পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী…

Jammu-kashmir tourist place close: জম্মু-কাশ্মীৰত বন্ধ কৰি দিয়া হ'ল ৪৮ টা পৰ্যটনস্থলী। পহলগাম ঘটনাৰ পাছত পুনৰ উপত্যকাটোত সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। যাৰ পাছত চৰকাৰে পৰ্যটনস্থলী বন্ধ কৰাৰ সিদ্ধান্ত লয়।

পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী...

ভাৰতীয় সেনা

Published: 

29 Apr 2025 11:39 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত চৰকাৰে বন্ধ কৰি দিলে জম্মু-কাশ্মীৰৰ কেইবাটাও পৰ্যটনস্থলী।তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ ৮৭ টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা পৰ্যটনস্থলী বন্ধ কৰাৰ সিদ্ধান্ত লয় চৰকাৰে। চোৰাংচোৱা সংস্থাৰ আহ্বানৰ পাছতে চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাৰ ওপৰত চোৰাংচোৱা সংস্থাই কৰা দাবীৰ পাছতে চৰকাৰে ৮৭টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা বন্ধ কৰি দিয়ে।

সূত্ৰ অনুসৰি, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত শ্লীপাৰ চেল সক্ৰিয় হৈ পৰিছে।ইতিমধ্যে তেওঁলোকে পুনৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ লাভ কৰিছে।  চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে যে,  পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে পুনৰ এনে কাৰ্য কৰাৰ বাবে চেষ্টা কৰিব পাৰে সন্ত্ৰাসবাদীয়ে। এই সময়চোৱাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ লগতে বিশেষ কিছুমান লোকক লক্ষ্য কৰি ল’ব পাৰে। যাৰ বাবে এই সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছিল। সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীয়ে গুলমাৰ্গ, সোণমাৰ্গ, লেক আদিৰ দৰে সংবেদনশীল ঠাইসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

তালিকাত কি কি নাম আছে

চৰকাৰে বন্ধ কৰা স্থানসমূহ হ’ল- ইউছমাৰ্গ, টৌছিমেদান, দুথপাথ্ৰি, আহৰবাল, কৌছাৰনাগ, বাংগাছ, কৰিৱান ডাইভাৰ চাণ্ডিগাম,বাংগাছ উপত্যকা, ৱুলাৰ/ৱাটলাব, ৰামপোৰা আৰু ৰাজপোৰা, চেয়াৰহাৰ, মুণ্ডিজ-হামাম-মাৰ্কুট জলপ্ৰপাত, খাম্পু, বছনিয়া, বিজিটোপ, সূৰ্য্য মন্দিৰ, ভেৰিনাগ বাগিচা, চিনথান টপ, মাৰ্গানটপ, আকাদ পাৰ্ক, হাব্বা খাটুন পইণ্ট, বাবাৰেশী, ৰিংগাৱলী, গোগালদাৰা, বাদেৰকোটে, শ্ৰুঞ্জ জলপ্ৰপাত, কামনপোষ্ট, নাম্বলান জলপ্ৰপাত, ইকো পাৰ্ক খাদনিয়াৰ।

লগতে আছে- সাংগৰৱানী, জামিয়া মছজিদ, বদামৱাৰী, ৰাজোৰী কাদল হোটেল কানাজ, আলি কাদল জে জে ফুড ৰেষ্টুৰেণ্ট, আইভৰি হোটেল, পদশাপাল ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্ট, চেৰী ট্ৰি ৰিজৰ্ট (ফকিৰ গুজৰি),নৰ্থ ক্লিফ কেফে এণ্ড ৰেষ্টুৰেন্ট (ষ্টে পেটাৰ্ণৰ ওচৰত),ফৰেষ্ট হিল কটেজ,আস্তানমাৰ্গ ভিউ পইণ্ট, আস্তানমাৰ্গ পেৰাগ্লাইডিং, মামনেথ আৰু মহাদেৱ পাহাৰ, বৌদ্ধ মঠ, ডাচিগাম – বিয়ণ্ড ট্ৰাউট ফাৰ্ম / ফিচাৰিজ ফাৰ্ম, আস্তানপোৰা (বিশেষকৈ কায়াম গাহ ৰিজৰ্ট, লাচপাত্ৰী, হাং পাৰ্ক আৰু নৰনাগ)। অৱশ্যে এই ঠাইসমূহ পুনৰ কেতিয়া খুলি দিয়া হয় এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাৰ ফলত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৪ জন আহত হৈছিল। তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলৰ ধৰ্ম সুধি, কলমা পঢ়িবলৈ দি হত্যা কৰিছিল। মৃত ২৬ জনৰ ভিতৰত দুগৰাকী পৰ্যটন বিদেশী আছিল। প্ৰথম অৱস্থাত এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব গ্ৰহণ কৰিছিল লস্কৰ-ই-তৈবাৰ জড়িত গোট দ্যা ৰেজিষ্টেন্স ফ্ৰন্ট (টিআৰএফ)য়ে। কিন্তু পৰৱৰ্তী সময়ত সংগঠনটোৱে কৈছিল যে এই ঘটনাৰ লগত তেওঁলোক জড়িত নহয়।

 

হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক
ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...