কুলগামত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীৰ দুই সহযোগী, বৰ্তমানলৈকে তিনি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ ভাঙিলে আৰক্ষীয়ে
জম্মু-কাশ্মীৰত সেনাৰ অভিযান অব্যাহত । সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাঙি পেলোৱা হৈছে পহলগাম আক্ৰমণত জড়িত থকাৰ অভিযোগত অভিযুক্ত তিনি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ বাসগৃহ ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই জম্মু-কাশ্মীৰত সেনাৰ অভিযান তীব্ৰতৰ হৈ পৰা দেখা গৈছে । সমগ্ৰ উপত্যকাৰ ভিন্ন স্থানত দেখা গৈছে সন্ত্ৰাসবাদীৰ সন্ধানত সেনাৰ ব্যাপক অভিযান । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত গ্ৰেপ্তাৰ কৰা হৈছে সন্ত্ৰাসপবাদীৰ সৈতে সম্পৰ্ক থকা দুজন ব্যক্তিক । শনিবাৰে আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা ।
এক বিভাগীয় সূত্ৰ মতে, কুৱেইমোহ অঞ্চলৰ থোকেৰপোৰাৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
ইফালে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বন্দীপোৰা জিলাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ এটা সহযোগী । সন্ত্ৰাসবাদীৰ এই সহযোগীটোক আলতাফ লাল্লি বুলি চিনাক্ত কৰা হৈছে ।
আনহাতে আজাছ জিলাৰ কুলনাৰ অঞ্চলত সংঘটিত এক গুলীয়াগুলীৰ ঘটনাত আহত হয় দুজন নিৰাপত্তাৰক্ষী । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দুজন আৰক্ষী জোৱান গুলীবিদ্ধ হয় আৰু তেওঁলোকক ততাতৈয়াকৈ ওচৰৰ হাস্পতাললৈ লৈ যোৱা হয় । চোৰাংচোৱা সূত্ৰৰ তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীৰ এটা দলে ।
পহলগামৰ ঘটনাৰ পাছত বৃহস্পতিবাৰে উধামপুৰ জিলাত সংঘটিত এক গুলীয়াগুলীৰ ঘটনাত শ্বহীদ হয় এজন সেনা জোৱান । আৰক্ষী সূত্ৰই জনোৱা মতে, চোৰাংচোৱাৰ খবৰৰ ভিত্তিত উধামপুৰৰ বষ্টানগড়ত এক যৌথ অভিযান চলোৱা হয় । অভিযানৰ সময়ত দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত ঘটে আৰু এই সংঘৰ্ষত এজন বীৰ জোৱান শ্বহীদ হয় ।
আনহাতে, পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখা গৈছে স্থানীয় লোকসকল । এই হত্যাকাণ্ডৰ পাছতেই কাশ্মীৰৰ যথেষ্ট সংখ্যক লোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা গৈছিল । তাৰ মাজতে সেনা-আৰক্ষীয়ে এই আক্ৰমণৰ সৈতে জড়িত দুই স্থানীয় সন্ত্ৰাসবাদীৰ ঘৰ শুকুৰবাৰে ধ্বংস কৰে । তাৰ পাছতেই এই আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহত আন এজন অভিযুক্তৰ ঘৰো ভাঙি দিয়া হয় ।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, ছৌপিয়ান জিলাৰ চোটিপোৰা গাঁৱৰ এই লোকজন সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত থকা বুলি বিশ্বাস কৰা হৈছে । শুকুৰবাৰে কুলগাম জিলাৰ মাতালহামা গাঁৱত জাকিৰ আহমেদৰ ঘৰ আৰু লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আদিল থোকাৰ ওৰফে আদিল গুৰীৰ অনন্তনাগ জিলাৰ গুৰী গাঁৱত থকা ঘৰো ভাঙি পেলোৱা হৈছিল । এই তিনিওজন পহলগাম আক্ৰমণত জড়িত থকা বুলি দাবী কৰা হৈছে । বৰ্তমানেও অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত সেনাই অভিযান অব্যাহত ৰাখিছে ।