Jawaharlal nehru: আধুনিক ভাৰতৰ জনক! ১৩৫ সংখ্যক জন্ম বাৰ্ষিকীত পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ…

Children's day, jawaharlal nehru birth anniversary: আজি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী। এই দিৱসটোৰ লগত সংগতি ৰাখিয়েই দেশত পালন কৰা হৈছে শিশু দিৱস। এই বিশেষ দিনটোত নেহৰুক স্মৰণ কৰি বিভিন্নজনে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে।

Jawaharlal nehru: আধুনিক ভাৰতৰ জনক! ১৩৫ সংখ্যক জন্ম বাৰ্ষিকীত পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ...

জৱাহৰলাল নেহৰু

Published: 

14 Nov 2024 11:36 AM

প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটোত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উদযাপন কৰা হয়। পণ্ডিত নেহৰুৱে শিশুসকলক যথেষ্ঠ মৰম কৰিছিল, যাৰ বাবে দেশে এই দিনটো শিশু দিৱস হিচাপে পালন কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি আজি দেশৰ প্ৰায়ভাগ বিদ্যালয়তে বিভিন্ন অনুষ্ঠানৰ আয়োজন হৈছে। ভাষণ, গীত- মাত, কবিতা আদিৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰু চাচাক সকলোৱে স্মৰণ কৰিব। ইয়াৰোপৰি বিভিন্নজনে এই বিশেষ দিনটোত নেহৰুক স্মৰণ কৰিছে।

পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লিখিছে- ‘আধুনিক ভাৰতৰ জনক, প্ৰতিষ্ঠানৰ সৃষ্টিকৰ্তা, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক তেওঁ জন্ম জয়ন্তীত স্মৰণ। লোকতন্ত্ৰ, প্ৰগতিশীল, নিৰ্ভীক, দুৰদৰ্শী  হিন্দ জৱাহৰৰ এই মূল্য আমাৰ আদৰ্শ আৰু ভাৰতৰ আধাৰ স্তম্ভ।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে- প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো।’

 

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মালিকাৰ্জুন খাৰ্গে লিখিছে- যিজনে ভাৰতক শূন্যৰ পৰা শিখৰলৈ লৈ গ’ল, আধুনিক ভাৰতৰ স্থাপতি, যিজনে ভাৰতক বৈজ্ঞানিক, অৰ্থনৈতিক, উদ্যোগিক আৰু বিভিন্ন ক্ষেত্ৰত বিকাশশীল কৰি তুলিলে, যিজনে নিৰন্তৰভাৱে বৈচিত্ৰ্যত ঐক্যৰ বাৰ্তা প্ৰদান কৰিছিল… দেশ, গণতন্ত্ৰৰ নিৰ্ভীক ৰক্ষক আৰু আমাৰ প্ৰেৰণাৰ উৎস ‘হিন্দৰ জৱাহৰ’ৰ ১৩৫ সংখ্যক জন্ম বাৰ্ষিকীত তেখেতক স্মৰণ।

কংগ্ৰেছে ছ’চিয়েল মিডিয়া পেজত লিখিছে- “এনে এক চিন্তা যিয়ে স্বাধীন ভাৰতৰ বৰ্তমানক সুন্দৰ কৰি তোলাৰ লগতে ইয়াৰ সোণালী ভৱিষ্যতৰ ভেটি স্থাপন কৰিছিল। যিয়ে কঠিন পৰিস্থিতিত নিজৰ দক্ষ নেতৃত্ব আৰু দূৰদৰ্শিতাৰে দেশৰ অৱস্থা আৰু দিশ সলনি কৰিছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি”। ইয়াৰোপৰি আৰু বিভিন্নজনে নেহৰুক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

 

কিয় পালন কৰা হয় শিশু দিৱস

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু সদায় শিশুসকলৰ কল্যানৰ কথা চিন্তা কৰিছিল। শিশু আৰু তেওঁৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে শিশুসকলে তেওঁক মৰমতে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। শিশুৰ প্ৰতি থকা নেহৰুৰ অগাধ প্ৰেমৰ বাবে তেওঁৰ জন্ম দিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়। নেহৰুৰ মৃত্যু হৈছিল  ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতিমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হব।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!