শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দল ত্যাগ কৰাৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী! ইতিমধ্যে বাসগৃহৰ পৰা আঁতৰ কৰিলে দলীয় পতাকা…

দল ত্যাগ কৰাৰ দিশে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰ কৰিছে দলৰ নাম। ইমানেই নহয়, বাসগৃহৰ পৰাও আঁতৰ কৰিছে দলৰ পতাকা। যাৰ বাবে অন্য দলত যোগদান কৰাৰ সম্ভাৱণা বৃদ্ধি পাইছে।

দল ত্যাগ কৰাৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী! ইতিমধ্যে বাসগৃহৰ পৰা আঁতৰ কৰিলে দলীয় পতাকা…
চম্পাই ছোৰেন
barasha-sarma
Barasha Sarma | Published: 18 Aug 2024 17:46 PM

নিজ দল ত্যাগ কৰাৰ দিশে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। বিভিন্ন মহলত চলি থকা আলোচনাৰ মাজতেই এই আলোচনাত পুনৰ সাৰ পানী দিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কাণ্ডই। ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ বায়’ৰ পৰা আঁতৰ কৰিছে নিজ দলৰ নাম। ইয়াৰ পাছতেই এতিয়া বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে অতি শীঘ্ৰেই ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চ’ম্পাই ছোৰেনে দলত্যাগ কৰি যোগদান কৰিব বিজেপিত। চ’ম্পাই ছোৰেনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা জে এম এম নাম আঁতৰ কৰিছে। ইয়াৰ সলনি বায়’ত কেৱল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰিছে।

এই সকলোবোৰৰ মাজতেই চ’ম্পাই ছোৰেন অন্য কেইজনমান বিধায়কৰ সৈতে দিল্লীত উপস্থিত হয়। তেওঁৰ লগত আছে চমৰা লিংডা, লোবিন হেমব্ৰোম, দশৰথ গগৰাই, ৰামদাস ছোৰেন, সমীৰ মোহন্তি আদি। দিল্লীত উপস্থিত হোৱাৰ লগে লগে চেৰাইকেলা বিধানসভা সমষ্টিৰ বিধায়ক (JMM) চ’ম্পাই ছোৰেনক বিজেপিত যোগদানৰ বিষয়ে সোধাত তেওঁ ব্যক্তিগত কামৰ বাবে দিল্লীলৈ আহিছে বুলি কয়।  চ’ম্পাই ছোৰেন প্ৰথমে কলকাতা গৈছিল আৰু তাৰ পৰা দেওবাৰে দিল্লীলৈ আহে। দিল্লীত উপস্থিত হোৱাৰ পাছতেই তেওঁ ছ’চিয়েল মিডিয়াৰ বায়’ পৰা এই সকলো সলনি কৰে।

চ’ম্পাই ছোৰেনৰ পূৰ্বপুৰুষৰ ঘৰ ঝাৰখণ্ডৰ ছেৰাইকেলা-খাৰছাৱান জিলাৰ জিলিংগোডাত। এই ঘৰত তেওঁ সদায় আঁৰি ৰাখিছিল জে এম এমৰ পতাকা কিন্তু এতিয়া সেই ঘৰৰ পৰাও আঁতৰ কৰি দিছে পতাকা। অৱশ্যে এই সন্দৰ্ভত তেওঁৰ পৰিয়ালৰলোকে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই।

চ’ম্পাই ছোৰেনৰ বিজেপিত যোগদানৰ সম্ভাৱণা সন্দৰ্ভত ঝাৰখণ্ড কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কেশৱ মেহটোৱে কয় যে এই সকলোবোৰ উৰা বাতৰি আৰু জল্পনা-কল্পনাহে। চ’ম্পাই ছোৰেন কন্যাক লগ কৰিবলৈ দিল্লীলৈ গৈছে। তেওঁ কয়, চ’ম্পাই ছোৰেনৰ মনত কোনো ক্ষোভ নাই। তেওঁ দল এৰি কতো নাযায়। এয়া সকলো উৰাবাতৰি।

উল্লেখ্য যে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে চ’ম্পাই ছোৰেনক নিযুক্তি দিয়া হৈছিল। কিন্তু হেমন্ত ছোৰেন জেলৰ পৰা বাহিৰ হোৱাৰ পাছত পুনৰ তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। দাবী অনুসৰি, ইয়াকে লৈ চ’ম্পাই ছোৰেন ক্ষোভিত হৈ আছে। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও চ’ম্পাই ছোৰেনৰ হৈ মাত মাতিছিল।তেওঁ কৈছিল যে ”জেএমএম আৰু কংগ্ৰেছ দলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা এজন জ্যেষ্ঠ জনজাতীয় নেতাক অপসাৰণ কৰা দুখজনক। মই নিশ্চিত যে ঝাৰখণ্ডৰ ৰাইজে এই কাৰ্যক তীব্ৰ গৰিহণা দি দৃঢ়তাৰে নাকচ কৰিব”।

 

Latest News