ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন! বোকাৰ মাজত পোঁত খাইছে শ শ বাহন, বাসগৃহ আদি…
ৰামবান নামৰ জিলাখনত দেওবাৰে হঠাতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয়। যাৰ বাবে শ শ লোক অঞ্চলটোত আৱদ্ধ হৈ পৰে। অৱশ্যে পৰৱৰ্তী সময়ত ১০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হয়। ইয়াৰোপৰি ৩জন লোকৰ মৃত্যু হয়।

ধাৰাসাৰ আৰু অবিৰত বৰষুণৰ ফলত জম্মু-কাশ্মীৰত জনজীৱন দুৰ্বিসহ হৈ পৰিছে। অত্যাধিক বৰষুণ, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন আদিৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হৈছে। যাৰ বাবে ঘাইপথৰ দুয়ো কাষে বহু যাত্ৰী আৱদ্ধ হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথ, কিষ্টৱাৰ ৰোড আৰু কিষ্টৱাৰ সিন্থন টপ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। পোহৰলৈ অহা তথ্য অনুসৰি ভূমিস্খলনৰ ফলত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু ঘৰ-দুৱাৰৰ ক্ষতিসাধন হৈছে।
অঞ্চলটোৰ ৰামবান নামৰ জিলাখনত দেওবাৰে হঠাতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয়। যাৰ বাবে শ শ লোক অঞ্চলটোত আৱদ্ধ হৈ পৰে আৰু পাছত উদ্ধাৰকাৰী দলে ১০০ ৰো অধিক লোকক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে। প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, অবিৰত বৰষুণৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নছাৰী-বনিহালৰ মাজত ১০ টাৰো অধিক স্থান ভূমিস্খলন আৰু খহনীয়া হয়। যাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতায়ত বন্ধ কৰি দিয়া হয়।
প্ৰশাসনৰ তথ্য অনুসৰি হঠাতে হোৱা বানপানীৰ ফলত ধৰ্মকুণ্ড গাঁৱত ৪০টাৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰোপৰি ডাৱৰ বিস্ফোৰণ আৰু অবিৰত বৰষুণৰ ফলত আৱদ্ধ হৈ থকা ১০০ ৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে।
#WATCH | J&K | Several buildings and vehicles are damaged due to a landslide following heavy rains and hailstorm in Ramban district pic.twitter.com/3uFD5GLvRg
— ANI (@ANI) April 20, 2025
এই ঘটনাৰ ফলত সবাতোকৈ ৰামবান জিলা ক্ষতিগ্ৰস্ত হয়। অঞ্চলটোৰ বিভিন্ন অঞ্চল বানপানী আৰু বোকাৰে ভৰি পৰিছে। ধ্বংসাৱশেষৰ তলত পোত খাই গৈছে ডাঙৰ ডাঙৰ গাড়ী মটৰ, ঘৰ-দুৱাৰ আদি। এই ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰি পৰিস্থিতি উন্নত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত ওমৰ আব্দুল্লাই কয় যে, “ৰামবানত হোৱা কৰুণ ভূমিস্খলন আৰু বানপানীৰ খবৰে মোৰ গভীৰভাৱে দুখী কৰি তুলিছে। এই ঘটনাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতি হৈছে। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক মই সমবেদনা জ্ঞাপন কৰিছো। স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ কৰি আছো যাতে য’তেই প্ৰয়োজন হয় তাতেই তাৎক্ষণিক উদ্ধাৰ অভিযান নিশ্চিত কৰিব পাৰো।” ইয়াৰোপৰি এনে পৰিস্থিতিত ভ্ৰমণৰ পৰা যাত্ৰীসকলক আঁতৰি থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি যান-বাহন বিভাগৰ এগৰাকী মুখপাত্ৰই ভূমিস্খলনৰ সন্দৰ্ভত কয় যে নছাৰী-বনিহালৰ মাজৰ কেইবাটাও স্থানত ভূমিস্খলন, শিল খহি পৰাৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। তেওঁ কয় যে ঘাইপথত বৰষুণ অব্যাহত থকাৰ এই সময়ত জনতাক যাতায়ত নকৰিবলৈ আহ্বান জনোৱা হৈছে।