাশ্মীৰত ভয়াৱহ পৰিস্থিতি, থাকিবলৈ নাই ঘৰ, ব্যাহত বিদ্যুৎ-পানী যোগান, চাওক ধ্বংসলীলাৰ দৃশ্য…
ধাৰাসাৰ বৰষুণৰ ফলত পৰিস্থিতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ ৰামবানত। সোমবাৰে সংঘটিত ডাৱৰ বিস্ফোৰণৰ পিছত ৰামবনত ধ্বংসলীলা খবৰ পোহৰলৈ আহিছে। ক্ষতিসাধন হৈছে বহু ঘৰৰ। পোহৰলৈ অহা ফটোবোৰত স্পষ্টকৈ দেখা গৈছে ধ্বংসলীলা দৃশ্য।

ৰামবনত প্ৰাকৃতিক দুৰ্যোগৰ বাবে ব্যাপক লোকচান হৈছে। কেইবা ডজন গাঁৱৰ মানুহৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰিছে। এই পৰ্যন্ত ৩৭টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও বহু লোকৰ ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানতো ইয়াৰ প্ৰভাৱ পৰিছে। দোকানবোৰো ভাঙি গৈছে। লগতে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথতো ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে।
ধাৰাসাৰ বৰষুণৰ ফলত পৰিস্থিতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ ৰামবানত। সোমবাৰে সংঘটিত ডাৱৰ বিস্ফোৰণৰ পিছত ৰামবনত ধ্বংসলীলা খবৰ পোহৰলৈ আহিছে। ক্ষতিসাধন হৈছে বহু ঘৰৰ। পোহৰলৈ অহা ফটোবোৰত স্পষ্টকৈ দেখা গৈছে ধ্বংসলীলা দৃশ্য। ভাঙি পৰা ঘৰ, ধ্বংসাৱশেষত আবদ্ধ হৈ থকা বাহন, ভাঙি যোৱা দোকানবোৰ দূৰ-দূৰণিৰ স্পষ্টকৈ দেখা গৈছে। এই দুৰ্যোগত ৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
ৰামবানৰ গুল অঞ্চলৰ মহকুমাধিপতি ইমটিয়াজ আহমেদে কয়, “ইয়াত ডাৱৰ বিস্ফোৰণ ঘটিছে। এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে ৩৭ টা ঘৰ। সা-সম্পত্তিৰ বৃহৎ ক্ষতি হৈছে। মানুহৰ সামগ্ৰী, বাচন-বৰ্তন, জীৱ-জন্তু, সকলোবোৰ বানs উটুৱাই লৈ গৈছে। লগতে অঞ্চলটোৰ এটা মন্দিৰো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।” তেওঁ লগতে কয়, “ক্ষতিৰ সম্পূৰ্ণ মূল্যায়ন কৰা হ’ব আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ’ব। পুনঃ সংস্থাপনৰ কাম চলি আছে আৰু আমি ঔষধ আৰু খাদ্যৰ দৰে সকলো প্ৰয়োজনীয় বস্তু যোগান ধৰিছো।”
#WATCH | Ramban, J&K | Imtiyaz Ahmed, Sub Divisional Magistrate, Gool says, “Yesterday a cloud burst happened here…The flash flood damaged 37 houses and a temple. Although there was a huge loss of property, no lives were lost. Several cattle are also reportedly missing… A… pic.twitter.com/Q3VZBw4gLU
— ANI (@ANI) April 22, 2025
চৰকাৰৰ জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত জম্মু-কাশ্মীৰৰ পাহাৰীয়া ৰামবান জিলাৰ প্ৰায় এক ডজন গাঁৱক বানপানী আৰু ভূমিস্খলনে প্ৰভাৱিত কৰিছে। ইয়াৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহত নিয়োজিত আছে বিষয়াসকল। সোমবাৰে সংমণ্ডল আয়ুক্ত (জম্মু) ৰমেশ কুমাৰেও কয় যে, কেইবাটাও দলে ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে কাম কৰি আছে।
এই বানে ব্যাপক ক্ষতিসাধন কৰিছে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ। ইয়াৰ বাবেই মোগল ৰোড আৰু সিন্থন টপ ৰোডৰ জৰিয়তে কাশ্মীৰ উপত্যকালৈ যোৱাৰ বিকল্প পথৰ ব্যৱস্থাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। ছেৰী, বাগনা, পানোট, খাৰীকে ধৰি প্ৰায় ১০ৰ পৰা ১২খন গাঁৱত বিভিন্ন মাত্ৰাৰ ক্ষতি হৈছে বুলি সংমণ্ডল আয়ুক্তগৰাকীয়ে জনায়। তেওঁ কয়, “আমাৰ দলসমূহে চৌদিশে দৃষ্টি ৰাখিছে যাতে ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য সেৱা আগবঢ়াব পৰা যায়।
#WATCH | Ramban Landslide | Restoration work is underway in Ramban after vehicles and property were damaged following landslides in several areas on April 20. pic.twitter.com/yy3Fu9LTf5
— ANI (@ANI) April 22, 2025
এই পৰিস্থিতিৰ মাজত অঞ্চলটোত ব্যাহত আছে বিদ্যুৎ আৰু পানী যোগান। সংমণ্ডল আয়ুক্তগৰাকীয়ে কয়, “পানী আৰু বিদ্যুতকে ধৰি অত্যাৱশ্যকীয় সেৱাসমূহৰ পুনৰুদ্ধাৰ কাম চলি আছে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), সেনা, আৰক্ষী আৰু অন্যান্য সংস্থাসমূহৰ যৌথ দলে পৰিস্থিতি উন্নত কৰাৰ বাবে কাম কৰি আছে।”
এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি সুনীল শৰ্মাই ক্ষতিগ্ৰস্ত গাঁওসমূহ পৰিদৰ্শন কৰি কয়, “আমি পৰিস্থিতিৰ মূল্যায়ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰতিবেদন দাখিল কৰিবলৈ আহিছো। আমি বিচাৰো যে চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰি ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে পুনঃ সংস্থাপনৰ পেকেজ ঘোষণা কৰক।” তিনিজন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ কয়, “ঘৰ-দুৱাৰ হেৰুওৱাসকলৰ সৈতে বিজেপি থিয় হৈ আছে আৰু চৰকাৰৰ দ্বাৰা তেওঁলোকক সঠিকভাৱে পুনৰ সংস্থাপন কৰাটো নিশ্চিত কৰিব।”