ভয়ংকৰ ৰে’ল দুৰ্ঘটনাঃ মুম্বাইলৈ যোৱা হাওৰা মেইল দুৰ্ঘটনাতপতিত, ৪০ জনৰো অধিক আহত – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাঃ মুম্বাইলৈ যোৱা হাওৰা মেইল দুৰ্ঘটনাতপতিত, ৪০ জনৰো অধিক আহত

মঙলবাৰে  পুৱা ৩.৪৩ বজাত এই ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে চক্ৰধৰপুৰ ৰেল বিভাগৰ মুখ্য কাৰ্যালযয়ে ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰে।  এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে।

ভয়ংকৰ ৰেল দুৰ্ঘটনাঃ মুম্বাইলৈ যোৱা হাওৰা মেইল দুৰ্ঘটনাতপতিত, ৪০ জনৰো অধিক আহত

ৰে'ল দুৰ্ঘটনা

Updated On: 

30 Jul 2024 09:06 AM

দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ঝাৰখণ্ডৰ চক্ৰধৰপুৰত হাওৰাৰ পৰা মুম্বাইলৈ যোৱা হাওৰা মেইল  দুৰ্ঘটনাতপতিত হয়। লাইনচ্যুত হোৱা লগে লগে ৰে’লখনৰ ১৮ টাকৈ ডবা বাগৰি যায়। এই দুৰ্ঘটনাৰ ফলত ৪০ জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ১৮ টা শিশুও আছে। এই দুৰ্ঘটনাত কিছু লোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। অৱশ্যে ৰে’লৱে আৰু স্থানীয় আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকৰ মৃত্যু নিশ্চিত কৰা নাই।

এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজখৰস্ৱান আৰু বদাবাম্বোৰ মাজত। দুৰ্ঘটনাৰ সময়ত হাওৰা মেইল ​​পশ্চিম বংগৰ হাওৰাৰ পৰা চি এছ এম টি মুম্বাইলৈ গৈ আছিল। ৰে’লৱেৰ বিষয়াসকলৰ মতে, এই ৰে’লখন ৰাজখৰস্ৱানৰ পৰা বদাবাম্বো অভিমুখে গতি কৰাৰ সময়ত মালবাহী ৰে’ল এখনৰ সমীপত দুৰ্ঘটনাতপতিত হয়। অন্য এটা লাইনত থকা মালবাহী ৰে’লখনত এই ৰে’লখনে খুন্দা মাৰে বুলি জানিব পৰা গৈছে।  ঝাৰখণ্ডৰ চক্ৰধৰপুৰত হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-চি এছ এম টি মেইলৰ কেইবাখনো ডবা ৰে’লপথৰ বিচ্ছিন্ন হৈ যায়।

 

ৰে’ল দুৰ্ঘটনা

জানিব পৰা মতে মঙলবাৰে  পুৱা ৩.৪৩ বজাত এই ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে চক্ৰধৰপুৰ ৰে’ল বিভাগৰ মুখ্য কাৰ্যালযয়ে ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰে।  এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে। আহতসকলক ইতিমধ্যে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এই পথটোৰে গতি কৰিবলগীয়া অন্য ৰে’লৰ চলাচল ইতিমধ্যে বাতিল কৰা হৈছে। ৰে’লৱেৰ তৰফৰ পৰা জাৰি কৰিছে হেল্পলাইন নম্বৰ।

ৰে’ল দুৰ্ঘটনাৰ কিছু ফটো পোহৰলৈ আহিছে। যত ৰে’লৰ ডবাবোৰ বিচ্ছিন্ন হৈ পৰি থকা দেখা গৈছে। ৰে’লখনৰ এগৰাকী যাত্ৰীয়ে কোৱা অনুসৰি- আমি শুই আছিলো। হঠাতে ৰে’লখন তীব্ৰ এক জোকাৰণিৰ সৃষ্টি কৰি লাইচ্যুত হৈ পৰিছিল। লগে লগে যাত্ৰীসকলৰ মাজ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তদন্ত পোহৰলৈ অহাৰ সম্ভাৱণা।

উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইটামান দিনত বহু ৰে’ল দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাতপতিত হৈছিল যাৰ ফলত প্ৰায় ১০ জনলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আঘাতপ্ৰাপ্ত হৈছিল। কেৱল এয়াই নহয়, চলিত বৰ্ষত কেইবাটাও ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে যিয়ে বহু মানুহৰ প্ৰাণ কাঢ়িছে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...