5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা…

Jharkhand and maharashtra election: নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা…
মহাৰাষ্ট্ৰ, ঝাৰখণ্ড নিৰ্বাচন
barasha-sarma
Barasha Sarma | Updated On: 15 Oct 2024 17:32 PM

মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা তথ্য অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে দুয়োখন ৰাজ্যৰ ভোট গণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত। ইয়াৰ লগতে ১৩ খন ৰাজ্যৰ ৪৮ খন বিধানসভা আৰু ২ খন লোকসভা আসনৰ বাবে উপ- নিৰ্বাচনৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে ।

মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ নৱেম্বৰত। ২৯ অক্টোবৰত প্ৰাৰ্থীসকলে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ  ৮ নৱেম্বৰ। ইয়াৰ বিপৰীতে ২৩ নৱেম্বৰত ঘোষণা হ’ব ফলাফল। ভোট গ্ৰহণৰ বাবে মহাৰাষ্ট্ৰত ১ লাখ ১৮৬ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

ঝাৰখণ্ড

ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা হ’ব। ঝাৰখণ্ডত ৮১ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৰাজ্যখনত প্ৰায় ২.৬ কোটি ভোটাৰ আছে। ঝাৰখণ্ডৰ ২৯ হাজাৰ ৫৬২টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হ’ব। ইয়াত ২৪ হাজাৰ ৫২০ টা বুথ গ্ৰামাঞ্চলত থাকিব।

ইয়াৰ লগতে অসমৰ ৫খন, উত্তৰ প্ৰদেশক ৯ খন, ৰাজস্থানৰ ৭ খন, পশ্চিম বংগৰ ৬ খন, বিহাৰৰ ৪ খন, পঞ্জাৱৰ ৪ খন, কৰ্ণাটকৰ ৩ খন, কেৰালা ২ খন, মধ্য প্ৰদেশৰ ২ খন, ছিকিমৰ ২ খন, গুজৰাটৰ ১ খন, উত্তৰাখণ্ডৰ ১ খন আৰু চত্তিশগড়ৰ ১ খন আসনৰ বাবে বিধানসভা উপ- নিৰ্বাচন অনুষ্ঠিত হব। ৪৭ খন বিধানসভা আসনৰ উপ- নিৰ্বাচন ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে এখন আসনৰ নিৰ্বাচন ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব।

উপ- নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লোকসভা আসন কেইখন হ’ল- কেৰালাৰ বায়নাড আৰু মহাৰাষ্ট্ৰৰ নান্দেৰ। ইয়াৰে বায়নাডত ১৩ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব নান্দেৰত।  উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তাৰে দুয়োখন আসনতে তেওঁ জয় লাভ কৰিছিল। তাৰ পাছত তেওঁ বায়নাড আসনখন ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰা এই আসনখন খালী হৈ আছে। আনহাতে কংগ্ৰেছৰ সাংসদ বসন্তৰাও চাৱনৰ মৃত্যুৰ পাছৰে পৰা খালী হৈ আছে মহাৰাষ্ট্ৰৰ নান্দেৰ আসনখন।

 

Latest News